অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {#1দায়ুদৰ ৰচিত গীত } [QS]যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ; [QE][QS]মই কাক ভয় কৰিম? [QE][QS]যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ, [QE][QS]মই কাৰ বাবে ত্ৰাসযুক্ত হম? [QE]
2. [QS]দুষ্টবোৰে যেতিয়া মোৰ মাংস খাবলৈ ওচৰলৈ আহে, [QE][QS]তেতিয়া মোৰ সেই শত্রু আৰু বিৰোধীবোৰ উজুতি খাই পৰে। [QE]
3. [QS]সৈন্যৰ দলেও যদি মোৰ বিৰুদ্ধে ছাউনি পাতে, [QE][QS]মোৰ হৃদয়ে ভয় নকৰিব; [QE][QS]মোৰ বিৰুদ্ধে যদি যুদ্ধও আৰম্ভ হয়, [QE][QS]তেতিয়াও মই সাহসেৰে থাকিম। [QE]
4. [QS]যিহোৱাৰ ওচৰত মই এটা বিষয় যাচনা কৰিছোঁ, [QE][QS]মই তাকেই অন্বেষণ কৰিম: [QE][QS]মই যেন যিহোৱাৰ সৌন্দর্য দেখা পাবলৈ, [QE][QS]আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ [QE][QS]মোৰ গোটেই জীৱন কাল যিহোৱাৰ গৃহত বাস কৰিব পাৰোঁ। [QE]
5. [QS]আপদৰ কালত তেওঁ মোক নিজ আশ্রয়ত গুপুতে ৰাখিব, [QE][QS]নিজৰ তম্বুত মোক লুকুৱাই ৰাখিব; [QE][QS]তেওঁ মোক শিলৰ ওপৰত তুলি থব। [QE]
6. [QS]যি শত্রুবোৰে মোক চাৰিওফালে বেৰি ধৰিছে, [QE][QS]তেওঁলোকতকৈ মোৰ মূৰ উন্নত হব; [QE][QS]মই তেওঁৰ তম্বুত আনন্দ জয়ধ্বনিৰে বলি উৎসৰ্গ কৰিম। [QE][QS]মই যিহোৱাৰ উদ্দেশ্যে গীত-গান কৰিম! [QE]
7. [QS]হে যিহোৱা, মই মাতিলে, তুমি শুনা। [QE][QS]মোক কৃপা কৰা, মোক উত্তৰ দিয়া! [QE]
8. [QS]মোৰ হৃদয়ে[* মোৰ হৃদয়ে তুমি কোৱা ] তোমাৰ এই কথাকে ক’লে, “আহাঁ, তোমালোকে মোৰ সাক্ষাৎ পাবলৈ বিচাৰা।” [QE][QS]হে যিহোৱা, মই তোমাৰ সাক্ষাৎ পাবলৈ বিচাৰো। [QE]
9. [QS]তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা; [QE][QS]ক্ৰোধত তুমি তোমাৰ দাসক দূৰ নকৰিবা। [QE][QS]তুমিয়েই মোৰ সহায় হৈ আহিছা; [QE][QS]হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, মোক নেৰিবা, মোক পৰিত্যাগ নকৰিবা! [QE]
10. [QS]মোৰ পিতৃ-মাতৃয়ে মোক ত্যাগ কৰিলেও, যিহোৱাই মোক তুলি লব। [QE]
11. [QS]হে যিহোৱা, [QE][QS]মোৰ শত্রুবোৰৰ কাৰণে, [QE][QS]তুমি মোক তোমাৰ পথ শিকোৱা; [QE][QS]তুমি মোক সমান পথত চলোৱা। [QE]
12. [QS]মোৰ বিৰোধীবোৰৰ ইচ্ছাত তুমি মোক সমর্পণ নকৰিবা; [QE][QS]কিয়নো মিছা সাক্ষীবোৰ মোৰ বিৰুদ্ধে উঠিছে; [QE][QS]তেওঁলোকৰ প্রশ্ৱাসত অত্যাচাৰ ওলাই আহে। [QE]
13. [QS]মই বিশ্বাস কৰোঁ যে, [QE][QS]জীৱিতসকলৰ দেশত মই যিহোৱাৰ মঙ্গল দেখা পাম[† যেতিয়া মই জীৱিতসকলৰ দেশত আশা নকৰি যিহোৱাৰ মঙ্গল দেখা পাম বুলি বাট চাওঁ, তেতিয়া মই নিৰাশ হৈ মৰাৰ দৰে হওঁ। ]! [QE]
14. [QS]তুমি যিহোৱালৈ অপেক্ষা কৰা; [QE][QS]সবল হোৱা; [QE][QS]তোমাৰ অন্তঃকৰণ সাহিয়াল হওঁক; [QE][QS]পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা। [QE]
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 27 / 150
দায়ুদৰ ৰচিত গীত 1 যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ; মই কাক ভয় কৰিম? যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ, মই কাৰ বাবে ত্ৰাসযুক্ত হম? 2 দুষ্টবোৰে যেতিয়া মোৰ মাংস খাবলৈ ওচৰলৈ আহে, তেতিয়া মোৰ সেই শত্রু আৰু বিৰোধীবোৰ উজুতি খাই পৰে। 3 সৈন্যৰ দলেও যদি মোৰ বিৰুদ্ধে ছাউনি পাতে, মোৰ হৃদয়ে ভয় নকৰিব; মোৰ বিৰুদ্ধে যদি যুদ্ধও আৰম্ভ হয়, তেতিয়াও মই সাহসেৰে থাকিম। 4 যিহোৱাৰ ওচৰত মই এটা বিষয় যাচনা কৰিছোঁ, মই তাকেই অন্বেষণ কৰিম: মই যেন যিহোৱাৰ সৌন্দর্য দেখা পাবলৈ, আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ মোৰ গোটেই জীৱন কাল যিহোৱাৰ গৃহত বাস কৰিব পাৰোঁ। 5 আপদৰ কালত তেওঁ মোক নিজ আশ্রয়ত গুপুতে ৰাখিব, নিজৰ তম্বুত মোক লুকুৱাই ৰাখিব; তেওঁ মোক শিলৰ ওপৰত তুলি থব। 6 যি শত্রুবোৰে মোক চাৰিওফালে বেৰি ধৰিছে, তেওঁলোকতকৈ মোৰ মূৰ উন্নত হব; মই তেওঁৰ তম্বুত আনন্দ জয়ধ্বনিৰে বলি উৎসৰ্গ কৰিম। মই যিহোৱাৰ উদ্দেশ্যে গীত-গান কৰিম! 7 হে যিহোৱা, মই মাতিলে, তুমি শুনা। মোক কৃপা কৰা, মোক উত্তৰ দিয়া! 8 মোৰ হৃদয়ে* মোৰ হৃদয়ে তুমি কোৱা তোমাৰ এই কথাকে ক’লে, “আহাঁ, তোমালোকে মোৰ সাক্ষাৎ পাবলৈ বিচাৰা।” হে যিহোৱা, মই তোমাৰ সাক্ষাৎ পাবলৈ বিচাৰো। 9 তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা; ক্ৰোধত তুমি তোমাৰ দাসক দূৰ নকৰিবা। তুমিয়েই মোৰ সহায় হৈ আহিছা; হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, মোক নেৰিবা, মোক পৰিত্যাগ নকৰিবা! 10 মোৰ পিতৃ-মাতৃয়ে মোক ত্যাগ কৰিলেও, যিহোৱাই মোক তুলি লব। 11 হে যিহোৱা, মোৰ শত্রুবোৰৰ কাৰণে, তুমি মোক তোমাৰ পথ শিকোৱা; তুমি মোক সমান পথত চলোৱা। 12 মোৰ বিৰোধীবোৰৰ ইচ্ছাত তুমি মোক সমর্পণ নকৰিবা; কিয়নো মিছা সাক্ষীবোৰ মোৰ বিৰুদ্ধে উঠিছে; তেওঁলোকৰ প্রশ্ৱাসত অত্যাচাৰ ওলাই আহে। 13 মই বিশ্বাস কৰোঁ যে, জীৱিতসকলৰ দেশত মই যিহোৱাৰ মঙ্গল দেখা পাম[† যেতিয়া মই জীৱিতসকলৰ দেশত আশা নকৰি যিহোৱাৰ মঙ্গল দেখা পাম বুলি বাট চাওঁ, তেতিয়া মই নিৰাশ হৈ মৰাৰ দৰে হওঁ। ]! 14 তুমি যিহোৱালৈ অপেক্ষা কৰা; সবল হোৱা; তোমাৰ অন্তঃকৰণ সাহিয়াল হওঁক; পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 27 / 150
×

Alert

×

Assamese Letters Keypad References