1. [QS]যেতিয়া মই ইস্ৰায়েলক সুস্থ কৰিব বিচাৰো, [QE][QS]তেতিয়া ইফ্ৰয়িমৰ পাপৰ লগতে [QE][QS]চমৰিয়াৰ দুষ্টতাৰ কার্যবোৰ প্ৰকাশ পায়; [QE][QS]তেওঁলোকে ছলনা কৰে, [QE][QS]ঘৰৰ ভিতৰত চোৰ সোমায় আৰু বাহিৰত ডকাইতবোৰে লুট-পাট কৰে। [QE]
2. [QS]কিন্তু তেওঁলোকে নিজৰ মনত বিবেচনা কৰি নাচায় যে, তেওঁলোকৰ সকলো দুষ্টতা মই মনত ৰাখোঁ। [QE][QS]এতিয়া তেওঁলোকৰ পাপ কার্যবোৰে তেওঁলোকক সম্পূর্ণকৈ আগুৰি ৰাখিছে; [QE][QS]মোৰ চকুৰ সন্মুখত সেইবোৰ সকলো সময়তে আছে। [QE]
3. [QS]তেওঁলোকে দুষ্টতাৰে সৈতে তেওঁলোকৰ ৰজাক আৰু মিছা কথাৰে সৈতে প্ৰধান লোকসকলক আনন্দিত কৰে। [QE]
4. [QS]তেওঁলোক সকলোৱেই ব্যভিচাৰী; [QE][QS]তেওঁলোক পিঠা প্রস্তুত কৰোঁতাৰ তপত তন্দুৰৰ নিচিনা; [QE][QS]পিঠা প্রস্তুত কৰোঁতাজনে আটাগুড়ি খচাৰ পৰা আৰম্ভ কৰি পিঠা ফুলি উঠালৈকে তন্দুৰৰ জুই লৰচৰ কৰাৰ প্রয়োজন নহয়। [QE]
5. [QS]আমাৰ ৰজাৰ উৎসৱৰ দিনা প্রধান লোকসকল দ্ৰাক্ষাৰসৰ ৰাগীত অসুস্থ হৈছিল; [QE][QS]নিন্দকসকলৰ সৈতে তেওঁ নিজৰ হাত আগবঢ়াইছিল। [QE]
6. [QS]কিয়নো এক তন্দুৰৰ দৰে প্রজ্বলিত হৃদয়েৰে সৈতে, [QE][QS]তেওঁলোকে নিজৰ ভিতৰতে ছলনাৰ পৰিকল্পনা কৰে; [QE][QS]ওৰে ৰাতি তেওঁলোকৰ খং ধূমায়িত হৈ থাকে; [QE][QS]ৰাতিপুৱা সেই খং এক জ্বলন্ত অগ্নিশিখাৰ দৰে প্রখৰতাৰে জ্বলি উঠে। [QE]
7. [QS]তেওঁলোক সকলোৱেই এটা তন্দুৰৰ দৰেই তপত; [QE][QS]তেওঁলোকৰ শাসনকৰ্ত্তাসকলক তেওঁলোকে গ্ৰাস কৰে; [QE][QS]তেওঁলোকৰ সকলো ৰজা পতিত হ’ল; [QE][QS]তেওঁলোকৰ কোনেও সহায়ৰ বাবে মোক নামাতে। [QE]
8. [QS]ইফ্ৰয়িম অন্যান্য জাতিবোৰৰ লগত মিলি গৈছে; [QE][QS]ইফ্ৰয়িম এফালে পুৰি যোৱা এনে এক পিঠা যাক লুটিয়াই দিয়া হোৱা নাই। [QE]
9. [QS]বিদেশীসকলে তেওঁৰ শক্তি দুর্বল কৰিলে, [QE][QS]কিন্তু তেওঁ তাক বুজি পোৱা নাই; [QE][QS]তেওঁৰ মূৰৰ চুলিবোৰ ঠায়ে ঠায়ে পকিছে, [QE][QS]কিন্তু তেওঁ তাক লক্ষ্য কৰা নাই। [QE]
10. [QS]ইস্ৰায়েলৰ অহঙ্কাৰেই তেওঁৰ বিৰুদ্ধে সাক্ষ্য দিছে; [QE][QS]এই সকলোবোৰৰ উপৰিও, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰলৈ তেওঁলোক উলটি নাহিল বা তেওঁক নিবিচাৰিলেও। [QE]
11. [QS]ইফ্ৰয়িম যেন এটা অজলা কপৌ হ’ল, একেবাৰে বুদ্ধিহীন; [QE][QS]তেওঁলোকে এবাৰ মিচৰক মাতে, [QE][QS]পুনৰ অচুৰীয়াৰ ওচৰলৈ যায়। [QE]
12. [QS]কিন্তু তেওঁলোক যেতিয়া যাব, মই তেতিয়া তেওঁলোকৰ ওপৰত মোৰ জাল পেলাম; [QE][QS]আকাশৰ চৰাইবোৰৰ নিচিনাকৈ মই তেওঁলোকক তললৈ নমাই আনিম; [QE][QS]তেওঁলোকৰ মণ্ডলীৰ ওচৰত যেনেকৈ কোৱা হৈছিল, সেইদৰেই মই তেওঁলোকক শাস্তি দিম। [QE]
13. [QS]তেওঁলোকৰ সন্তাপ হ’ব! [QE][QS]কাৰণ তেওঁলোক মোৰ ওচৰৰ পৰা বিপথে গ’ল! [QE][QS]তেওঁলোকৰ বিনাশ হ’ব! [QE][QS]তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্রোহ কৰিলে; [QE][QS]মই তেওঁলোকক মুক্ত কৰিবলৈ বিচাৰিলো, [QE][QS]কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে মিছা কথা ক’লে। [QE]
14. [QS]তেওঁলোকে নিজৰ বিচনাৰ ওপৰত বিলাপ কৰিলে, [QE][QS]কিন্তু অন্তৰৰ পৰা মোৰ ওচৰত তেওঁলোকে কাতৰোক্তি নকৰিলে। [QE][QS]শস্য আৰু নতুন দ্ৰাক্ষাৰস পাবৰ কাৰণে তেওঁলোক একগোট হয় আৰু মোৰ অহিতে বিদ্ৰোহ কৰে। [QE]
15. [QS]যদিও মই তেওঁলোকক শিক্ষা দিলোঁ আৰু তেওঁলোকৰ বাহু শক্তিশালী কৰিলোঁ, [QE][QS]কিন্তু তেওঁলোকে এতিয়া মোৰেই বিৰুদ্ধে কুকল্পনা কৰিছে। [QE]
16. [QS]তেওঁলোকে ঘূৰিছে, কিন্তু সৰ্ব্বোপৰি ঈশ্বৰ মোলৈ ঘূৰা নাই; [QE][QS]তেওঁলোক এক ত্রুটিপূর্ণ ধনুৰ নিচিনা হ’ল; [QE][QS]তেওঁলোকৰ নেতাসকল নিজৰ জিভাৰ দাম্ভিকপূর্ণ কথাৰ কাৰণে তৰোৱালৰ দ্বাৰাই পতিত হ’ব। [QE][QS]এইদৰে ইস্রায়েলীয়াসকল মিচৰ দেশত হাঁহিয়াতৰ পাত্র হ’ব। [QE]