1. [QS]যি মানুহে বাৰে বাৰে অনুযোগ পায়ো নিজৰ ডিঙি ঠৰ কৰে, [QE][QS]সুস্থ হ’ব নোৱাৰাকৈ তেওঁ হঠাতে ভগ্ন হ’ব। [QE]
2. [QS]সৎ কাৰ্য কৰা লোক যেতিয়া বৃদ্ধি পায়, তেতিয়া লোকসকল আনন্দ কৰে। [QE][QS]কিন্তু যেতিয়া এজন দুষ্টলোক শাসনকৰ্ত্তা হয়, তেতিয়া লোকসকল বিৰক্তি পায়। [QE]
3. [QS]যি জনে প্ৰজ্ঞাক ভাল পায়, সেই জনে নিজৰ পিতৃক আনন্দিত কৰে; [QE][QS]কিন্তু যি কোনোৱে বেশ্যাসকলৰ সৈতে সঙ্গী হয়, তেওঁ নিজৰ ধন-সম্পত্তি অপব্যয় কৰে। [QE]
4. [QS]ৰজাই ন্যায় বিচাৰ কৰাৰ দ্বাৰাই দেশ প্রতিষ্ঠা কৰে; [QE][QS]কিন্তু যিজনে উপহাৰ দাবী কৰে, সেই জনে দেশ নষ্ট কৰে। [QE]
5. [QS]যি মানুহে নিজৰ চুবুৰীয়াক তোষামোদ কৰে, [QE][QS]তেওঁ নিজৰ ভৰিলৈ জাল পাতে। [QE]
6. [QS]দুষ্ট লোক নিজৰ পাপৰ দ্বাৰাই ফান্দত পৰে; [QE][QS]কিন্তু সৎ কাৰ্য কৰে, সেই জনে হৰ্ষিত মনেৰে গীত গায়। [QE]
7. [QS]ন্যায় কাৰ্য কৰা লোকে দৰিদ্র লোকৰ হৈ ওকালতি কৰে; [QE][QS]কিন্তু দুষ্ট লোকে সেই জ্ঞানৰ কথা বুজি নাপায়। [QE]
8. [QS]নিন্দক লোকে নগৰত জুই জ্বলাই; [QE][QS]কিন্তু যি সকল জ্ঞানী, তেওঁলোকে ক্ৰোধৰ পৰা আঁতৰি থাকে। [QE]
9. [QS]যেতিয়া অজ্ঞানী লোকৰ লগত জ্ঞানী লোকৰ বিবাদ হয়, [QE][QS]তেতিয়া তেওঁ ক্রোধিত হৈ হাঁহে, আৰু কোনো শান্তি লাভ নকৰে। [QE]
10. [QS]নিৰ্দ্দোষী লোকক ৰক্তপাতকাৰী সকলে ঘিণ কৰে; [QE][QS]কিন্তু সৰল লোকসকলৰ প্রাণ বিচাৰি ফুৰে। [QE]
11. [QS]অজ্ঞানী লোকে নিজৰ মনৰ সকলো ভাব প্ৰকাশ কৰে; [QE][QS]কিন্তু জ্ঞানী লোকে নিজৰ মনৰ ভাব দমন কৰি শান্ত হৈ থাকে। [QE]
12. [QS]যি শাসনকৰ্ত্তাই মিছা কথালৈ মনোযোগ দিয়ে, [QE][QS]তেওঁৰ সকলো কৰ্মচাৰী দুষ্ট প্রকৃতিৰ হয়। [QE]
13. [QS]দৰিদ্ৰ আৰু অত্যাচাৰী লোক দুয়ো একেলগ হয়; [QE][QS]আৰু যিহোৱাই দুয়ো জনৰ চকুত পোহৰ দিয়ে। [QE]
14. [QS]যদি ৰজাই সত্যতাৰে দৰিদ্ৰ লোকৰ বিচাৰ কৰে, [QE][QS]তেতিয়া তেওঁৰ সিংহাসন চিৰকালৰ বাবে প্রতিষ্ঠিত হয়। [QE]
15. [QS]চেকনী আৰু দোষাৰোপে প্ৰজ্ঞা দিয়ে; [QE][QS]কিন্তু শাসন নকৰা সন্তানে নিজৰ মাতৃক লাজ দিয়ে। [QE]
16. [QS]যেতিয়া দুষ্টলোক বৃদ্ধি হয়, তেতিয়া অপৰাধো বৃদ্ধি হয়; [QE][QS]কিন্তু যি সকলে ন্যায় কাৰ্য কৰে, তেওঁলোকে তেওঁলোকৰ পতন দেখা পাই। [QE]
17. [QS]তোমাৰ সন্তানক অনুশাসন কৰা; তাতে তেওঁ তোমাক শান্তি দিব, [QE][QS]আৰু তোমাৰ প্ৰাণক আনন্দিত কৰিব। [QE]
18. [QS]যি ঠাইত ভবিষ্য দৰ্শনৰ অভাৱ থাকে, তাত লোকসকল অবাধ্য হয়; [QE][QS]কিন্তু যিজনে বিধান পালন কৰে, সেই জন সুখী হয়। [QE]
19. [QS]কথাৰ দ্বাৰাই দাসক শুধৰাব নোৱাৰি; [QE][QS]যদিও তেওঁ বুজি পায়, তথাপিও তেওঁ প্রতিক্রিয়া নকৰে। [QE]
20. [QS]দ্রুতগতিত কথা কোৱা লোকক চোৱা; [QE][QS]তেওঁতকৈ অজ্ঞানী লোকৰ অধিক আশা আছে। [QE]
21. [QS]যি জনে নিজৰ দাসক যৌৱন কালৰে পৰা প্রশ্রয় দিয়ে, [QE][QS]ইয়াৰ কাৰণে সেই দাসে শেষত সমস্যাত পেলায়। [QE]
22. [QS]ক্রোধি লোকে বিবাদ সৃষ্টি কৰে, [QE][QS]আৰু ক্ৰোধেৰে পৰিচালিত লোকে অধিক পাপ কৰে। [QE]
23. [QS]মানুহৰ অহঙ্কাৰে তেওঁক নত কৰায়; [QE][QS]কিন্তু যিজনৰ নম্ৰ গুণ থাকে, তেওঁক সন্মান দিয়া হ’ব। [QE]
24. [QS]যি জনে চোৰৰ সৈতে অংশীদাৰ হয়, সেই জনে নিজৰ প্ৰাণক ঘিণ কৰে; [QE][QS]শাও দিয়া শুনিও তেওঁ একো নকয়। [QE]
25. [QS]মানুহৰ ভয়েই তেওঁলৈ বিপদ আনে; [QE][QS]কিন্তু যিজনে যিহোৱাত ভাৰসা কৰে, সেই জন নিৰাপদে থাকে। [QE]
26. [QS]অনেক লোকে শাসনকৰ্ত্তাৰ অনুগ্ৰহ বিচাৰে; [QE][QS]কিন্তু তেওঁৰ বাবে যিহোৱাৰ পৰাহে ন্যায় আহে। [QE]
27. [QS]অন্যায়কাৰী মানুহ ন্যায় কৰা লোকসকলৰ বাবে ঘৃণনীয়; [QE][QS]কিন্তু ন্যায়পৰায়ণ লোকৰ পথ দুষ্ট লোকৰ বাবে ঘৃণনীয়। [QE]