1. {#1দায়ুদৰ ৰচিত গীত } [QS]তুমি দুষ্টবোৰৰ কাৰণে অস্থিৰ নহবা; [QE][QS]কুকার্য কৰাবোৰক দেখি হিংসা নকৰিবা। [QE]
2. [QS]কিয়নো তেওঁলোক ঘাঁহৰ দৰে শীঘ্রেই শুকাই যাব, [QE][QS]সেউজীয়া তৃণৰ নিচিনাকৈ জঁয় পৰিব। [QE]
3. [QS]যিহোৱাত ভাৰসা ৰাখা আৰু সুকৰ্ম কৰা; [QE][QS]দেশত বাস কৰা আৰু নিৰাপদে থাকা। [QE]
4. [QS]যিহোৱাত আনন্দ কৰা; [QE][QS]তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূর্ণ কৰিব। [QE]
5. [QS]তোমাৰ পথ যিহোৱাত সমৰ্পণ কৰা; [QE][QS]তেওঁত ভাৰসা ৰাখা; তাতে তেৱেঁই সকলো কৰিব। [QE]
6. [QS]তেৱেঁই তোমাৰ সততা দীপ্তিৰ দৰে উজ্জ্বল কৰি তুলিব; [QE][QS]তোমাৰ ন্যায় কাৰ্য দুপৰীয়াৰ ৰ’দৰ নিচিনাকৈ প্ৰকাশ কৰিব। [QE]
7. [QS]যিহোৱাৰ আগত শান্ত হোৱা; [QE][QS]ধৈৰ্যেৰে তেওঁলৈ অপেক্ষা কৰা। [QE][QS]যি মানুহে নিজৰ দুষ্ট পৰিকল্পনাৰে কৃতকাৰ্য্য হবলৈ কর্ম কৰে, তাত তুমি অসন্তোষ্ট নহ’বা; [QE]
8. [QS]ক্ৰোধ এৰা, কোপ ত্যাগ কৰা; [QE][QS]বেজাৰ নকৰিবা, কেৱল হানিহে হয়। [QE]
9. [QS]কিন্তু দুষ্টবোৰ উচ্ছন্ন হব, কিন্তু যিহোৱালৈ অপেক্ষা কৰা লোকে হলে দেশ অধিকাৰ কৰিব। [QE]
10. [QS]কিন্তু অলপতে দুষ্টলোক শেষ হৈ যাব; তুমি যত্নেৰে বিচাৰিলেও তেওঁলোকৰ ঠাইত তেওঁলোকক পোৱা নাযাব। [QE]
11. [QS]কিন্তু নম্ৰসকলে দেশ অধিকাৰ কৰিব; প্ৰচুৰ আশীর্বাদ পাই তেওঁলোক আনন্দিত হব। [QE]
12. [QS]দুষ্টই ধাৰ্মিকলোকৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰে; [QE][QS]তেওঁলোকৰ বিৰুদ্ধে দাঁত কৰঁচে। [QE]
13. [QS]প্ৰভুৱে তেওঁলোকক দেখি হাঁহিছে; [QE][QS]কিয়নো তেওঁ দেখিছে যে, তেওঁলোকৰ শেষ দিন চাপি আহিছে। [QE]
14. [QS]দুখী-দৰিদ্ৰক বিনাশ কৰিবলৈ আৰু সৎ পথত চলাসকলক বধ কৰিবলৈ, [QE][QS]দুষ্টবোৰে নিজৰ তৰোৱাল উলিয়াইছে আৰু নিজৰ নিজৰ ধনু ভিৰাইছে। [QE]
15. [QS]কিন্তু তেওঁলোকৰ তৰোৱাল তেওঁলোকৰ নিজৰ বুকুতে সোমাব, [QE][QS]আৰু তেওঁলোকৰ ধনু ভঙা হব। [QE]
16. [QS]দুষ্টলোকৰ প্রচুৰ ধনৰাশিতকৈয়ো, [QE][QS]ধাৰ্মিকৰ অলপ সম্পত্তিয়েই ভাল। [QE]
17. [QS]কিয়নো দুষ্টবোৰৰ বাহু ভঙা হব। [QE][QS]কিন্তু যিহোৱাই ধাৰ্মিকসকলক ধৰি ৰাখিব। [QE]
18. [QS]সিদ্ধ লোকৰ সকলো দিন যিহোৱাই জানে, [QE][QS]আৰু তেওঁলোকৰ আধিপত্য চিৰকাললৈকে থাকিব। [QE]
19. [QS]সঙ্কটৰ সময়ত তেওঁলোক লাজত নপৰিব, [QE][QS]আৰু আকালৰ সময়ত তেওঁলোক তৃপ্ত হব। [QE]
20. [QS]দুষ্টবোৰ বিনষ্ট হব, [QE][QS]যিহোৱাৰ শত্রুবোৰ পথাৰৰ তৃণৰ শোভাৰ সদৃশ হব; [QE][QS]তেওঁলোক অদৃশ্য হৈ যাব; ধোঁৱাৰ নিচিনাকৈ তেওঁলোক নোহোৱা হ’ব। [QE]
21. [QS]দুষ্টই ধাৰে লয়, কিন্তু তাক পৰিশোধ নকৰে; [QE][QS]কিন্তু ধাৰ্মিক লোক দয়াৱান আৰু দানশীল। [QE]
22. [QS]যিহোৱাৰ আশীৰ্ব্বাদ পোৱাসকল পৃথিবীৰ অধিকাৰী হব, [QE][QS]কিন্তু যি সকলক তেওঁ অভিশাপ দিয়ে, তেওঁলোক উচ্ছন্ন হব। [QE]
23. [QS]যিহোৱাই আমাৰ খোজৰ গতি স্থিৰ কৰে; [QE][QS]তেওঁ তেওঁৰ পথত সন্তোষ পায়। [QE]
24. [QS]তেওঁ উজুতি খাই পৰিলেও নিচেইকৈ পতিত নহব; [QE][QS]কিয়নো যিহোৱাৰ হাতেই তেওঁক ধৰি ৰাখিছে। [QE]
25. [QS]মই যুৱক আছিলোঁ, এতিয়া বুঢ়া হ’লো; [QE][QS]কিন্তু মই ধাৰ্মিকক ত্যাগ কৰা, [QE][QS]নাইবা তেওঁলোকৰ বংশধৰসকলে ভিক্ষা কৰা, এনে কেতিয়াও দেখা নাই। [QE]
26. [QS]ধার্মিকসকল সদায় দয়ালু, আৰু তেওঁলোকে ধাৰে দিয়ে; [QE][QS]তেওঁলোকৰ বংশই আশীৰ্ব্বাদ পায়। [QE]
27. [QS]তুমি দুষ্টতাৰ পৰা আতৰি আহাঁ আৰু ভাল কৰ্ম কৰা; [QE][QS]তুমি চিৰকাল জীয়াই থাকিবা। [QE]
28. [QS]কিয়নো যিহোৱাই ন্যায় বিচাৰ ভাল পায়, [QE][QS]তেওঁৰ ভক্তসকলক তেওঁ পৰিত্যাগ নকৰে; [QE][QS]অনন্ত কাললৈকে তেওঁলোকক ৰক্ষা কৰা হ’ব; [QE][QS]কিন্তু দুষ্টবোৰৰ বংশক হলে ধ্বংস কৰা হ’ব। [QE]
29. [QS]ধাৰ্মিকসকল পৃথিবীৰ অধিকাৰী হব; [QE][QS]তেওঁলোক তাত সৰ্ব্বতিকাললৈকে বাস কৰিব। [QE]
30. [QS]ধাৰ্মিকৰ মুখে জ্ঞানৰ কথা প্ৰচাৰ কৰে, [QE][QS]তেওঁলোকৰ জিভাই ন্যায় কথা প্রকাশ কৰে। [QE]
31. [QS]তেওঁলোকৰ ঈশ্বৰৰ ব্যৱস্থা তেওঁলোকৰ হৃদয়ত আছে; [QE][QS]তেওঁলোকৰ ভৰি পিছলি নাযায়। [QE]
32. [QS]দুষ্টলোকে ধাৰ্মিক লোকলৈ খাপ পাতি থাকে, [QE][QS]তেওঁলোকক বধ কৰিবলৈ বিচাৰে। [QE]
33. [QS]কিন্তু যিহোৱাই দুষ্টলোকৰ হাতত তেওঁলোকক এৰি নিদিব, [QE][QS]বিচাৰত তেওঁলোকক দোষী নকৰিব। [QE]
34. [QS]যিহোৱাৰ অপেক্ষাত থাকা, তেওঁৰ পথত চলা; [QE][QS]তাতে তেওঁ পৃথিবীৰ অধিকাৰী হবলৈ তোমাক উন্নত কৰিব। [QE][QS]দুষ্টবোৰ উচ্ছন্ন হ’লে তুমি তাক দেখিবলৈ পাবা। [QE]
35. [QS]মই দুষ্টলোকৰ অত্যাচাৰ বৃদ্ধি পোৱা দেখিলোঁ, [QE][QS]সেউজ[* লেবানোনৰ এৰচ গছ ] গছৰ দৰে বাঢ়ি যোৱা দেখিলোঁ। [QE]
36. [QS]কিন্তু মই পুনৰ যেতিয়া ওচৰেদি পাৰ হৈ গ’লো[† যেতিয়া তেওঁ পুনৰ ওচৰেদি পাৰ হৈ গ’ল, ], তেওঁলোক নোহোৱা হ’ল; [QE][QS]মই বিচাৰিলোঁ, কিন্তু তেওঁলোকক পোৱা নগ’ল। [QE]
37. [QS]সিদ্ধ লোকৰ জীৱনলৈ লক্ষ্য কৰা, সৎ লোকসকলক নিৰীক্ষণ কৰা; [QE][QS]কিয়নো শান্তিপ্রিয় লোকৰ বংশৰ কল্যাণ হয়। [QE]
38. [QS]কিন্তু পাপী লোক সম্পূর্ণকৈ ধ্বংস হ’ব; [QE][QS]দুষ্টলোকৰ বংশ ধ্বংস হ’ব। [QE]
39. [QS]ধাৰ্মিকসকলৰ পৰিত্ৰাণ যিহোৱাৰ পৰা আহে; [QE][QS]সঙ্কটৰ কালত তেৱেঁই তেওঁলোকৰ আশ্ৰয়। [QE]
40. [QS]যিহোৱাই তেওঁলোকক সহায় আৰু ৰক্ষা কৰে; [QE][QS]দুষ্ট লোকসকলৰ হাতৰ পৰা তেৱেঁই তেওঁলোকক উদ্ধাৰ কৰি পৰিত্রাণ দিয়ে, [QE][QS]কিয়নো তেওঁলোকে তেওঁতে আশ্ৰয় লৈছে। [QE]