1. {#1ইয়োবৰ উত্তৰ }
2. [PS]তেতিয়া ইয়োবে উত্তৰ দি ক’লে, [PE][QS]“অস, মোৰ মনৰ বেজাৰ জুখিব পৰা হ’লে, [QE][QS]আৰু তাৰ লগতে এফালে মোৰ ক্লেশকো দিব পৰা হ’লে, কেনে ভাল আছিল। [QE]
3. [QS]কিয়নো সেয়ে হোৱা হ’লে, ই সমুদ্ৰৰ বালিতকৈয়ো গধুৰ হ’লহেঁতেন; [QE][QS]এই হেতুকে মোৰ বাক্য অবিবেচনাযুক্ত। [QE]
4. [QS]কিয়নো সৰ্ব্বশক্তিমান জনাৰ বাণবোৰ মোৰ অন্তৰত সোমাল, [QE][QS]মোৰ প্ৰাণে সেইবোৰৰ বিষ পান কৰিছে; [QE][QS]ঈশ্বৰীয় ত্ৰাস সৈন্য সমূহে মোৰ বিৰুদ্ধে বেহু পাতিছে। [QE]
5. [QS]বনৰীয়া গাধই ঘাঁহ পালে জানো চিঞৰে? [QE][QS]বা গৰুৱে দানা পালে জানো হেম্বেলিয়াই? [QE]
6. [QS]যিহৰ সোৱাদ নাই, তাক জানো লোণ নিদিয়াকৈ খোৱা যায়? [QE][QS]বা কণীৰ বগা বিজলুৱা অংশত জানো আস্বাদ আছে? [QE]
7. [QS]মোৰ প্ৰাণে যি যি চুবলৈ অসন্মত, [QE][QS]সেইবোৰেই মোৰ ঘিণলগীয়া আহাৰস্বৰূপ হ’ল। [QE]
8. [QS]অস! মোৰ নিবেদন সফল হোৱা হ’লে, [QE][QS]আৰু ঈশ্বৰে মোৰ বাঞ্ছনীয়খিনি দিয়া হ’লে, কেনে ভাল আছিল। [QE]
9. [QS]অস! ঈশ্বৰে অনুগ্ৰহ কৰি মোক গুড়ি কৰা হ’লে, [QE][QS]তেওঁ হাত মেলি মোক কাটি পেলোৱা হ’লে, কেনে ভাল আছিল। [QE]
10. [QS]সেয়ে হোৱা হ’লেও মই শান্ত্বনা পালোহেঁতেন, [QE][QS]এনে কি, মই নিদাৰুণ যান্ত্ৰণাতো উল্লাস কৰিলোহেঁতেন; [QE][QS]কিয়নো মই পবিত্ৰ জনাৰ বাক্য অস্বীকাৰ কৰা নাই। [QE]
11. [QS]মোৰ বলনো কি, মই যে অপেক্ষা কৰিম? [QE][QS]আৰু মোৰ শেষগতি নো কি, মই যে সহি থাকিম? [QE]
12. [QS]মোৰ বল জানো শিলৰ বল? [QE][QS]বা মোৰ মাংস জানো পিতলৰ? [QE]
13. [QS]মই একেবাৰেই উপায়হীন নহওঁ নে? [QE][QS]আৰু বুদ্ধি-কৌশল মোৰ পৰা সমুলি দূৰ কৰা নহ’ল নে? [QE]
14. [QS]নিৰাশ হৈ যোৱা জনে নিজ বন্ধুৰ পৰা দয়া পাব লাগে; [QE][QS]সেয়ে নহ’লে কিজানি তেওঁ সৰ্ব্বশক্তিমান জনাৰ ভক্তি ত্যাগ কৰিব। [QE]
15. [QS]মোৰ ভাইসকল পৰ্ব্বতৰ জুৰিৰ নিচিনা বিশ্বাসঘাতক; [QE][QS]বৈ শুকাই যোৱা জুৰিৰ নিচিনা অবিশ্বাসী। [QE]
16. [QS]সেইবোৰ বৰফৰ কাৰণে ঘোলা হৈ পৰে, [QE][QS]আৰু হিম সেইবোৰত লীন হৈ যায়; [QE]
17. [QS]কিন্তু শীতকাল হোৱামাত্ৰে সেইবোৰ লুপ্ত হয়, [QE][QS]আৰু গ্রীষ্মকালত নিজ ঠাইৰ পৰা নাইকিয়া হয়। [QE]
18. [QS]সেইবোৰৰ কাষে কাষে যোৱা ভ্রমনকৰীদলবোৰে বাট এৰি যায়, [QE][QS]আৰু মৰুপ্ৰান্তত গৈ সোমাই বিনষ্ট হয়। [QE]
19. [QS]তেমাৰ ভ্রমনকাৰীদলবোৰে সেইবোৰক বিচাৰে, [QE][QS]আৰু চিবাৰ যাত্ৰীসমূহে সেইবোৰলৈ অপেক্ষা কৰে; [QE]
20. [QS]কিন্তু তেওঁলোক আশাত বঞ্চিত হয়, [QE][QS]তেওঁলোক সেই ঠাইলৈ গৈ হতাশ হয়। [QE]
21. [QS]কিয়নো এতিয়া তোমালোক একো নোহোৱা; [QE][QS]তোমালোকে আপদ দেখি ভয় পাইছা। [QE]
22. [QS]মই জানো তোমালোকক কৈছিলোঁ যে, মোক কিছু দিয়া; [QE][QS]তোমালোকৰ সম্পত্তিৰ পৰা মোক উপহাৰ দিয়া? [QE]
23. [QS]বা শত্ৰুৰ হাতৰ পৰা মোক ৰক্ষা কৰা, [QE][QS]নাইবা অত্যাচাৰীহঁতৰ হাতৰ পৰা মোক মুক্ত কৰা? [QE]
24. [QS]মোক শিক্ষা দিয়া, তাতে মই নিমাতে থাকিম; [QE][QS]আৰু মোৰ ভুল কি, সেই বিষয়ে মোক বুজায় দিয়া। [QE]
25. [QS]ন্যায় বাক্য কেনে বেদনাদায়ক! [QE][QS]কিন্তু তোমালোকৰ তৰ্ক-বিতৰ্কত কি দোষ প্ৰকাশিত হয়? [QE]
26. [QS]তুমি কি বায়ুতুল্য কথাৰে নিৰাশজনক আচৰণ কৰিবা, [QE][QS]নে তুমি মোক বাক্যৰে অবহেলা কৰাৰ পৰিকল্পনা কৰিছা? [QE]
27. [QS]তোমালোকে দেখোন পিতৃহীনৰেই চিঠি খেলালাহেঁতেন, [QE][QS]আৰু নিজ বন্ধুকো বেপাৰৰ বস্তু কৰিলাহেঁতেন। [QE]
28. [QS]এতিয়া তোমালোকে অনুগ্ৰহ কৰি মোলৈ চোৱা; [QE][QS]কিয়নো মই নিশ্চয়ে তোমালোকৰ আগত মিছা কথা নকওঁ। [QE]
29. [QS]মই মিনতি কৰোঁ, তোমালোকে পুনৰায় আৰম্ভ কৰা, কোনো অন্যায় নহওঁক; [QE][QS]আকৌ কওঁ, পুনৰায় আৰম্ভ কৰা, মোৰ ধাৰ্মিকতা এতিয়াও থিৰে আছে। [QE]
30. [QS]মোৰ জিভাত জানো অন্যায় আছে? [QE][QS]মোৰ জিভাই জানো চাকি চায় মন্দ বিষয়ৰ আস্বাদ বুজিব নোৱাৰে? [QE]