1. [QS]মৃদু উত্তৰে ক্ৰোধ ক্ষান্ত কৰে; [QE][QS]কিন্তু কঠোৰ কথাই খং তোলে। [QE]
2. [QS]জ্ঞানীলোকৰ জিভাই জ্ঞানৰ প্ৰশংসা কৰে; [QE][QS]কিন্তু অজ্ঞানীৰ মুখে অজ্ঞানতাৰ কথা কয়। [QE]
3. [QS]যিহোৱাৰ দৃষ্টি সকলো ঠাইতে থাকে, [QE][QS]ভাল আৰু বেয়াৰ ওপৰত তেওঁৰ দৃষ্টি থাকে। [QE]
4. [QS]সুস্থ জিভা জীৱন বৃক্ষস্বৰূপ; [QE][QS]কিন্তু প্রতাৰণাপূৰ্ণ জিভাই আত্মাক গুৰি কৰে। [QE]
5. [QS]অজ্ঞানী লোকে নিজৰ পিতৃৰ নিয়মানুৱৰ্তিতা অৱজ্ঞা কৰে; [QE][QS]কিন্তু যি জনে শুধৰণিৰ পৰা শিক্ষা লয়, তেওঁ দূৰদৰ্শী। [QE]
6. [QS]যি সকলে সত্যতাত চলে, তেওঁলোকৰ ভঁৰাল বৃহৎ হয়; [QE][QS]কিন্তু দুষ্ট সকলৰ উপাৰ্জনে তেওঁলোকক সমস্যাত পেলায়। [QE]
7. [QS]জ্ঞানী লোকৰ ওঁঠে জ্ঞানৰ বিষয়ে কয়, [QE][QS]কিন্তু অজ্ঞানী লোকৰ হৃদয়ে সেইদৰে নকৰে। [QE]
8. [QS]দুষ্ট সকলৰ বলিদান যিহোৱাই ঘিণ কৰে; [QE][QS]কিন্তু ন্যায়পৰায়ণ লোকৰ প্ৰাৰ্থনাত তেওঁ আনন্দিত হয়। [QE]
9. [QS]দুষ্ট লোকৰ পথ যিহোৱাই ঘিণ কৰে; [QE][QS]কিন্তু সত্যতাক অনুসৰণ কৰা জনক তেওঁ প্ৰেম কৰে। [QE]
10. [QS]যিজনে সৎ পথ ত্যাগ কৰে, তেওঁলৈ কঠিন শাস্তি থাকে; [QE][QS]আৰু যিজনে অনুযোগ ঘিণ কৰে তেওঁৰ মৃত্যু হ’ব। [QE]
11. [QS]চিয়োল আৰু বিনাশ যিহোৱাৰ দৃষ্টিত লুকাই থকা নাই; [QE][QS]তেনেহ’লে কিমান অধিক পৰিমাণে মনুষ্য সন্তান সকলৰ হৃদয় তেওঁৰ দৃষ্টিত থাকে। [QE]
12. [QS]নিন্দক লোকে অনুযোগত বিৰক্তি পায়; [QE][QS]তেওঁ জ্ঞানী লোকৰ ওচৰলৈ নাযায়। [QE]
13. [QS]আনন্দিত হৃদয়ে মুখমণ্ডলক প্ৰফুল্লিত কৰে; [QE][QS]কিন্তু মানসিক যন্ত্রণাই আত্মা ভাঙি দিয়ে। [QE]
14. [QS]সুবিবেচকৰ হৃদয়ে জ্ঞান বিচাৰ কৰে; [QE][QS]কিন্তু অজ্ঞানী লোকৰ মুখে অজ্ঞানতা গ্রহণ কৰে। [QE]
15. [QS]নিৰ্যাতিত লোকৰ সকলো দিন কষ্টদায়ক; [QE][QS]কিন্তু প্ৰফুল্লিত হৃদয়ৰ ভোজ চিৰস্থায়ী। [QE]
16. [QS]বিভ্রান্তিৰ সৈতে বৃহৎ ভঁৰালতকৈ [QE][QS]যিহোৱালৈ ভয় কৰি ৰখা অলপেই ভাল। [QE]
17. [QS]হিংসাৰ সৈতে স্বাস্থ্যৱান গৰুতকৈ [QE][QS]প্রেমেৰে সৈতে শাক-পাচলি ভোজন কৰাই ভাল। [QE]
18. [QS]ক্রোধি লোকে বিতৰ্কৰ সৃষ্টি কৰে; [QE][QS]কিন্তু ক্ৰোধত ধীৰ লোকে বিবাদ ক্ষান্ত কৰে। [QE]
19. [QS]এলেহুৱাৰ পথ কাঁইটৰ বেৰা স্বৰূপ; [QE][QS]কিন্তু ন্যায়পৰায়ণৰ পথ ৰাজপথ স্বৰূপ। [QE]
20. [QS]জ্ঞানৱান পুত্ৰই পিতৃক আনন্দিত কৰে; [QE][QS]কিন্তু অজ্ঞানলোকে নিজ মাতৃক অবজ্ঞা কৰে। [QE]
21. [QS]জ্ঞানশূন্যজনক অজ্ঞান জনে আনন্দ দিয়ে; [QE][QS]কিন্তু যি জন বিবেচক, তেওঁ সৰল পথত চলে। [QE]
22. [QS]পৰামৰ্শৰ অবিহনে কৰা পৰিকল্পনা ব্যৰ্থ হয়; [QE][QS]কিন্তু বহু লোকৰ পৰামৰ্শত সেয়ে সিদ্ধ হয়। [QE]
23. [QS]মানুহে নিজৰ উপযুক্ত উত্তৰত আনন্দ পায়, [QE][QS]আৰু উচিত সময়ত কোৱা বাক্য কেনে ভাল। [QE]
24. [QS]দূৰদৰ্শী লোকৰ বাবে জীৱনৰ পথ উৰ্দ্ধগামী হয়; [QE][QS]যাতে তলত থকা চিয়োলৰ পৰা তেওঁ আতৰিব পাৰে। [QE]
25. [QS]যিহোৱাই অহঙ্কাৰীলোকৰ উত্তৰাধিকাৰী উচ্ছন্ন কৰে, [QE][QS]কিন্তু তেওঁ বিধৱা লোকৰ সম্পত্তি সুৰক্ষিত কৰে। [QE]
26. [QS]যিহোৱাই দুষ্ট লোকৰ কল্পনা ঘিণ কৰে; [QE][QS]কিন্তু দয়াশীলৰ বাক্যবোৰ নিৰ্মল। [QE]
27. [QS]ডকাইতে নিজৰ পৰিয়াললৈ সমস্যা আনে; [QE][QS]কিন্তু ভেঁটি ঘিণ কৰা জন কুশলে থাকে। [QE]
28. [QS]সত্যতাত চলা জনৰ হৃদয়ে উত্তৰ দিয়াৰ পূৰ্বেই চিন্তা কৰে; [QE][QS]কিন্তু দুষ্টলোকৰ মুখেৰে সকলো বেয়া কথা বাহিৰ হয়। [QE]
29. [QS]যিহোৱা দুষ্টলোকৰ পৰা দূৰত থাকে; [QE][QS]কিন্তু সত্যতাত চলাজনৰ প্ৰাৰ্থনা শুনে। [QE]
30. [QS]চকুৰ প্ৰসন্নতাই হৃদয়ক আনন্দিত কৰে; [QE][QS]আৰু শুভবাৰ্ত্তাই শৰীৰক স্বাস্থ্যৱান কৰে। [QE]
31. [QS]যেতিয়া কোনো এজনে তোমাৰ আচৰণ শুধৰাই দিয়ে আৰু যদি তুমি মনোযোগ দিয়া, [QE][QS]তেতিয়া তুমি জ্ঞানীসকলৰ মাজত গণ্য হবা। [QE]
32. [QS]যিজনে নিয়মানুবৰ্তিতা অগ্ৰাহ্য কৰে, তেওঁ নিজকে হেয়জ্ঞান কৰে; [QE][QS]কিন্তু যি জনে অনুযোগ শুনে, তেওঁ সুবিবেচনা লাভ কৰে। [QE]
33. [QS]যিহোৱালৈ ৰখা ভয়ে প্ৰজ্ঞাৰ শিক্ষা দিয়ে, [QE][QS]আৰু নম্ৰতা সন্মানৰ আগত আহে। [QE]