1. {#1ঈশ্বৰৰ মহাবিচাৰৰ দিন } [QS]চোৱা, যিহোৱাই পৃথিৱী খালী কৰিছে, আৰু তাক শূন্য কৰিছে, আৰু তাৰ মুখ তল কৰি তাৰ নিবাসীসকলক সিঁচৰিত কৰিছে। [QE]
2. [QS]প্ৰজা যেনে পুৰোহিতো তেনে, দাস যেনে মালিকো তেনে, দাসী যেনে মালিকনীও তেনে, [QE][QS]কিনা জন যেনে বিক্রী কৰা জনো তেনে, ধাৰ দিয়া জন যেনে ধাৰ লোৱা জনো তেনে, সূত লোৱা জন যেনে সূত দিয়া জনো তেনে হ’ব। [QE]
3. [PS]পৃথিৱী সম্পূৰ্ণকৈ শূন্য আৰু লুট কৰা হ’ব; [QE][QS]কিয়নো যিহোৱাই এই কথা কৈছে, [QE]
4. [QS]পৃথিৱীয়ে শোক কৰি লেৰেলা পৰিছে, জগতখন দুৰ্ব্বল হৈ জয় পৰিছে, [QE][QS]পৃথিৱীৰ সম্ভ্ৰান্ত লোকসকল দুৰ্ব্বল হৈছে। [QE]
5. [QS]পৃথিৱীও তাৰ নিবাসীসকলৰ দ্বাৰাই অপবিত্ৰ হ’ল, কাৰণ তেওঁলোক আজ্ঞাবোৰ লঙ্ঘন কৰিলে, বিধি পৰিবৰ্তন কৰিলে, [QE][QS]আৰু চিৰস্থায়ী নিয়ম ভঙ্গ কৰিলে। [QE]
6. [QS]সেই বাবে অভিশাপে পৃথিৱী গ্ৰাস কৰিলে, আৰু তাৰ নিবাসীসকলক দোষী পোৱা গ’ল। [QE][QS]পৃথিৱী নিবাসীসকল দগ্ধ হ’ল, আৰু অলপ সংখ্যক লোক অৱশিষ্ট থাকিল। [QE]
7. [QS]নতুন দ্ৰাক্ষাৰসে শোক কৰিছে, দ্ৰাক্ষালতা জয় পৰি গৈছে, আনন্দিত মনৰ লোকসকলে হুমুনীয়াহ কাঢ়িছে। [QE]
8. [QS]খঞ্জৰীবোৰৰ আনন্দ ধ্বনি বন্ধ হ’ল, উল্লাস কৰা সকল ওৰ পৰিল, [QE][QS]বীণাৰ আনন্দ ধ্বনি শেষ হ’ল। [QE]
9. [QS]তেওঁলোক আৰু দ্ৰাক্ষাৰস পান কৰা নাই আৰু গান গোৱা নাই; সুৰা পান কৰা লোকৰ মুখত সুৰা তিতা লাগিব; [QE]
10. [QS]উচ্ছন্নপুৰি ভগ্ন হ’ল; প্রতিখন ঘৰ খালী আৰু বন্ধ হ’ল। [QE]
11. [QS]দ্ৰাক্ষাৰসৰ কাৰণে লোকসকলে বাটত কান্দিছে; [QE][QS]সকলো আনন্দ মাৰ গ’ল, দেশত আনন্দ ধ্বনি নাইকিয়া হ’ল। [QE]
12. [QS]নগৰত কেৱল ধ্বংস বাকি থাকিল, আৰু দুৱাৰখন ভাঙি নষ্ট হ’ল। [QE]
13. [QS]কিয়নো জিত গছ জোকাৰিলে যেনে হয়, দ্ৰাক্ষাফল গোটাবৰ পাছত চেৰ পৰা গুটি যেনে হয়, [QE][QS]প্ৰজাসকলৰ মাজত পৃথিবীও তেনে হয়। [QE]
14. [QS]তেওঁলোক উচ্চ স্বৰেৰে যিহোৱাৰ ঐশ্বৰ্যৰ জয় ধ্বনি কৰিব, [QE][QS]সমুদ্ৰৰ পৰা আনন্দেৰে উচ্চ ধ্বনি কৰিব। [QE]
15. [QS]এই হেতুকে পূব দিশত যিহোৱা গৌৰৱান্বিত হৈছে, [QE][QS]আৰু সমুদ্ৰৰ দ্বীপবোৰত ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নাম গৌৰৱাম্বিত হৈছে। [QE]
16. [QS]আমি পৃথিবীৰ অন্তভাগৰ পৰা গীত শুনিলোঁ, “ধাৰ্মিকজনৰ গৌৰৱ হওক।” [QE][QS]কিন্তু মই কলোঁ, “মই ক্ষয় হৈ গৈছোঁ, মই ক্ষয় হৈ গৈছোঁ, মোৰ সন্তাপ হ’ল; বিশ্বাসঘাতকসকলে অতিশয় বিশ্বাসঘাতকতা কৰিলে। [QE]
17. [QS]পৃথিৱী নিবাসীসকল তোমালোকৰ বাবে আপদ, গাত, আৰু ফান্দ নিৰূপিত কৰা আছে। [QE]
18. [QS]সেই আপদৰ বাৰ্ত্তা পাই পলোৱা জন সেই গাতত পৰিব, [QE][QS]আৰু সেই গাতৰ ভিতৰৰ পৰা ওলোৱা জন সেই ফান্দত ধৰা পৰিব, [QE][QS]কিয়নো স্বৰ্গৰ দুৱাৰবোৰ মুকলি হ’ব, আৰু পৃথিৱীৰ মূলবোৰ লৰিব। [QE]
19. [QS]পৃথিৱী সম্পূৰ্ণকৈ ভগ্ন হ’ব, পৃথিৱী ডোখৰ ডোখৰ হ’ব; [QE][QS]পৃথিৱী অত্যন্ত লৰিব। [QE]
20. [QS]পৃথিৱী মাতাল মানুহৰ দৰে ঢলংপলং কৰিব, আৰু জুলনিৰ দৰে জুলিব, [QE][QS]আৰু তাৰ অপৰাধ তাৰ ওপৰত গধূৰ হোৱাত পতিত হ’ব, পুনৰায় আৰু নুঠিব। [QE]
21. [QS]যেতিয়া সেই দিন আহিব, সেই দিনা যিহোৱাই উচ্চস্থানত উচ্চস্থানীয় বাহিনীসকলক, [QE][QS]আৰু পৃথিবীত পৃথিবীৰ ৰজাসকল দণ্ড দিব। [QE]
22. [QS]কাৰাগাৰত বন্দীয়াৰসকলক গোটোৱাৰ দৰে তেওঁলোকক গোটোৱা হ’ব, আৰু বন্দীশালত বন্ধ কৰা হ’ব; [QE][QS]আৰু অনেক দিনৰ পাছত তেওঁলোকক দণ্ড দিয়া হ’ব। [QE]
23. [QS]তেতিয়া চন্দ্ৰ লজ্জিত হ’ব আৰু সূৰ্য অপদস্থ হ’ব; কাৰণ বাহিনীসকলৰ যিহোৱাই [QE][QS]চিয়োন পৰ্ব্বত, যিৰূচালেমত, আৰু নিজৰ পৰিচাৰকসকলৰ সন্মুখত গৌৰৱেৰে ৰাজত্ব কৰিব। [QE]