Assamese Bible Languages

Indian Language Bible Word Collections
1. [PS]হে ভাই সকল, তেওঁলোকৰ বাবে মোৰ হৃদয়ৰ বাঞ্ছা আৰু ঈশ্বৰৰ আগত জনোৱা প্ৰাৰ্থনা এই যে, তেওঁলোকে যেন পৰিত্রাণ পায়।[* লূক 19:41, 42 ]
2. ঈশ্বৰলৈ তেওঁলোকৰ আগ্ৰহ আছে বুলি মই তেওঁলোকৰ পক্ষে সাক্ষ্য দিছোঁ; কিন্তু সেই আগ্ৰহ জ্ঞান অনুসাৰে নহয়।
3. কাৰণ তেওঁলোকে ঈশ্বৰৰ ধাৰ্মিকতা নাজানি, নিজৰ ধাৰ্মিকতা স্থাপন কৰিবলৈ বিচাৰি, [† লূক 18:9-14 ] ঈশ্বৰৰ ধাৰ্মিকতাৰ বশীভূত নহ’ল। [PE]
4. [PS]কিয়নো ধাৰ্মিকতাৰ কাৰণে বিশ্বাস কৰা প্ৰত্যেক জনৰ বাবে খ্ৰীষ্ট হ’ল বিধানৰ সম্পূৰ্ণতা৷[‡ মথি 5:17; গালা 3:24 ]
5. কাৰণ মোচিয়ে লিখিছে যে, যি মানুহে ব্যৱস্থামূলক ধাৰ্মিকতা পালন কৰে, তেওঁহে এই ধাৰ্মিকতাৰ দ্বাৰা জীয়াই থাকিব। [PE]
6. [PS]কিন্তু বিশ্বাসমূলক ধাৰ্মিকতাই এইদৰে কয়, [§ দ্বি বি 30:11-14 ] “তুমি নিজ হৃদয়ত নক’বা যে, স্বৰ্গলৈ কোন উঠিব? অৰ্থাৎ খ্ৰীষ্টক নমাই আনিবলৈ
7. বা, অগাধ ঠাইলৈ কোন নামিব? অৰ্থাৎ মৃত লোকৰ মাজৰ পৰা খ্ৰীষ্টক তুলি আনিবলৈ৷” [PE]
8. [PS]কিন্তু ই কি কয়? [PE][QS]“সেই বাক্য তোমাৰ ওচৰত, [QE][QS]তোমাৰ মুখত আৰু তোমাৰ হৃদয়তে আছে৷” [QE][PS]সেয়ে আমি ঘোষণা কৰা বিশ্বাসৰ বাক্য৷
9. কিয়নো আপুনি যদি নিজ মুখেৰে যীচুক প্ৰভু বুলি স্বীকাৰ কৰে[* মথি 10:32, 33 ] আৰু ঈশ্বৰে যে তেওঁক মৃত লোকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰে, তেনেহলে পৰিত্ৰাণ পাব।
10. কাৰণ ধাৰ্মিকতাৰ কাৰণে হৃদয়েৰে বিশ্বাস কৰা হয়; আৰু পৰিত্রাণৰ কাৰণে মুখেৰে স্বীকাৰ কৰা হয়। [PE]
11. [PS]কিয়নো ধৰ্মশাস্ত্ৰৰ বচনে কৈছে, [† যিচ 28:16; 49:23 ] “যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ লাজত নপৰিব।”
12. কাৰণ ইহুদী বা গ্ৰীক ইয়াৰ মাজত একো প্ৰভেদ নাই; কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে; যিমান মানুহে তেওঁক বিশ্বাস কৰে, তেওঁলোকৰ বাবে তেওঁ ধনৱান৷
13. কাৰণ যি কোনোৱে প্ৰভুৰ নামেৰে প্ৰাৰ্থনা কৰে, তেওঁ পৰিত্ৰাণ পাব।[‡ যোৱে 2:32 ] [PE]
14. [PS]এতেকে যি জনক তেওঁলোকে বিশ্বাস কৰা নাই, সেই জনৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব? আৰু যি জনৰ বিষয়ে শুনা নাই, তেওঁত নো কেনেকৈ বিশ্বাস কৰিব? আৰু ঘোষণাকাৰী নহ’লে, কেনেকৈ শুনিব?
15. আৰু পঠোৱা নহ’লে, কোনে ঘোষণা কৰিব? এই বিষয়ে লিখাও আছে, [§ যিচ 52:7 ] “মঙ্গলৰ শুভবাৰ্তা প্ৰচাৰ কৰা সকলৰ ভৰি কেনে সুন্দৰ!” [PE]
16. [PS]কিন্তু সকলোৱে যে শুভবাৰ্তা মানি ললে, এনে নহয়; কাৰণ যিচয়ায়ো কৈছে, [* যিচ 53:1; যো 12:37, 38 ] “হে প্ৰভু, আমি কোৱা বাৰ্তা কোনে বিশ্বাস কৰিলে?”
17. এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়। [PE]
18. [PS]কিন্তু মই কওঁ, “তেওঁলোকে জানো শুনিবলৈ পোৱা নাই? অৱশ্যে পালে৷ [PE][QS]তেওঁলোকৰ স্বৰ গোটেই পৃথিৱীলৈ, [QE][QS]আৰু তেওঁলোকৰ কথা জগতৰ সীমালৈকে বিয়পি গ’ল৷”[† গীত 19:4 ] [QE]
19. [PS]তদুপৰি মই কওঁ, “ইস্ৰায়েলৰ লোকে জানো জানিবলৈ পোৱা নাই?” প্ৰথমতে মোচিয়ে কৈছে, [‡ দ্বি বি 32:21 ] [PE][QS]“নগণ্য জাতিৰ দ্বাৰাই তোমালোকৰ ঈৰ্ষা জন্মাম৷ [QE][QS]নিৰ্ব্বোধ জাতিৰ দ্বাৰাই তোমালোকৰ খং তোলাম৷” [QE]
20. [PS]আৰু যিচয়ায়ো অতি সাহস কৰি কৈছে, [§ যিচ 65:1, 2 ] [PE][QS]“যি সকলে মোক নিবিচাৰিলে, তেওঁলোকে মোক পালে৷ [QE][QS]যি বিলাকে মোৰ বিষয়ে নুসুধিলে, তেওঁলোকৰ আগত মই প্ৰকাশিত হ’লোঁ৷” [QE]
21. [PS]কিন্তু ইস্ৰায়েলৰ লোকৰ বিষয়ে তেওঁ কৈছে, “আজ্ঞা নমনা আৰু আপত্তি কৰা লোকলৈ মই ওৰে দিনটো হাত মেলিলোঁ৷” [PE]
Total 16 Chapters, Selected Chapter 10 / 16
1
2 3 4 5 6 7 8 9 10 11 12 13 14 15 16
1 হে ভাই সকল, তেওঁলোকৰ বাবে মোৰ হৃদয়ৰ বাঞ্ছা আৰু ঈশ্বৰৰ আগত জনোৱা প্ৰাৰ্থনা এই যে, তেওঁলোকে যেন পৰিত্রাণ পায়।* লূক 19:41, 42 2 ঈশ্বৰলৈ তেওঁলোকৰ আগ্ৰহ আছে বুলি মই তেওঁলোকৰ পক্ষে সাক্ষ্য দিছোঁ; কিন্তু সেই আগ্ৰহ জ্ঞান অনুসাৰে নহয়। 3 কাৰণ তেওঁলোকে ঈশ্বৰৰ ধাৰ্মিকতা নাজানি, নিজৰ ধাৰ্মিকতা স্থাপন কৰিবলৈ বিচাৰি, লূক 18:9-14 ঈশ্বৰৰ ধাৰ্মিকতাৰ বশীভূত নহ’ল। 4 কিয়নো ধাৰ্মিকতাৰ কাৰণে বিশ্বাস কৰা প্ৰত্যেক জনৰ বাবে খ্ৰীষ্ট হ’ল বিধানৰ সম্পূৰ্ণতা৷ মথি 5:17; গালা 3:24 5 কাৰণ মোচিয়ে লিখিছে যে, যি মানুহে ব্যৱস্থামূলক ধাৰ্মিকতা পালন কৰে, তেওঁহে এই ধাৰ্মিকতাৰ দ্বাৰা জীয়াই থাকিব। 6 কিন্তু বিশ্বাসমূলক ধাৰ্মিকতাই এইদৰে কয়, § দ্বি বি 30:11-14 “তুমি নিজ হৃদয়ত নক’বা যে, স্বৰ্গলৈ কোন উঠিব? অৰ্থাৎ খ্ৰীষ্টক নমাই আনিবলৈ 7 বা, অগাধ ঠাইলৈ কোন নামিব? অৰ্থাৎ মৃত লোকৰ মাজৰ পৰা খ্ৰীষ্টক তুলি আনিবলৈ৷” 8 কিন্তু ই কি কয়? “সেই বাক্য তোমাৰ ওচৰত, তোমাৰ মুখত আৰু তোমাৰ হৃদয়তে আছে৷” সেয়ে আমি ঘোষণা কৰা বিশ্বাসৰ বাক্য৷ 9 কিয়নো আপুনি যদি নিজ মুখেৰে যীচুক প্ৰভু বুলি স্বীকাৰ কৰে* মথি 10:32, 33 আৰু ঈশ্বৰে যে তেওঁক মৃত লোকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰে, তেনেহলে পৰিত্ৰাণ পাব। 10 কাৰণ ধাৰ্মিকতাৰ কাৰণে হৃদয়েৰে বিশ্বাস কৰা হয়; আৰু পৰিত্রাণৰ কাৰণে মুখেৰে স্বীকাৰ কৰা হয়। 11 কিয়নো ধৰ্মশাস্ত্ৰৰ বচনে কৈছে, যিচ 28:16; 49:23 “যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ লাজত নপৰিব।” 12 কাৰণ ইহুদী বা গ্ৰীক ইয়াৰ মাজত একো প্ৰভেদ নাই; কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে; যিমান মানুহে তেওঁক বিশ্বাস কৰে, তেওঁলোকৰ বাবে তেওঁ ধনৱান৷ 13 কাৰণ যি কোনোৱে প্ৰভুৰ নামেৰে প্ৰাৰ্থনা কৰে, তেওঁ পৰিত্ৰাণ পাব। যোৱে 2:32 14 এতেকে যি জনক তেওঁলোকে বিশ্বাস কৰা নাই, সেই জনৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব? আৰু যি জনৰ বিষয়ে শুনা নাই, তেওঁত নো কেনেকৈ বিশ্বাস কৰিব? আৰু ঘোষণাকাৰী নহ’লে, কেনেকৈ শুনিব? 15 আৰু পঠোৱা নহ’লে, কোনে ঘোষণা কৰিব? এই বিষয়ে লিখাও আছে, § যিচ 52:7 “মঙ্গলৰ শুভবাৰ্তা প্ৰচাৰ কৰা সকলৰ ভৰি কেনে সুন্দৰ!” 16 কিন্তু সকলোৱে যে শুভবাৰ্তা মানি ললে, এনে নহয়; কাৰণ যিচয়ায়ো কৈছে, * যিচ 53:1; যো 12:37, 38 “হে প্ৰভু, আমি কোৱা বাৰ্তা কোনে বিশ্বাস কৰিলে?” 17 এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়। 18 কিন্তু মই কওঁ, “তেওঁলোকে জানো শুনিবলৈ পোৱা নাই? অৱশ্যে পালে৷ তেওঁলোকৰ স্বৰ গোটেই পৃথিৱীলৈ, আৰু তেওঁলোকৰ কথা জগতৰ সীমালৈকে বিয়পি গ’ল৷” গীত 19:4 19 তদুপৰি মই কওঁ, “ইস্ৰায়েলৰ লোকে জানো জানিবলৈ পোৱা নাই?” প্ৰথমতে মোচিয়ে কৈছে, দ্বি বি 32:21 “নগণ্য জাতিৰ দ্বাৰাই তোমালোকৰ ঈৰ্ষা জন্মাম৷ নিৰ্ব্বোধ জাতিৰ দ্বাৰাই তোমালোকৰ খং তোলাম৷” 20 আৰু যিচয়ায়ো অতি সাহস কৰি কৈছে, § যিচ 65:1, 2 “যি সকলে মোক নিবিচাৰিলে, তেওঁলোকে মোক পালে৷ যি বিলাকে মোৰ বিষয়ে নুসুধিলে, তেওঁলোকৰ আগত মই প্ৰকাশিত হ’লোঁ৷” 21 কিন্তু ইস্ৰায়েলৰ লোকৰ বিষয়ে তেওঁ কৈছে, “আজ্ঞা নমনা আৰু আপত্তি কৰা লোকলৈ মই ওৰে দিনটো হাত মেলিলোঁ৷”
Total 16 Chapters, Selected Chapter 10 / 16
1
2 3 4 5 6 7 8 9 10 11 12 13 14 15 16
×

Alert

×

Assamese Letters Keypad References