1. {ইয়োবৰ শেষ বক্তৃতা। }
2. [PS]পাছত ইয়োবে পুনৰায় কথা উত্থাপন কৰি ক’লে, [PE][QS]যি ঈশ্বৰে মোৰ বিচাৰ অগ্ৰাহ্য কৰিলে, [QE][QS]যি সৰ্ব্বশক্তিমান জনাই মোৰ প্ৰাণত তিতা লগালে, [QE][QS]সেই জীৱন্ত ঈশ্বৰৰ নামেৰে শপত খাই কৈছোঁ, [QE]
3. [QS]কিয়নো এতিয়াও নিশ্বাস-প্ৰশ্বাস মোত সম্পূৰ্ণৰূপে আছে, [QE][QS]আৰু মোৰ নাকত ঈশ্বৰে দিয়া প্ৰাণ-বায়ু আছে; [QE]
4. [QS]মোৰ ওঁঠে অধৰ্ম কথা কেতিয়াও নকয়, [QE][QS]আৰু মোৰ জিভাই ভাণ্ডনা কথা প্ৰকাশ নকৰে। [QE]
5. [QS]মই যে তোমালোকৰ কথা স্বৰূপ বুলি স্বীকাৰ কৰিম, [QE][QS]এনে কথা মোৰ পৰা দূৰ হওক। [QE][QS]মই নমৰোমানে মোৰ সিদ্ধতা মোৰ পৰা দূৰ নকৰিম। [QE]
6. [QS]মোৰ ধাৰ্মিকতা মই ধৰি ৰাখিম, এৰি নিদিম; [QE][QS]মোৰ আয়ুসৰ দিনলৈকো মোৰ অন্তৰে মোক নোদোষে। [QE]
7. [QS]মোৰ শত্ৰূ দুৰ্জনৰ দৰে হওক, [QE][QS]আৰু মোৰ বিৰুদ্ধে উঠা জন অধৰ্মি দৰে হওক। [QE]
8. [QS]কিয়নো, যেতিয়া অধৰ্মিৰ প্ৰাণ ঈশ্বৰে হৰণ কৰি নিব, [QE][QS]তেতিয়া সি ধন লাভ কৰিলেও তাৰ কি আশা থাকিব? [QE]
9. [QS]তাৰ সঙ্কট ঘটিলে, [QE][QS]ঈশ্বৰে কাতৰোক্তি শুনিব নে? [QE]
10. [QS]সি জানো সৰ্ব্বশক্তিমান জনাত আনন্দ পায়? [QE][QS]বা সদায় ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰে? [QE]
11. [QS]ঈশ্বৰে কেনেকৈ ব্যৱহাৰ কৰে, [QE][QS]সেই বিষয়ে মই তোমালোকক শিক্ষা দিওঁ, [QE][QS]আৰু সৰ্ব্বশক্তিমানৰ কাৰ্য-প্ৰণালী মই লুকুৱাই নাৰাখোঁ। [QE]
12. [QS]চোৱা, তোমালোক সকলোৱেই দেখিলা; [QE][QS]তেন্তে তোমালোকে কিয় এনে সম্পূৰ্ণ অসাৰ কথা কোৱা? [QE]
13. [QS]দুৰ্জন লোকে ঈশ্বৰৰ পৰা যি ভাগ পায়, [QE][QS]আৰু অত্যাচাৰীবোৰে যি অংশ সৰ্ব্বশক্তিমান জনাৰ পৰা ভোগ কৰে, সেয়ে এই, [QE]
14. [QS]তাৰ পো-নাতি বাঢ়িলে তৰোৱালৰ নিমিত্তেহে বাঢ়ে, [QE][QS]আৰু তাৰ সন্তান-সন্ততিয়ে পেট ভৰাই খাবলৈ নাপায়। [QE]
15. [QS]তাৰ অৱশিষ্টবোৰক মহামাৰীৰ দ্ধাৰাই পুতি থুৱা যাব, [QE][QS]আৰু তাৰ বিধৱাবিলাকে বিলাপ নকৰিব। [QE]
16. [QS]যদি সি ধুলিৰ নিচিনাকৈ ৰূপ দ’মায়, [QE][QS]আৰু পিন্ধা কাপোৰকো বোকাৰ দৰে সৰহকৈ যুগুত কৰে, [QE]
17. [QS]তেন্তে যুগুত কৰক, কিন্তু ধাৰ্মিক লোকেহে পিন্ধিব, [QE][QS]আৰু নিৰ্দ্দোষী লোকে সেই ৰূপ ভাগ বাঁটি ল’ব। [QE]
18. [QS]সি নিজৰ ঘৰ পোকৰ দৰে সাজে, [QE][QS]আৰু খেতি-ৰখীয়া টঙিৰ দৰে নিৰ্ম্মাণ কৰে। [QE]
19. [QS]সি ধনী হৈ শুব, কিন্তু তাক মৈদাম দিয়া নাযাব; [QE][QS]সি চকু মেলামাত্ৰকে নাইকিয়া হয়। [QE]
20. [QS]নানা ত্ৰাসে তাক ঢল পানীৰ দৰে আক্ৰণ কৰে। [QE][QS]ৰাতি ধুমুহাই অকস্মাতে তাক উড়ুৱাই নিয়ে। [QE]
21. [QS]পূবৰ বতাহে তাক তুলি নি স্থানান্তৰ কৰে, [QE][QS]আৰু নিজ ঠাইৰ পৰা তাক দূৰৈত পেলাই দিয়ে। [QE]
22. [QS]কিয়নো ঈশ্বৰে দয়া নকৰি তালৈ কাঁড় মাৰি থাকিব, [QE][QS]সি তেওঁৰ ভয়ত পলাই ফুৰিব। [QE]
23. [QS]লোকে তাক দেখি হাত-তালি দিব, [QE][QS]আৰু ছি ছি কৰি তাৰ ঠাইৰ তাক খেদি দিব। [QE]