1. {#1দায়ুদৰ ৰচিত গীত } [QS]হে যিহোৱা, যিসকলে মোৰে সৈতে বিবাদ কৰে, তুমিও তেওঁলোকৰে সৈতে বিবাদ কৰা; [QE][QS]যিসকলে মোৰ বিৰুদ্ধে যুদ্ধ কৰে, তুমিও তেওঁলোকৰে বিৰুদ্ধে যুদ্ধ কৰা। [QE]
2. [QS]তুমি ঢাল আৰু ফলক ধাৰণ কৰা, মোৰ সহায়ৰ অর্থে উঠা। [QE]
3. [QS]মোৰ পাছে পাছে যিসকলে খেদি আহিছে, তুমি বৰছা আৰু যাঁঠি লৈ তেওঁলোকৰ পথ ৰুদ্ধ কৰা; [QE][QS]তুমি মোৰ প্রাণক কোৱা, “ময়েই তোমাৰ পৰিত্ৰাণ।” [QE]
4. [QS]যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোক লজ্জিত আৰু অপমানিত হওঁক; [QE][QS]যিসকলে মোৰ সর্বনাশলৈ পৰিকল্পনা কৰে, তেওঁলোক উলটি যাওঁক, হতাশ হওঁক। [QE]
5. [QS]তেওঁলোক বতাহৰ সন্মুখত উৰুৱাই নিয়া তুঁহৰ নিচিনা হওঁক; যিহোৱাৰ দূতে তেওঁলোকক খেদি যাওঁক। [QE]
6. [QS]তেওঁলোকৰ পথ অন্ধকাৰ আৰু পিছল হওঁক। যিহোৱাৰ দূতে তেওঁলোকৰ পাছে পাছে খেদি যাওঁক। [QE]
7. [QS]কিয়নো তেওঁলোকে অকাৰণে মোৰ কাৰণে গাতত গুপুতে জাল পাতিলে; বিনা কাৰণতে মোৰ প্ৰাণ নাশৰ অৰ্থে গাত খান্দিলে। [QE]
8. [QS]হঠাত তেওঁলোকৰ ওপৰলৈ বিনাশ আহঁক; [QE][QS]তেওঁলোকে গোপনে পতা নিজৰ জালত নিজেই ধৰা পৰক; [QE][QS]সেই বিনাশত তেওঁলোক পতিত হওঁক। [QE]
9. [QS]তাতে মোৰ প্ৰাণ যিহোৱাত উল্লাসিত হব, তেওঁৰ পৰিত্ৰাণত আনন্দিত হব। [QE]
10. [QS]মোৰ সকলো অস্থিয়ে কব, “হে যিহোৱা, তোমাৰ তুল্য কোন আছে?” [QE][QS]তুমিয়েই দুর্বলীক তেওঁতকৈ বলৱান জনৰ পৰা, [QE][QS]দুখী-দৰিদ্রক তেওঁলোকৰ লুন্ঠণকাৰীৰ পৰা উদ্ধাৰ কৰা। [QE]
11. [QS]অত্যাচাৰী বিদ্বেষপৰায়ণ মিছা সাক্ষীবোৰ উঠিছে; [QE][QS]মই যি কথা নাজানো, তেওঁলোকে মোক সেই বিষয়ে সোধে। [QE]
12. [QS]তেওঁলোকে উপকাৰৰ সলনি মোৰ অপকাৰ কৰে; তাতে মোৰ প্ৰাণ অনাথ হয়। [QE]
13. [QS]কিন্তু মই হলে, তেওঁলোক নৰিয়া পৰা সময়ত চট কাপোৰ পিন্ধিছিলোঁ, লঘোনেৰে নিজৰ প্ৰাণক দুখ দিছিলোঁ; মোৰ প্ৰাৰ্থনা[* মই শিৰনত কৰি প্ৰাৰ্থনা কৰিলোঁ ] মোৰ বুকুলৈকে উলটি আহিছিল, মই উত্তৰ নাপালোঁ। [QE]
14. [QS]মোৰ নিজ ভাই বা নিজ বন্ধুৰ দৰেই তেওঁলোকৰ কাৰণে মই শোক প্রকাশ কৰিলোঁ; [QE][QS]মই মাতৃহাৰাৰ দৰে শোকার্ত হৈ মূৰ তল কৰি ফুৰিলোঁ। [QE]
15. [QS]কিন্তু মই যেতিয়া উজুটি খালো, তেতিয়া তেওঁলোক আনন্দিত হৈ একগোট হ’ল; [QE][QS]তেওঁলোক মোৰ বিৰুদ্ধে একগোট হ’ল; [QE][QS]মোৰ অজ্ঞাতে সেই অত্যাচাৰীবোৰে মোক চূর্ণ কৰিলে, ক্ষান্ত হৈ নাথাকিল। [QE]
16. [QS]তেওঁলোকে ভক্তিহীনভাৱে মোক বিদ্ৰূপ কৰিলে; তেওঁলোকে মোলৈ দাঁত কৰচে। [QE]
17. [QS]হে প্ৰভু, তুমি কিমান কাললৈ চাই থাকিবা? [QE][QS]তেওঁলোকৰ ধ্বংস কার্যৰ পৰা মোক উদ্ধাৰ কৰা; [QE][QS]সিংহবোৰৰ পৰা মোৰ জীৱন ৰক্ষা কৰা। [QE]
18. [QS]মই মহা-সমাজত তোমাৰ ধন্যবাদ কৰিম; অসংখ্য লোকৰ মাজত তোমাৰ গুণ-প্ৰশংসা কৰিম। [QE]
19. [QS]মোৰ বিশ্বাসঘাটক শত্রুবোৰক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা; [QE][QS]অকাৰণে যিসকলে মোক ঘৃণা কৰে, মোৰ বিৰুদ্ধে চকু টিপিয়াবলৈ নিদিবা। [QE]
20. [QS]কিয়নো তেওঁলোকে শান্তিজনক কথা নকয়, [QE][QS]কিন্তু দেশত শান্তভাৱে বাস কৰা লোকসকলৰ বিৰুদ্ধে তেওঁলোকে ছলনাভৰা কথা কল্পনা কৰে। [QE]
21. [QS]মোৰ বিৰুদ্ধে তেওঁলোকে নিজ মুখ বহলকৈ মেলি কয়, “অহঃ অহঃ আমি নিজ চকুৰেই দেখিছোঁ।” [QE]
22. [QS]হে যিহোৱা তুমি এই সকলো দেখিছা, নিমাতে নাথাকিবা; হে প্ৰভু, তুমি মোৰ পৰা আঁতৰ নহবা! [QE]
23. [QS]হে মোৰ ঈশ্বৰ যিহোৱা, জাগি উঠা, মোৰ পক্ষে সাৰ পোৱা; মোৰ কাৰণেই সাৰ পোৱা। [QE]
24. [QS]হে মোৰ ঈশ্বৰ যিহোৱা, তোমাৰ ধাৰ্মিকতা অনুসাৰে মোৰ বিচাৰ কৰা; [QE][QS]তেওঁলোকক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা। [QE]
25. [QS]তেওঁলোকক মনত এই কথা কবলৈ নিদিবা, “অহঃ, আমাৰ অন্তৰে যি বিচাৰিছে, সেয়ে হৈছে।” [QE][QS]তেওঁলোকক কবলৈ নিদিবা, “আমি তেওঁক সম্পূর্ণ ধ্বংস কৰিলোঁ[† গ্ৰাস কৰিলোঁ ]।” [QE]
26. [QS]মোৰ সঙ্কটত যিসকল আনন্দিত হয়, তেওঁলোক সকলোৱেই লজ্জিত হৈ বিহ্বল হওঁক; [QE][QS]যিসকলে মোৰ বিৰুদ্ধে নিজকে তুলি ধৰে, লাজ আৰু অপমান তেওঁলোকৰ বস্ত্ৰ হওঁক। [QE]
27. [QS]যিসকলে মোৰ ধাৰ্মিকতাত সন্তোষ পায়, তেওঁলোকে আনন্দ ধ্বনি কৰি উল্লাসিত হওঁক; [QE][QS]তেওঁলোকে সদায় কওঁক, “যিহোৱা মহান; যিহোৱাই নিজ দাসৰ মঙ্গলত আনন্দ পায়।” [QE]
28. [QS]তাতে মোৰ জিভাই তোমাৰ ধার্মিকতাৰ কথা কব; [QE][QS]ওৰে দিন তোমাৰ প্ৰশংসা কৰিব। [QE]