1. [PS]তুমি জানো বৰশীৰে লিবিয়াথন জন্তুক তুলিব পাৰা? [PE][QS]বা ৰচিৰে তাৰ জিভা বান্ধিব পাৰা? [QE]
2. [QS]তুমি তাৰ নাকত নাকী লগাব পাৰা নে? [QE][QS]বা বৰশীৰে তাৰ কেৱাৰি বিন্ধাব পাৰা নে? [QE]
3. [QS]সি জানো তোমাৰ আগত বৰকৈ কাবৌ কাকুতি কৰিব? [QE][QS]বা তোমাক জানো কোমল কথা ক’ব? [QE]
4. [QS]তুমি তাক চিৰকাললৈকে তোমাৰ দাস কৰি ল’বৰ কাৰণে, [QE][QS]সি তোমাৰ লগত কোনো চুক্তি কৰিব নে? [QE]
5. [QS]চৰাই এটিৰ লগত ওমলাৰ দৰে তুমি তাৰ লগতো উমলিবা নে? [QE][QS]বা তোমাৰ দাসীবোৰৰ বাবে তুমি তাক বান্ধি ৰাখিবা নে? [QE]
6. [QS]মাছমৰীয়াহঁতে তাক বেচা-কিনা কৰিব নে? [QE][QS]সিহঁতে মুদৈবিলাকৰ মাজত তাক জানো ভাগ বাঁটি দিব? [QE]
7. [QS]তুমি জানো তাৰ ছাল শেলেৰে, [QE][QS]বা তাৰ মূৰ মাছ খোচা কোলেৰে জানো পুৰ কৰিব পাৰিবা? [QE]
8. [QS]তাৰ গাত হাত দি চাবাচোন; [QE][QS]হাত দিলে, সেই যুঁজক সুঁৱৰি আকৌ তেনে নকৰিবা। [QE]
9. [QS]চোৱা, তাক ধৰিবলৈ আশা কৰা বৃথা? [QE][QS]তাক দেখিলেই মানুহ পৰি নাযাব নে? [QE]
10. [QS]এনে হিংস্র লিবিয়াথনক জোকাব পৰা সাহিয়াল কোনো নাই; [QE][QS]তেনেহলে মোৰ আগত থিয় হ’ব পৰা কোন আছে? [QE]
11. [QS]আগেয়ে কোনে মোক কিবা দিছিল, যাৰবাবে মই যে কিবা ওভতাই দিম? [QE][QS]আকাশ-মণ্ডলৰ তলত থকা সকলো মোৰেই। [QE]
12. [QS]মই লিবিথিয়ানৰ ভৰিৰ বিষয়ে নকোৱাকৈ মনে মনে নাথাকোঁ, [QE][QS]নাইবা তাৰ মহাবল আৰু গাৰ সুন্দৰ গঠনৰ বিষয়ে মই নোকোৱাকৈ নাথাকোঁ। [QE]
13. [QS]তাৰ ওপৰৰ আচ্ছাদন কোনে গুচাব পাৰে? [QE][QS]কোনে তাৰ শক্তিশালী বৰ্মৰ মাজলৈ কোনে সোমাব পাৰে? [QE]
14. [QS]তাৰ মুখৰ দুৱাৰ দুখলপা কোনে মেলিব পাৰে? [QE][QS]তাৰ দাঁতৰ চাৰিওফালে ভয় থাকে। [QE]
15. [QS]তাৰ পিঠিভাগ ঢালৰ শাৰীৰে গঢ়া; [QE][QS]সেইবোৰ মোহৰ মৰাৰ দৰে দৃঢ়ৰূপে লগোৱা আছে। [QE]
16. [QS]সেইবোৰ এটাৰ লগত আনটো এনেদৰে লগলাগি আছে, [QE][QS]তাৰ ভিতৰলৈ বায়ুও সোমাব নোৱাৰে। [QE]
17. [QS]সেইবোৰ ইটোৱে সিটোৰ লগত সংযুক্ত; [QE][QS]একেলগে সংলগ্ন, সেইবোৰক পৃথক কৰিব নোৱাৰি। [QE]
18. [QS]তাৰ হাঁচিয়ে দীপ্তি প্ৰকাশ কৰে; [QE][QS]তাৰ চকু অৰুণৰ পিৰঠিৰ নিচিনা। [QE]
19. [QS]তাৰ মুখৰ পৰা জ্বলি থকা জোঁৰ বাহিৰ হয়; [QE][QS]জুইৰ ফিৰিঙটি ওলায়। [QE]
20. [QS]উতলি থকা কেটলিৰ পৰা গৰম ভাপ ওলোৱাৰ দৰে, [QE][QS]তাৰ নাকৰ পৰা ধোঁৱা ওলাই। [QE]
21. [QS]তাৰ নিশ্বাসে এঙাৰ জ্বলায়, [QE][QS]তাৰ মুখৰ পৰা অগ্নি শিখা বাহিৰ হয়। [QE]
22. [QS]তাৰ ডিঙিত বল থাকে, [QE][QS]আৰু ত্ৰাসে তাৰ আগত নাচি থাকে। [QE]
23. [QS]তাৰ গাৰ ওলমি থকা ভাগ ডাঠকৈ লগা, [QE][QS]সেয়ে তাৰ গাত আট খাই ধৰা, লৰাব নোৱাৰি। [QE]
24. [QS]তাৰ কলিজা শিলৰ নিচিনা টান, (সি ভয়হীন); [QE][QS]এনে কি, জাত শিলৰ তল চলাৰ নিচিনা টান। [QE]
25. [QS]যেতিয়া সি নিজে থিয় হয়, তেতিয়া বলৱানসকলেও ভয় পায়, [QE][QS]আৰু ত্ৰাসৰ কাৰণে বিতত হয়। [QE]
26. [QS]যদি কোনোবাই তৰোৱালেৰে তাক আঘাত কৰে, তেতিয়াও তাৰ একো নহব, [QE][QS]বা তালৈ যাঠী, কাঁড়, বা শেল মাৰিলে সকলো মিছা হব। [QE]
27. [QS]সি লোহাক খেৰৰ নিচিনা দেখে, [QE][QS]আৰু পিতলক পচা কাঠ যেন জ্ঞান কৰে। [QE]
28. [QS]ধনুৰ কাঁড়ে তাক খেদাব নোৱাৰে; [QE][QS]ফিঙ্গাৰ শিলবোৰো তাৰ আগত তুঁহৰ দৰেহে হয়। [QE]
29. [QS]সি গদাক ঘুলা যেন মানে, [QE][QS]আৰু সশব্দে ঘূৰি ঘূৰি অহা বৰছাৰ শব্দত সি হাঁহে, [QE]
30. [QS]তাৰ তল ভাগ ঘেৰ থকা খোলাৰ নিচিনা; [QE][QS]সি বোকাৰ ওপৰেদি যাওঁতে মৰণা মৰা যন্ত্ৰ যেন হয়। [QE]
31. [QS]সি অগাধ জলক, উতলোৱা কেৰাহিৰ পানী যেন কৰে, [QE][QS]আৰু সমুদ্ৰক সুগন্ধি তেল যেন কৰে। [QE]
32. [QS]সি নিজৰ পাছফালে থকা বাট চিকমিকীয়া কৰে, [QE][QS]আৰু অগাধ জলক তাৰ পকাচুলীয়া যেন বোধ হয়। [QE]
33. [QS]ভয়হীন ৰূপে স্ৰজন কৰা, [QE][QS]তাৰ তুল্য কোনো জন্তুৱেই পৃথিবীত নাই। [QE]
34. [QS]সি সকলো উচ্চ পদাৰ্থলৈ চাই থাকে; [QE][QS]সি সকলো অহংকাৰী প্ৰাণীৰ ওপৰত ৰজা। [QE]