1. {#1ইস্ৰায়েলৰ মূর্তিপূজা } [QS]তোমাৰ মুখত এটি শিঙা ৰাখা। [QE][QS]মোৰ অর্থাৎ যিহোৱাৰ গৃহৰ ওপৰত শত্রু এক ঈগল চৰাইৰ নিচিনাকৈ আহিছে; [QE][QS]কিয়নো ইস্রায়েলবাসীয়ে মই দিয়া নিয়মটি লঙ্ঘন কৰিলে, [QE][QS]আৰু মোৰ ব্যৱস্থাৰ অহিতে বিদ্রোহ কৰিলে। [QE]
2. [QS]ইস্রায়েলে মোৰ ওচৰত কাতৰোক্তি কৰি কৈছে, ‘হে মোৰ ঈশ্বৰ, আমি ইস্ৰায়েলবাসীয়ে আপোনাক জানো।’ [QE]
3. [QS]কিন্তু যি উত্তম, ইস্রায়েলে তাক অগ্রাহ্য কৰিলে; [QE][QS]সেয়ে শত্ৰুৱে তেওঁৰ পাছে পাছে খেদি যাব। [QE]
4. [QS]মোৰ নির্দেশ নোলোৱাকৈয়ে ইস্রায়েলীয়াসকলে ৰজাসকলক নিযুক্ত কৰিলে; [QE][QS]মই নজনাকৈয়ে তেওঁলোকে নেতাসকলক মনোনীত কৰিলে। [QE][QS]তেওঁলোকে নিজৰ নিজৰ সোণ আৰু ৰূপেৰে তেওঁলোকৰ বাবে মূর্তি তৈয়াৰ কৰি নিজৰেই সর্বনাশ কৰিলে। [QE]
5. [QS]হে চমৰিয়া[* চমৰিয়া আছিল ইস্রায়েলৰ ৰাজধানী। ], মই তোমাৰ দামুৰিৰ মূর্তিক অগ্রাহ্য কৰিলোঁ। [QE][QS]এই লোকসকলৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ল; [QE][QS]নির্দোষী হ’বলৈ তেওঁলোকৰ পুনৰ কিমান কাল লাগিব? [QE]
6. [QS]কিয়নো এই দামুৰিৰ মূর্তি ইস্ৰায়েলৰ লোকসকলেই নির্মাণ কৰিছে; [QE][QS]এজন শিল্পকাৰে তাক নির্মাণ কৰিলে; [QE][QS]কিন্তু সেয়া ঈশ্বৰ নহয়; [QE][QS]চমৰিয়াৰ সেই দামুৰিৰ মূর্তিটো ডোখৰ ডোখৰকৈ ভঙা হ’ব। [QE]
7. [QS]তেওঁলোকে বতাহক ৰোপণ কৰে আৰু শেষত বা’মৰলীৰ শস্য দাব। [QE][QS]শস্যৰ গোচাত কোনো দানা নাথাকে, [QE][QS]তাৰ পৰা কোনো আহাৰ উৎপন্ন নহ’ব। [QE][QS]যদি তাত কিছু উৎপন্ন হয়ও, তেন্তে বিদেশীসকলে তাক গ্ৰাস কৰিব। [QE]
8. [QS]ইস্ৰায়েলক গ্ৰাস কৰা হ’ল; [QE][QS]তেওঁলোক এতিয়া বিভিন্ন জাতিবোৰৰ মাজত এক অৱহেলিত পাত্রৰ নিচিনাকৈ আছে। [QE]
9. [QS]এটা বনৰীয়া গাধই অকলে ইফালে-সিফালে ঘূৰি ফুৰাৰ দৰে তেওঁলোক অচূৰলৈকে উঠি গ’ল; [QE][QS]ইফ্ৰয়িমে নিজকে প্রতিৰক্ষা কৰিবলৈ প্ৰেমিকসকলক বেচ দি আনিলে। [QE]
10. [QS]যদিও তেওঁলোকে বিভিন্ন জাতিবোৰৰ সৈতে বেচ দি বন্ধুত্ব কৰিলে, [QE][QS]তথাপিও মই এতিয়া তেওঁলোকক বিনাশ কৰিবলৈ একেলগে গোটাম; [QE][QS]ৰজা আৰু নেতাসকলৰ অত্যাচাৰৰ অধীনত তেওঁলোকে যাতনা ভোগ কৰিব। [QE]
11. [QS]পাপৰ প্রায়শ্চিত্ত কৰিবৰ কাৰণে ইফ্ৰয়িমে অনেক যজ্ঞ-বেদী সাজিলে; [QE][QS]কিন্তু সেইবোৰ পাপ কৰাৰ যজ্ঞ-বেদী হ’ল। [QE]
12. [QS]মোৰ ব্যৱস্থাৰ অনেক কথাও যদি মই লিখোঁ, [QE][QS]সেইবোৰ এক বিজতৰীয়া কোনো অদ্ভুত কথা বুলি গণ্য হ’ব। [QE]
13. [QS]যদিও তেওঁলোকে মোৰ উদ্দেশ্যে পশু বলি দি তাৰ মাংস খায়, [QE][QS]কিন্তু মই, যিহোৱাই তেওঁলোকক গ্ৰহণ নকৰোঁ। [QE][QS]এতিয়া মই তেওঁলোকৰ অপৰাধ সোঁৱৰণ কৰি তেওঁলোকক পাপৰ প্ৰতিফল দিম; [QE][QS]তেওঁলোক মিচৰলৈ উলটি যাব। [QE]
14. [QS]ইস্ৰায়েলে মোক, তেওঁলোকৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰক পাহৰি গৈ ডাঙৰ ডাঙৰ ৰাজগৃহ নির্মাণ কৰিলে; [QE][QS]যিহূদাই অনেক নগৰ গড়েৰে আবৃত কৰিলে; [QE][QS]কিন্তু মই তেওঁৰ নগৰবোৰৰ ওপৰত জুই বর্ষাম; [QE][QS]তাতে তেওঁৰ সকলো কোঁঠ জুইয়ে পুৰি গ্ৰাস কৰিব। [QE]