1. {বাবিল, ইদোম, আৰু আৰবৰ বিষয়ে কোৱা ভাববাণী। সাগৰৰ তীৰৰ মৰুভূমি বিষয়ে ঘোষণা। } [PS]সাগৰৰ তীৰৰ মৰুভূমিৰ বিষয়ে কৰা ঘোষণা। [PE][QS]দক্ষিণ অঞ্চলত বা’মৰলী বতাহ বেগেৰে চলাৰ দৰে, [QE][QS]এখন ভয়ানক দেশৰ পৰা আৰু অৰণ্যৰ পৰা পাৰ হৈ আছে। [QE]
2. [QS]এটি বেদনাদায়ক দৰ্শন মোক দেখুৱা হৈছে; [QE][QS]বিশ্বাসঘাতকে বিশ্বাসঘাতকতা আচৰণ কৰে, আৰু বিনাশকাৰীয়ে বিনাশ কৰে। [QE][QS]হে এলম, উঠি যোৱা, আৰু আক্রমণ কৰা; হে মাদিয়া, অবৰোধ কৰা; [QE][QS]মই তেওঁৰ সকলো ক্রন্দন শান্ত কৰিলোঁ। [QE]
3. [QS]এই কাৰণে মোৰ কঁকাল বেদনাৰে পূৰ হৈছে; [QE][QS]প্ৰসৱ কৰিব লোৱা মহিলাৰ বেদনাৰ দৰে বেদনা মোৰ হৈছে; [QE][QS]মই যি শুনিলো তাৰ দ্বাৰাই মোৰ আঁঠু কুচ গৈছে; আৰু যি দেখিলোঁ তাৰ দ্বাৰাই মোৰ শান্তিভঙ্গ হৈছে, [QE]
4. [QS]মোৰ হৃদয় চূৰ্ণ হৈছে; কম্পমানে মোক অতিক্রম কৰিছে; [QE][QS]সেই নিশা মই যি ইচ্ছা কৰি আছিলোঁ, সেইয়া মোক কম্পমান কৰিবলৈ ঘূৰি আহিছিল। [QE]
5. [QS]তেওঁলোকে মেজ যুগুত কৰিছিল, আৰু ভোজন পান কৰিবলৈ মেজত কাপোৰ পাৰিছিল; [QE][QS]হে সেনাপতিসকল উঠা, ঢালত তেল ঘঁহা। [QE]
6. [QS]কিয়নো প্ৰভুৱে মোক এই দৰে কৈছে, [QE][QS]“যোৱা, এজন প্রহৰী নিযুক্ত কৰা; তেওঁ যি দেখিব, সেই বিষয়ে নিশ্চয় তেওঁ সংবাদ দিব। [QE]
7. [QS]যেতিয়া তেওঁ অশ্বাৰোহীৰ সৈতে এটা ৰথক দেখিব, [QE][QS]আৰু গাধ, উটবোৰত আৰোহী দেখিব, [QE][QS]তেতিয়া তেওঁ মনোযোগ দিব লাগিব আৰু অতি সচেতন হ’ব লাগিব।” [QE]
8. [QS]সেই প্রহৰীজনে ৰিঙিয়াই ক’লে, [QE][QS]“হে প্ৰভু, মই প্রতিদিনে প্ৰহৰী স্তম্ভত দিনটো থিয় হৈ থাকো, [QE][QS]আৰু ওৰে ৰাতি পৰ দিয়া ঠাইত মই থিয় হৈ থাকো।” [QE]
9. [QS]ৰথচালকৰ সৈতে সৈন্য, আৰু যোৰকৈ অশ্বাৰোহী ইয়ালৈ আহিছে। [QE][QS]তেওঁ চিঞৰী ক’লে, “বাবিল পতিত হ’ল; [QE][QS]আৰু দেৱতাবোৰৰ সকলো মূৰ্ত্তিবোৰ ভাঙি মাটিত পৰিছে।” [QE]
10. [QS]হে মোৰ মৰণা মৰা আৰু পৰিষ্কাৰ জন, হে মোৰ মৰণা মৰা ঠাইৰ সন্তান, [QE][QS]ইস্ৰায়েলৰ ঈশ্বৰ আৰু বাহিনীসকলৰ যিহোৱাৰ পৰা মই যি শুনিলোঁ, [QE][QS]সেই কথা মই তোমালোকক ঘোষণা কৰিলোঁ। [QE]
11. [PS]দুমা[* দুমা মানে হ’ল নীৰৱ। ই ইদোমৰ আন এটা নাম। ইয়াত ইদোম ৰাজ্যৰ বিষয়ে কৈছে। ]ৰ বিষয়ে ঘোষণা। [QE][PS]চেয়ীৰ [† চিয়েৰ হ’ল ইদোমৰ আন এটা নাম। ]ৰ পৰা এজনে মোক মাতি কৈছে, “হে প্ৰহৰী, ৰাতিৰ কিমান ভাগ গ’ল? হে প্ৰহৰী, ৰাতিৰ কিমান ভাগ গ’ল?”
12. প্ৰহৰীয়ে উত্তৰ দিলে, “ৰাতিপুৱা হৈছে, আৰু ৰাতিও আহিছে; যদি আপুনি সুধিব, সোধক; আৰু তাৰ পাছত পুনৰ ঘূৰি আহক।” [QE]
13. [QS]আৰবৰ বিষয়ে ঘোষণা। [QE][QS]হে দদানীয়া পথিকসকল, তোমালোকে আৰবৰ অৰণ্যত ৰাতি থাকিব লাগিব। [QE]
14. [QS]তৃষ্ণাতুৰ লোকসকলৰ বাবে পানী আনা; [QE][QS]তেমা দেশৰ নিবাসীসকলক আহাৰৰ সৈতে সাক্ষাৎ কৰা। [QE]
15. [QS]কিয়নো তেওঁলোক তৰোৱাল, খোলা তৰোৱালৰ পৰা পলাই অহা, [QE][QS]ভিৰোৱা ধেনু, আৰু কষ্টদায়ক যুদ্ধৰ পৰা পলাইছে। [QE]
16. [PS]সেই বাবে প্ৰভুৱে মোক কৈছে, “এবছৰৰ ভিতৰত হাজিৰাত কাম কৰা মানুহৰ দৰে কেদৰ[‡ কেদৰ হ’ল, মৰুপ্ৰান্তত থকা এখন আৰবীয় দেশ। ]ৰ সকলো গৌৰৱ লুপ্ত হ’ব।
17. আৰু কেদৰৰ বংশৰ বীৰ পুৰুষ ধনুৰ্দ্ধৰসকলৰ অৱশিষ্ট সংখ্যা তাকৰ হ’ব;” কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে। [QE]