1. {ইস্ৰায়েলৰ ভাবী মঙ্গল। } [QS]কিন্তু আহি থকা দিনত এইদৰে ঘটিব, [QE][QS]যিহোৱাৰ গৃহ থকা পৰ্ব্বতটো [QE][QS]আন পৰ্ব্বতবোৰৰ ওপৰত স্থাপন কৰা হ’ব। [QE][QS]এই গৃহটি পাহাৰবোৰতকৈয়ো উচ্চ কৰা হ’ব; [QE][QS]আৰু লোকসকল সোঁত বোৱাদি তালৈ যাব। [QE]
2. [QS]অনেক দেশৰ লোক যাব আৰু ক’ব, [QE][QS]“আহাঁ, আমি যিহোৱাৰ পৰ্ব্বতটোলৈ উঠোহঁক, [QE][QS]আৰু যাকোবৰ ঈশ্বৰৰ গৃহলৈ যাওঁহক। [QE][QS]তেওঁ আমাক তেওঁৰ পথৰ বিষয়ে শিক্ষা দিব, [QE][QS]আৰু আমি তেওঁৰ পথত চলিম;” [QE][QS]কিয়নো চিয়োনৰ পৰা বিধান, [QE][QS]আৰু যিৰূচালেমৰ পৰা যিহোৱাৰ বাক্য বাহিৰ ওলাব। [QE]
3. [QS]তেওঁ অনেক লোকৰ মাজত বিচাৰ কৰিব, [QE][QS]আৰু দূৰত থকা বহুতো দেশবাসীৰ বিষয়ে সিদ্ধান্ত ল’ব; [QE][QS]তেওঁলোকে তেওঁলোকৰ তৰোৱাল ভাঙি নাঙলৰ ফাল, [QE][QS]আৰু তেওঁলোকৰ যাঠী ভাঙি কলম দিয়া কটাৰী গঢ়াই ল’ব; [QE][QS]এটা দেশে আন দেশৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব, [QE][QS]অথবা তেওঁলোকে যুদ্ধবিদ্যা পুনৰ নিশিকিব। [QE]
4. [QS]তাৰ পৰিৱৰ্তে প্ৰতিজন লোকে দ্ৰাক্ষাবাৰী, [QE][QS]আৰু ডিমৰু গছৰ তলত বহিব। [QE][QS]কোনেও তেওঁলোকক ভয় খুৱাব নোৱাৰিব; [QE][QS]কাৰণ বাহিনীসকলৰ যিহোৱাই নিজৰ মুখেৰে এই কথা কৈছিল, [QE]
5. [QS]কাৰণ সকলো লোকে [QE][QS]নিজৰ নিজৰ দেৱতাৰ নামেৰে চলে, [QE][QS]কিন্তু আমি চিৰকাললৈকে [QE][QS]আমাৰ ঈশ্বৰ যিহোৱাৰ নামেৰে চলিম। [QE]
6. [QS]যিহোৱাই কৈছে, “সেই দিনা মই যিসকলক দুৰ্দশাগ্রস্ত কৰিছিলোঁ, [QE][QS]সেই পঙ্গুসকলক মই একগোট কৰিম, [QE][QS]আৰু অনুন্নত লোকসকলক একত্রিত কৰিম। [QE]
7. [QS]মই পঙ্গুক অৱশিষ্ট কৰি ৰাখিম, [QE][QS]আৰু যিজনক দূৰ কৰা হৈছিল, তেওঁক এক বলৱান জাতি কৰিম; [QE][QS]আৰু মই, যিহোৱাই এতিয়াৰ পৰা চিৰকাললৈকে [QE][QS]চিয়োন পৰ্ব্বতত তেওঁলোকৰ ওপৰত ৰাজত্ব কৰিম। [QE]
8. [QS]তোমালোক পশুৰ জাকৰ বাবে পহৰা দিয়া দুৰ্গ, [QE][QS]আৰু তোমালোকলৈ [QE][QS]চিয়োন জীয়ৰীৰ পাহাৰ, [QE][QS]পূৰ্বৰ শাসন, [QE][QS]যিৰূচালেম জীয়ৰীৰ ৰাজ্য আহিব। [QE]
9. [QS]এতিয়া কিয় তোমালোকে চিঞৰি কান্দিছা? [QE][QS]প্ৰসৱ কৰা মহিলাৰ দৰে, তোমালোকৰ যে আকস্মিক বেদনা হৈছে; [QE][QS]তোমালোকৰ মাজত কোনো ৰজা নাই নে? [QE][QS]আৰু তোমালোকৰ পৰামৰ্শদাতা বিনষ্ট হ’ল নে? [QE]
10. [QS]চিয়োন জীয়ৰী, [QE][QS]বেদনা অনুভৱ কৰা, [QE][QS]প্রসৱ কৰিবলৈ লোৱা মহিলাৰ দৰে, [QE][QS]উৎপন্ন কৰিবলৈ পৰিশ্রম কৰা, [QE][QS]কাৰণ তোমালোক এতিয়া নগৰৰ পৰা বাহিৰ ওলাই গৈ, [QE][QS]পথাৰত থাকিব লাগিব, [QE][QS]আৰু বাবিললৈ যাব লাগিব; [QE][QS]সেই ঠাইতে তোমালোকে উদ্ধাৰ পাবা, [QE][QS]সেই ঠাইতেই যিহোৱাই তোমাৰ [QE][QS]শত্ৰুৰ হাতৰ পৰা তোমাক মুক্ত কৰিব। [QE]
11. [QS]এতিয়া অনেক দেশ তোমালোকৰ বিৰুদ্ধে একত্রিত হ’ব; [QE][QS]তেওঁলোকে কৈছে, তেওঁক কলুষিত হ’ব দিয়া, [QE][QS]আমাৰ চকুক চিয়োনক আগ্রহেৰে চাব দিয়া।” [QE]
12. [QS]ভাববাদীয়ে কৈছে, “তেওঁলোকে যিহোৱাৰ কল্পনাবোৰ নাজানে, [QE][QS]নাইবা তেওঁলোকে তেওঁৰ আঁচনিবোৰ নুবুজে; [QE][QS]কাৰণ তেওঁ মৰণা মৰা ঠাইত ডাঙৰি গোটোৱাৰ দৰে তেওঁলোকক গোটাইছে।” [QE]
13. [QS]যিহোৱাই কৈছে, “হে চিয়োন জীয়ৰী উঠা, আৰু প্রহাৰ কৰা; [QE][QS]কাৰণ মই তোমাৰ শিং লোহাৰ [QE][QS]আৰু তোমাৰ খুৰা পিতলৰ কৰিম; [QE][QS]তুমি অনেক লোকক মাৰি চূৰ্ণ কৰিবা; [QE][QS]মই যিহোৱাই নিজৰ বাবে তেওঁলোকৰ অন্যায়ৰ সম্পত্তি উৎসৰ্গ কৰিম, [QE][QS]তেওঁলোকৰ অধিকাৰ গোটেই পৃথিবীৰ প্ৰভুৰ উদ্দেশ্যে উৎসৰ্গ কৰিম।” [QE]