1. [QS]দ্ৰাক্ষাৰস নিন্দক, আৰু সুৰা দ্বন্দ্ব-কাজিয়া কৰা লোক; [QE][QS]যি কোনোৱে সুৰা পান কৰি মতলীয়া হয়, তেওঁ জ্ঞানী নহয়। [QE]
2. [QS]ৰজাৰ ক্রোধ যুবা সিংহৰ গৰ্জ্জনৰ দৰে; [QE][QS]যিজনে তেওঁৰ খং তোলে, তেওঁ নিজৰ জীৱন হেৰুৱাই। [QE]
3. [QS]বিবাদৰ পৰা দূৰত থকাই মানুহৰ সন্মান; [QE][QS]কিন্তু প্ৰত্যেক অজ্ঞানী লোকে বিতৰ্কত সোমায়। [QE]
4. [QS]এলেহুৱা লোকে শৰৎ কালত হাল নাবায়; [QE][QS]আৰু তেওঁ শস্য দোৱাৰ সময়ত অলপ শস্য বিচাৰে, কিন্তু একোকে নাপায়। [QE]
5. [QS]মানুহৰ হৃদয়ৰ অভিপ্রায় গভীৰ জলৰ দৰে; [QE][QS]কিন্তু সেই কল্পনা বিবেচক ব্যক্তিয়ে বাহিৰত প্রকাশ কৰে। [QE]
6. [QS]বহুতো লোকে নিজৰ সাধুতা ঘোষণা কৰে; [QE][QS]কিন্তু বিশ্বাসী লোক কোনে বিচাৰি পায়? [QE]
7. [QS]ন্যায় কাৰ্য কৰা লোকে নিজৰ ন্যায়পৰায়ণতাত চলে, [QE][QS]আৰু তেওঁক অনুসৰণ কৰা তেওঁৰ সন্তান সকল সুখী হয়। [QE]
8. [QS]সিংহাসনত বহা ৰজাই বিচাৰকৰ দ্বায়ীত্ব পালন কৰে; [QE][QS]তেওঁৰ আগত থকা সকলো দুষ্টতা তেওঁৰ দৃষ্টিৰে পৰীক্ষা কৰে। [QE]
9. [QS]কোনে ক’ব পাৰে “মই মোৰ হৃদয় শুদ্ধ কৰি ৰাখিছোঁ, [QE][QS]আৰু মোৰ পাপৰ পৰা মই মুক্ত হ’লো? [QE]
10. [QS]পাৰ্থক্য থকা ওজন, আৰু অসমান জোখ, [QE][QS]এই দুয়োটাকে যিহোৱাই ঘিণ কৰে। [QE]
11. [QS]এনেকি যুৱক এজনে তেওঁৰ কাৰ্যৰ দ্বাৰাই পৰিচিত হয়, [QE][QS]শুদ্ধ আৰু ন্যায়পৰায়ণ আচৰণৰ দ্বাৰাই তেওঁক বুজিব পৰা যায়। [QE]
12. [QS]শ্ৰৱনকাৰী কাণ আৰু দৰ্শনকাৰী চকু, [QE][QS]এই দুয়োকো যিহোৱাই সৃষ্টি কৰিলে। [QE]
13. [QS]নিদ্ৰাক ভাল নাপাবা অথবা, তুমি দৰিদ্ৰ হবা; [QE][QS]তোমাৰ চকু মেলা, আৰু তোমাৰ প্রচুৰ পৰিমাণে খোৱা বস্তু থাকিব। [QE]
14. [QS]কিনা জনে কয়, “বেয়া! বেয়া! [QE][QS]কিন্তু যেতিয়া তেওঁ আঁতৰি যায়, তেতিয়া তেওঁ অহংকাৰ কৰে। [QE]
15. [QS]সোণ আৰু অজস্র মূল্যবান পাথৰ আছে; [QE][QS]কিন্তু জ্ঞানযুক্ত ওঁঠ অমূল্য ৰত্ন। [QE]
16. [QS]যি জনে অচিনাকীৰ জামিন হয়, তেওঁৰ বস্ত্ৰ লোৱা; [QE][QS]যেতিয়া তেওঁ কোনো ব্যভিচাৰিণীৰ বাবে জামিন হয়, তেতিয়া তেওঁৰ পৰা বন্ধক লোৱা। [QE]
17. [QS]প্ৰবঞ্চনাৰে পোৱা পিঠাৰ সোৱাদ মিঠা লাগে; [QE][QS]কিন্তু পাছত তেওঁৰ মুখ শিলেৰে পূৰ্ণ হয়। [QE]
18. [QS]পৰামৰ্শৰ দ্বাৰাই আঁচনিবোৰ সিদ্ধ হয়; [QE][QS]আৰু কেৱল জ্ঞানী লোকৰ নেতৃত্বত যুদ্ধ আৰম্ভ কৰা হয়। [QE]
19. [QS]পৰচৰ্চ্চাকাৰীয়ে গুপুত কথা প্ৰকাশ কৰে; [QE][QS]সেয়ে যি জনে বহু কথা কয়, তেওঁৰ সৈতে সহযোগ নকৰিবা। [QE]
20. [QS]যি জনে নিজৰ পিতৃক নাইবা মাতৃক শাও দিয়ে, [QE][QS]ঘোৰ অন্ধকাৰত তাৰ চাকি নুমাই যায়। [QE]
21. [QS]উত্তৰাধিকাৰ আৰম্ভণীতে শীঘ্ৰে পোৱা যায়; [QE][QS]কিন্তু শেষত সেয়ে ভাল নহব। [QE]
22. [QS]এইদৰে নকবা, “মই তোমাৰ ভুলৰ বাবে প্ৰতিকাৰ সাধিম!” [QE][QS]যিহোৱালৈ অপেক্ষা কৰা, তেওঁ তোমাক উদ্ধাৰ কৰিব। [QE]
23. [QS]যিহোৱাই অসমান ওজন ঘিণ কৰে, [QE][QS]ফাঁকি তুলাচনী ভাল নহয়। [QE]
24. [QS]মানুহৰ ভৰিৰ খোজ যিহোৱাৰ পৰিচালিত; [QE][QS]তেনেহলে মানুহে কেনেকৈ নিজৰ পথ বুজিব? [QE]
25. [QS]কোনো লোকে হঠাতে “এই বস্তু পবিত্ৰ” বুলি কোৱা, মানুহ; [QE][QS]আৰু সঙ্কল্প কৰাৰ পাছত তাৰ অৰ্থ কি সেই বিষয়ে চিন্তা কৰা মানুহৰ বাবে ফান্দৰ দৰে। [QE]
26. [QS]জ্ঞানী ৰজাই দুষ্টসকলক পৃথক কৰে, [QE][QS]আৰু তাৰ পাছত তেওঁ শষ্য মৰা গাড়ী তেওঁলোকৰ ওপৰেদি চলায়। [QE]
27. [QS]মানুহৰ আত্মা যিহোৱাৰ প্ৰদীপস্বৰূপ; [QE][QS]সেয়ে তেওঁ সকলোৰে অন্তৰৰ ভিতৰ অংশ বিচাৰে। [QE]
28. [QS]বিশ্বাসযোগ্য আৰু বিশ্বস্বতাৰ নিয়মে ৰজাক সংৰক্ষিত কৰে, [QE][QS]আৰু তেওঁৰ সিংহাসন প্রেমৰ দ্বাৰাই নিৰাপদে থাকে। [QE]
29. [QS]যুৱকৰ বলেই তেওঁৰ গৌৰৱ, [QE][QS]আৰু পকা চুলিয়ে বৃদ্ধ লোকৰ অভিজ্ঞতা দৰ্শাই। [QE]
30. [QS]ঘা লগোৱা প্ৰহাৰে দুষ্টতা পৰিষ্কাৰ কৰে, [QE][QS]আৰু প্রহাৰে অন্তৰৰ গভীৰতম অংশ পৰিষ্কাৰ কৰে। [QE]