1. [QS]মই কলোঁ, [QE][QS]“যাকোবৰ মূখ্য লোকসকল, [QE][QS]আৰু ইস্রায়েলৰ বংশৰ শাসনকৰ্ত্তাসকল এতিয়া শুনা: [QE][QS]ন্যায় বুজি পোৱাটো তোমালোকৰ বাবে উচিত নহয় নে? [QE]
2. [QS]তোমালোকৰ যিসকলে ভাল কৰ্ম ঘিণ কৰে, [QE][QS]আৰু পাপক ভাল পায়, [QE][QS]তেওঁলোকৰ তোমালোকে ছাল বখলিয়াবা, [QE][QS]আৰু তেওঁলোকৰ হাড়ৰ পৰা মাংস এৰুৱাবা, [QE]
3. [QS]তোমালোকে মোৰ লোকসকলৰ মাংসও খোৱা, [QE][QS]তোমালোকে মোৰ লোকসকলৰো ছাল বখলিওৱা, [QE][QS]তেওঁলোকৰ হাড় ভাঙা, [QE][QS]পাত্রৰ বাবে মাংস, [QE][QS]আৰু কেৰাহীত দিয়া মাংসৰ দৰে, [QE][QS]তোমালোকে তেওঁলোকক টুকুৰা টুকুৰ কৰা আৰু খোৱা। [QE]
4. [QS]তেতিয়া শাসনকৰ্ত্তাসকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিব, [QE][QS]কিন্তু তেওঁ তোমালোকক উত্তৰ নিদিব। [QE][QS]সেই সময়ত তেওঁ তোমালোকৰ পৰা মুখ লুকুৱাব, [QE][QS]কাৰণ তোমালোকে পাপ কৰ্ম কৰিছা।” [QE]
5. [QS]ভাববাদীসকলৰ বিষয়ে যিহোৱাই এইদৰে কৈছে, [QE][QS]মোৰ লোকসকলক কোনে ভ্ৰান্ত কৰে: [QE][QS]যিসকলে তেওঁলোকক আহাৰ খুৱাই, তেওঁলোকৰ বাবে [QE][QS]তেওঁলোকে ঘোষণা কৰে, ‘তাত উন্নতি হ’ব।’ [QE][QS]কিন্তু যিসকলে নিজৰ মুখত একো নলয়, তেওঁলোকৰ বাবে [QE][QS]তেওঁলোকে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। [QE]
6. [QS]সেই কাৰণে কোনো দৰ্শন নোহোৱাকৈ তোমালোকলৈ ৰাতি হ’ব; [QE][QS]আৰু তোমালোকে ভৱিষ্যৎ গণনা কৰিব নোৱাৰাকৈ তোমালোকলৈ আন্ধাৰ হ’ব; [QE][QS]ভাববাদীসকলৰ ওপৰত সূৰ্য মাৰ যাব, [QE][QS]আৰু সেই দিনা তেওঁলোকৰ ওপৰত আন্ধাৰ হ’ব। [QE]
7. [QS]দৰ্শকসকলক লাজত পেলোৱা হ’ব, [QE][QS]আৰু ভৱিষ্যৎ গণনা কৰা সকল বিভ্রান্ত হ’ব। [QE][QS]তেওঁলোক সকলোৱে নিজৰ মুখ ঢাকিব; [QE][QS]কাৰণ মোৰ পৰা তেওঁলোকলৈ একো উত্তৰ নাহিব;” [QE]
8. [QS]কিন্তু মোৰ ক্ষেত্রত, যাকোবক তেওঁৰ অপৰাধ [QE][QS]আৰু ইস্ৰায়েলক তেওঁৰ পাপ ঘোষণা কৰিবলৈ, [QE][QS]মই যিহোৱাৰ আত্মাৰ দ্বাৰাই শক্তি, [QE][QS]ন্যায় বিচাৰ, আৰু পৰাক্রমেৰে পৰিপূৰ্ণ। [QE]
9. [QS]সকলো সৎ কৰ্মত বিপথে যোৱা, [QE][QS]আৰু ন্যায় ঘৃণা কৰা হে যাকোবৰ বংশৰ মূখ্য লোকসকল, [QE][QS]আৰু ইস্ৰায়েল বংশৰ শাসনকৰ্ত্তাসকল, এতিয়া এই কথা শুনা; [QE]
10. [QS]তোমালোকে ৰক্তপাতেৰে চিয়োন, [QE][QS]আৰু পাপেৰে যিৰূচালেম নিৰ্মাণ কৰিলা; [QE]
11. [QS]তোমালোকৰ মুখ্য লোকসকলে উৎকোচৰ বাবে বিচাৰ কৰে, [QE][QS]তোমালোকৰ পুৰোহিতসকলে মূল্যৰ বাবে শিক্ষা দিয়ে, [QE][QS]আৰু তোমালোকৰ ভাববাদীসকলে ধনৰ বাবে ভৱিষ্যত বাণী কৰে, [QE][QS]তথাপি তোমালোকে যিহোৱাৰ ওপৰত ভাৰসা কৰি কোৱা, [QE][QS]“যিহোৱা আমাৰ লগত নাই নে? [QE][QS]কোনো আপদ আমালৈ নাহিব; [QE]
12. [QS]এই হেতুকে তোমালোকৰ কাৰণে [QE][QS]পথাৰ চহোৱাৰ দৰে চিয়োনক চহোৱা হ’ব, [QE][QS]যিৰূচালেম ধ্বংসৰ স্তূপ হ’ব, [QE][QS]আৰু মন্দিৰ থকা পাহাৰ জংঘলৰ দৰে হ’ব। [QE]