1. [QS]মোৰ সন্তাপ হ’ল! [QE][QS]কাৰণ মই গ্রীষ্মকালৰ ফল চপাই শেষ হৈ যোৱাৰ নিচিনা, [QE][QS]আৰু দ্ৰাক্ষাবাৰীত থাকি যোৱা দ্রাক্ষাগুটি গোটোৱাৰ দৰে হলোঁ, [QE][QS]কাৰণ তাত পুনৰ কোনো ফলৰ থোপা বিচাৰি পোৱা নাযায়, [QE][QS]তথাপিও মই প্ৰথমে পকা ডিমৰু ফল পাবলৈ ইচ্ছা কৰিছোঁ। [QE]
2. [QS]পৃথিবীৰ পৰা ঈশ্বৰ বিশ্বাসী লোক উচ্ছন্ন হ’ল, [QE][QS]লোকসকলৰ মাজত এজনো ন্যায়পৰায়ণ লোক অৱশিষ্ট নাই; [QE][QS]তেওঁলোক সকলোৱে ৰক্তপাত কৰিবলৈ খাপ দি থাকে, [QE][QS]প্ৰতিজন লোক আৰু তেওঁৰ ভায়েকসকলে জালেৰে আনকোনো এজন লোকক ধৰে। [QE]
3. [QS]অনিষ্ট কাৰ্য কৰিবলৈ তেওঁলোকৰ হাত পাৰ্গত; [QE][QS]শাসনকৰ্তাই ধন খোজে, [QE][QS]বিচাৰকৰ্তাই উৎকোচ ল’বলৈ প্রস্তুত থাকে, [QE][QS]আৰু প্রভাৱশালী লোকে যি পাবলৈ ইচ্ছা কৰে, তাক আনৰ আগত কয়; [QE][QS]সেয়ে তেওঁলোকে একেলগে পৰিকল্পনা কৰে। [QE]
4. [QS]তেওঁলোকৰ মাজৰ শ্রেষ্ঠ জন জংঘলী গোলাপৰ দৰে, [QE][QS]ন্যায়পৰায়ণ লোক জোপোহা কাঁইটীয়া গছৰ বেৰা; [QE][QS]তোমাৰ প্ৰহৰীসকলৰ দ্বাৰাই কোৱা ভবিষ্যতবাণীৰ দিন এয়ে; [QE][QS]তোমাৰ দণ্ডৰ দিন এয়া; [QE][QS]এতিয়া তাত বিভ্রান্তিৰ সৃষ্টি হৈছে। [QE]
5. [QS]কোনো চুবুৰীয়াক বিশ্বাস নকৰিবা, [QE][QS]কোনো বন্ধুৰ ওপৰত আস্থা নাৰাখিবা, [QE][QS]তুমি কি কৈছা, সেই বিষয়ে সাৱধান হোৱা, [QE][QS]এনে কি, যি মহিলাই তোমাৰ আঁৰত মিছা কথা কয়, তেওঁৰ প্রতিও সাৱধান হোৱা; [QE]
6. [QS]কাৰণ পুত্রই নিজৰ পিতৃক অমান্য কৰে, [QE][QS]জীয়েকে নিজৰ মাতৃৰ বিৰুদ্ধে উঠে, [QE][QS]আৰু বোৱাৰীয়েকে নিজৰ শাহুৱেকৰ বিৰুদ্ধে উঠে; [QE][QS]তেওঁৰ নিজৰ ঘৰৰ মানুহেই তেওঁৰ শত্ৰু হয়; [QE]
7. [QS]কিন্তু মই হ’লে, যিহোৱালৈ অপেক্ষা কৰিম; [QE][QS]মই মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰলৈ অপেক্ষা কৰিম; [QE][QS]মোৰ ঈশ্বৰে মোৰ কথা শুনিব। [QE]
8. [QS]হে মোৰ শত্রু, মোৰ অহিতে আনন্দ নকৰিবা; [QE][QS]মই পৰি যোৱাৰ পাছত, [QE][QS]পুনৰ উঠিম, [QE][QS]মই যেতিয়া অন্ধকাৰত বহোঁ, [QE][QS]তেতিয়া যিহোৱা মোৰ বাবে পোহৰ হয়। [QE]
9. [QS]কাৰণ মই যিহোৱাৰ অহিতে পাপ কৰিলোঁ, [QE][QS]তেওঁ মোৰ বিষয়ে বিচাৰ নকৰালৈকে, [QE][QS]মই তেওঁৰ ক্ৰোধ সহন কৰিম[* তেওঁৰ ক্ৰোধ বৈ লৈ যাম ], [QE][QS]আৰু তেওঁ মোৰ বাবে ন্যায় বিচাৰ কৰিব, [QE][QS]তেওঁ মোক পোহৰলৈ আনিব, [QE][QS]তেতিয়া ন্যায় বিচাৰেৰে তেওঁ মোক ৰক্ষা কৰা, মই দেখিবলৈ পাম। [QE]
10. [QS]তেতিয়া মোৰ শত্রুৱে সেয়া চাব, [QE][QS]“তোমাৰ ঈশ্বৰ যিহোৱা ক’ত?” [QE][QS]বুলি সোধা জন লাজত পৰিব, [QE][QS]মোৰ দৃষ্টিয়ে তেওঁক চাব; [QE][QS]তেওঁক বাটৰ বোকাৰ নিচিনাকৈ গচকা হ’ব। [QE]
11. [QS]তোমাৰ দেৱালবোৰ নিৰ্মাণ কৰাৰ দিন আহিছে; [QE][QS]সেই দিনা সীমাবোৰ দূৰলৈকে সম্প্ৰসাৰিত হ’ব। [QE]
12. [QS]সেই দিনা অচূৰৰ পৰা মিচৰত থকা নগৰবোৰলৈকে, [QE][QS]মিচৰৰ পৰা বৃহত নদীলৈকে, [QE][QS]সমুদ্ৰৰ পৰা সমুদ্রলৈকে, [QE][QS]আৰু পৰ্ব্বতৰ পৰা পৰ্ব্বতলৈকে, [QE][QS]আপোনাৰ লোকসকল আপোনাৰ ওচৰলৈ আহিব। [QE]
13. [QS]এতিয়া তাত বাস কৰা লোকসকলৰ, [QE][QS]আৰু তেওঁলোকৰ কৰ্মৰ ফলৰ কাৰণে, [QE][QS]সেই দেশবোৰ উচ্ছন্ন হ’ব। [QE]
14. [QS]আপোনাৰ লোকসকলক আৰু আপোনাৰ আধিপত্যৰ পশুৰ জাকক, [QE][QS]আপোনাৰ লাখুটিৰে চৰাওক; [QE][QS]যদিও তেওঁলোক কর্মিল পাহাৰৰ [QE][QS]অৰণ্যত অকলশৰে আছে, [QE][QS]তথাপিও তেওঁলোকক আগৰ দৰেই, [QE][QS]বাচানত আৰু গিলিয়দত খাবলৈ দিয়ক। [QE]
15. [QS]তোমালোক মিচৰৰ দেশৰ পৰা ওলাই অহা দিনৰ দৰে, [QE][QS]মই তেওঁলোকক আচৰিত কাৰ্য দেখুৱাম। [QE]
16. [QS]দেশবাসীয়ে সেই সকলো দেখিব [QE][QS]আৰু নিজৰ সকলো পৰাক্ৰমৰ বিষয়ে লাজ্জিত হ’ব, [QE][QS]তেওঁলোকে তেওঁলোকৰ হাত মুখত দিব, [QE][QS]আৰু তেওঁলোকৰ কাণ কলা হ’ব। [QE]
17. [QS]তেওঁলোকে সাপৰ দৰে ধূলি চেলেকিব, [QE][QS]আৰু পৃথিবীত বগাই ফুৰা প্ৰাণীৰ দৰে, [QE][QS]তেওঁলোকে গুহাৰ পৰা ভয়েৰে বাহিৰ ওলাব; [QE][QS]তেওঁলোকে ভয়েৰে আমাৰ ঈশ্বৰ যিহোৱাৰ ওচৰলৈ আহিব, [QE][QS]আৰু আপোনাৰ কাৰণে তেওঁলোকে ভয় কৰিব। [QE]
18. [QS]পাপ ক্ষমা কৰা, [QE][QS]আৰু নিজৰ আধিপত্যৰ অৱশিষ্ট ভাগৰ অপৰাধ এৰি দিয়া, [QE][QS]এনে আপোনাৰ দৰে ঈশ্বৰ কোন আছে? [QE][QS]আপুনি আপোনাৰ ক্রোধ চিৰকাললৈকে ধৰি নাৰাখে, [QE][QS]কাৰণ আপুনি আপোনাৰ নিৰ্ভৰযোগ্য চুক্তি আমাক দেখুৱাবলৈ ভাল পায়। [QE]
19. [QS]আপুনি পুনৰ আমাক দয়া কৰিব, [QE][QS]আমাৰ অপৰাধবোৰ আপোনাৰ ভৰিৰে গচকিব; [QE][QS]আপুনি আমাৰ সকলো পাপ গভীৰ সমুদ্ৰত পেলাই দিব। [QE]
20. [QS]যি দৰে আপুনি অনাদি কালত আমাৰ পূৰ্বপুৰুষসকলৰ আগত শপত কৰিছিল, [QE][QS]সেই দৰে আপুনি যাকোবলৈ সত্যতা [QE][QS]আৰু অব্ৰাহামলৈ বিশ্বস্ততাৰ চুক্তি দেখুৱাব। [QE]