1. {#1গীতমালা } {#1পঞ্চম খণ্ড } [QS]যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; [QE][QS]কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে! [QE]
2. [QS]যিহোৱাৰ মুক্ত লোকসকলে এই কথা কওঁক, [QE][QS]যি সকলক তেওঁ শত্রুৰ হাতৰ পৰা মুক্ত কৰিলে, [QE]
3. [QS]যি সকলক তেওঁ নানা দেশৰ পৰা গোট খোৱালে, [QE][QS]পূৱ-পশ্চিম আৰু উত্তৰ-দক্ষিণৰ পৰা গোটালে। [QE]
4. [QS]তেওঁলোকে মৰুভূমিৰ নিৰ্জন পথত ভ্ৰমি ফুৰিছিল, [QE][QS]তেওঁলোকে কোনো বসতিৰ নগৰ বিচাৰি নাপালে। [QE]
5. [QS]তেওঁলোক ক্ষুধিত আৰু তৃষ্ণার্ত হ’ল; [QE][QS]তেওঁলোকৰ প্ৰাণ শ্রান্ত হৈ মূর্ছিত হ’ল। [QE]
6. [QS]তেতিয়া তেওঁলোকে সঙ্কটত পৰি যিহোৱাৰ আগত কাতৰোক্তি কৰিলে; [QE][QS]তাতে ক্লেশৰ পৰা তেওঁ তেওঁলোকক উদ্ধাৰ কৰিলে। [QE]
7. [QS]তেওঁ পোন বাটেদি তেওঁলোকক গমন কৰালে; [QE][QS]যাতে তেওঁলোকে গৈ কোনো বসতি নগৰ পাব পাৰে। [QE]
8. [QS]মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে [QE][QS]আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক। [QE]
9. [QS]কিয়নো তেওঁ পিপাসিত প্ৰাণক তৃপ্ত কৰে; [QE][QS]আৰু ক্ষুধাতুৰ প্ৰাণক উত্তম দ্ৰব্যেৰে পূৰ কৰে। [QE]
10. [QS]কোনো লোক অন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ মাজত বহিছিল; [QE][QS]সেই বন্দীসকলে দুখত আৰু লোহাৰ শিকলিৰ বন্ধনত কষ্ট পাইছিল। [QE]
11. [QS]কাৰণ তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল; [QE][QS]সৰ্ব্বোপৰি জনাৰ পৰামৰ্শক তেওঁলোকে তুচ্ছ জ্ঞান কৰিলে। [QE]
12. [QS]সেই বাবেই তেওঁ কঠোৰ পৰিশ্ৰম দি তেওঁলোকৰ হৃদয়ক অৱনত কৰিলে; [QE][QS]তেওঁলোক পতিত হ’ল আৰু সহায় কৰিবলৈ কোনো নাছিল। [QE]
13. [QS]তেতিয়া সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ আগত ক্রন্দন কৰিলে; [QE][QS]তেওঁ তেওঁলোকক কষ্টৰ পৰা ৰক্ষা কৰিলে। [QE]
14. [QS]তেওঁ তেওঁলোকক আন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ পৰা বাহিৰ কৰি আনিলে; [QE][QS]তেওঁলোকৰ শিকলিৰ বন্ধন চিঙি পেলালে। [QE]
15. [QS]মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে [QE][QS]আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে লোকসকলে তেওঁৰ প্ৰশংসা কৰক। [QE]
16. [QS]তেওঁ পিতলৰ দুৱাৰবোৰ ভাঙি পেলালে; [QE][QS]আৰু লোহাৰ ডাংবোৰ কাটি পেলালে। [QE]
17. [QS]যি সকল নিৰ্ব্বোধ, [QE][QS]তেওঁলোকে নিজৰ বিদ্রোহৰ কাৰণে আৰু অপৰাধৰ কাৰণে যাতনা ভোগিলে। [QE]
18. [QS]তেওঁলোকে সকলো খোৱা বস্তুকে ঘিণ কৰিলে; [QE][QS]তেওঁলোক মৃত্যুদ্বাৰৰ ওচৰলৈ চাপি গ’ল। [QE]
19. [QS]সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ আগত ক্রন্দন কৰিলে; [QE][QS]তেওঁ তেওঁলোকক ক্লেশৰ পৰা উদ্ধাৰ কৰে। [QE]
20. [QS]তেওঁ নিজ বাক্য পঠাই তেওঁলোকক সুস্থ কৰিলে; [QE][QS]তেওঁ বিনাশৰ পৰা তেওঁলোকক ৰক্ষা কৰিলে। [QE]
21. [QS]মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে [QE][QS]আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক। [QE]
22. [QS]তেওঁলোকে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰক; [QE][QS]আনন্দ গীতেৰে তেওঁৰ কৰ্মৰাজিৰ বৰ্ণনা কৰক। [QE]
23. [QS]যিসকলে জাহাজত উঠি সাগৰত অহা-যোৱা কৰে, [QE][QS]আৰু মহা জল সমূহৰ ওপৰেদি ব্যৱসায় কৰে, [QE]
24. [QS]তেওঁলোকে যিহোৱাৰ কাৰ্যবোৰ দেখে, [QE][QS]গভীৰ জলত তেওঁৰ আচৰিত কার্যবোৰ দেখে। [QE]
25. [QS]তেওঁৰ আজ্ঞাৰ দ্বাৰাই প্ৰচণ্ড ধুমুহা হ’ল; [QE][QS]তাতে সাগৰৰ ঢৌবোৰ ওফন্দি উঠে; [QE]
26. [QS]ঢৌবোৰ বহু ওপৰলৈ উঠে, পুনৰ বহু গভীৰলৈ নামি আহে; [QE][QS]বিপদৰ কালত তেওঁলোকৰ[* জাহাজ চলোৱাসকল ] প্ৰাণ ভয়তে দ্ৰৱ হৈ যায়। [QE]
27. [QS]মতলীয়া মানুহৰ দৰে তেওঁলোকে ঢলংপলং কৰে; [QE][QS]তেওঁলোকৰ সকলো বুদ্ধি নাইকিয়া হয়। [QE]
28. [QS]সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ ওচৰত ক্রন্দন কৰে, [QE][QS]তাতে তেওঁ তেওঁলোকক ক্লেশৰ পৰা উদ্ধাৰ কৰে। [QE]
29. [QS]তেওঁ ধুমুহাক প্রশমিত কৰে, [QE][QS]তাৰ ঢৌবোৰক শান্ত কৰে। [QE]
30. [QS]সাগৰ শান্ত হোৱাৰ কাৰণে তেওঁলোকে আনন্দ কৰে; [QE][QS]তেওঁ তেওঁলোকক লক্ষ্যৰ বন্দৰলৈ লৈ যায়। [QE]
31. [QS]মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে [QE][QS]আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক। [QE]
32. [QS]সমাজৰ মাজত তেওঁলোকে তেওঁৰ গৌৰৱ-কীৰ্ত্তন কৰক, [QE][QS]বৃদ্ধসকলৰ সভাত তেওঁৰ প্ৰশংসা কৰক। [QE]
33. [QS]নদীবোৰক তেওঁ মৰুভূমিলৈ, [QE][QS]জলৰ ভুমুকবোৰক তেওঁ শুকান ভূমিলৈ পৰিণত কৰে; [QE]
34. [QS]তেওঁ ফলৱান দেশক লোণাময় অনুর্বৰ ভূমি কৰে, [QE][QS]সেই ঠাইৰ নিবাসীসকলৰ দুষ্টতাৰ কাৰণে তেওঁ এই সকলো কৰে। [QE]
35. [QS]তেওঁ মৰুভূমিক জলাশয়লৈ, [QE][QS]শুকান ঠাইবোৰক জলৰ ভুমুকলৈ পৰিণত কৰে। [QE]
36. [QS]ক্ষুধাতুৰ লোকসকলক তেওঁ তাত বসতি কৰায়; [QE][QS]তেওঁলোকে তাত নগৰ স্থাপন কৰে। [QE]
37. [QS]তেওঁলোকে পথাৰত বীজ সিঁচে, দ্ৰাক্ষালতা ৰোৱে, [QE][QS]আৰু প্রচুৰ ফল চপায়। [QE]
38. [QS]তেওঁ তেওঁলোকক আশীৰ্ব্বাদ কৰে আৰু তেওঁলোক সংখ্যাত অতিশয় বৃদ্ধি পায়; [QE][QS]তেওঁ তেওঁলোকৰ পশুধনবোৰক হ্রাস হবলৈ নিদিয়ে। [QE]
39. [QS]উপদ্ৰৱ, বিপদ আৰু শোকত পুনৰ তেওঁলোক সংখ্যাত হ্রাস পায়, [QE][QS]তেওঁলোকৰ নীহ অৱস্থা হ’য়। [QE]
40. [QS]তেওঁ উচ্চপদৰ লোকসকলৰ ওপৰত অপমান বৰষায়, [QE][QS]পথহীন মৰুভূমিৰ মাজত তেওঁলোকক ভ্ৰমণ কৰায়; [QE]
41. [QS]কিন্তু তেওঁ দৰিদ্ৰক দুখৰ পৰা তুলি আনি উচ্চ পদত স্থাপন কৰে, [QE][QS]আৰু মেৰ-ছাগৰ জাকৰ নিচিনাকৈ তেওঁৰ পৰিয়ালৰ যত্ন লয়। [QE]
42. [QS]তাকে দেখি ধাৰ্মিক লোকে আনন্দ কৰে, [QE][QS]কিন্তু সকলো অধৰ্মকাৰীয়ে নিজৰ মুখ বন্ধ কৰে। [QE]
43. [QS]যি জন জ্ঞানী, তেওঁ এই সকলো কথালৈ মনোযোগ দিয়ক, [QE][QS]যিহোৱাৰ বিশ্বস্ত প্রেমৰ বিষয়ে ধ্যান কৰক। [QE]