1.
2. [PS]তোমালোকৰ ভাইসকলক তোমালোকে অম্মী[* যাৰ অর্থ ‘মোৰ লোক’ ] আৰু ভনীসকলক ৰুহামা [† যাৰ অর্থ হ’ল, ‘দয়াৰ পাত্রী’। ] বুলি ক’বা। [PE]{ইস্ৰায়েলৰ কু-আচৰণ, শাস্তি আৰু উদ্ধাৰ। } [QS]তোমালোকৰ মাতৃৰ বিৰুদ্ধে তোমালোকে বিবাদ কৰা, তোমালোকে বিবাদ কৰা; [QE][QS]কিয়নো তাই মোৰ ভার্যা নহয়, আৰু মইও তাইৰ স্বামী নহয়। [QE][QS]তাই নিজৰ চকুৰ চাৱনীৰ পৰা পতিতা আৰু তাইৰ স্তনৰ পৰা নিজ ব্যভিচাৰ দূৰ কৰক। [QE]
3. [QS]সেয়ে নহ’লে মই তাইক নগ্ন কৰিম আৰু তাই জন্ম হোৱাৰ দিনা যেনেকৈ উলঙ্গ আছিল, তাইৰ অৱস্থা তেনে কৰিম। [QE][QS]মই তাইক মৰুভূমিৰ নিচিনা কৰিম; খৰাং মাটিলৈ পৰিণত কৰিম আৰু তাইক পিয়াহত মৰিবলৈ দিম। [QE]
4. [QS]মই তাইৰ ল’ৰা-ছোৱালীবোৰক দয়া নকৰিম; কাৰণ তেওঁলোক বেশ্যাৰ সন্তান। [QE]
5. [QS]তেওঁলোকৰ মাকে বেশ্যাকৰ্ম কৰিলে; যি গৰাকীয়ে তেওঁলোকক গৰ্ভধাৰণ কৰিছিল, তাই লাজ লগা কর্ম কৰিলে। [QE][QS]কাৰণ তাই কৈছিল, “মই মোৰ প্রেমিকসকলৰ পাছত যাম; তেওঁলোকেই মোক খোৱা-বস্তু আৰু পানী, ঊণ আৰু শণ সূতা, তেল আৰু পানীয় দিয়ে।” [QE]
6. [QS]সেই কাৰণে, মই কাঁইটেৰে তাইৰ পথ বন্ধ কৰিম; [QE][QS]মই তাইৰ অহিতে এখন দেৱাল সাজিম যাতে তাই নিজৰ পথ বিচাৰি পাব নোৱাৰে। [QE]
7. [QS]তাই নিজৰ প্ৰেমিকসকলৰ পাছত যাব, [QE][QS]কিন্তু তেওঁলোকক লগ ধৰিব নোৱাৰিব; [QE][QS]তাই সিহঁতক বিচাৰিব, কিন্তু নাপাব। [QE][QS]তেতিয়া তাই ক’ব, “মই মোৰ প্ৰথম স্বামীৰ ওচৰলৈকে ঘূৰি যাওঁ, কিয়নো এতিয়াৰ দিনতকৈ মই আগেয়ে বহুত ভালেৰে আছিলোঁ।” [QE]
8. [QS]কিয়নো তাই জনা নাছিল যে, ময়েই তাইক সেই শস্য, দ্রাক্ষাৰস আৰু তেল দিছিলোঁ; [QE][QS]তাইক প্রচুৰ পৰিমাণে ৰূপ আৰু সোণ দিছিলোঁ, যিবোৰ তাই বাল দেৱতাৰ কাৰণে ব্যৱহাৰ কৰিছিল। [QE]
9. [QS]সেইবাবে শস্য দোৱাৰ সময়ত আৰু নতুন দ্রাক্ষাৰস তৈয়াৰ হোৱা বতৰত মই তাইৰ শস্য ঘূৰাই লম। [QE][QS]তাইৰ উলঙ্গতা ঢাকিবলৈ ব্যৱহাৰ কৰা মোৰ ঊণ আৰু শণ সূতা মই কাঢ়ি লম। [QE]
10. [QS]মই এতিয়া তাইৰ প্ৰেমিকসকলৰ চকুৰ সন্মুখতে তাইৰ লজ্জা খুলি নগ্ন কৰিম; মোৰ হাতৰ পৰা তাইক কোনেও উদ্ধাৰ কৰিব নোৱাৰিব। [QE]
11. [QS]মই তাইৰ সকলো আমোদ-প্রমোদ বন্ধ কৰিম; তাইৰ উৎসৱবোৰ, ন-জোন, বিশ্ৰাম-দিন আৰু তাইৰ সকলো বিশেষ নিৰূপিত উৎসৱবোৰ বন্ধ কৰি দিম। [QE]
12. [QS]মই তাইৰ সকলো দ্ৰাক্ষালতা আৰু ডিমৰু গছবোৰ ধ্বংস কৰিম; তাই সেইবোৰৰ বিষয়ে কৈছিল, “এইবোৰ বেচ হিচাপে মোৰ প্ৰেমিকসকলে মোক দিছিল।” মই সেই বাৰীবোৰক অৰণ্যলৈ পৰিণত কৰিম আৰু বনৰীয়া পশুবোৰে তাৰ পৰা আহাৰ খাব। [QE]
13. [QS]তাই যিমান দিন ধৰি বাল দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাইছিল, [QE][QS]নথ[‡ নথ মহিলাসকলে নাকত পিন্ধা অলঙ্কাৰ ] আৰু অলঙ্কাৰেৰে সৈতে নিজকে ভূষিত কৰি প্ৰেমিকসকলৰ পাছত গৈ মোক পাহৰি গৈছিল, [QE][QS]সিমান দিনৰ বাবে মই তাইক শাস্তি দিম। যিহোৱাই এই কথা কৈছে। [QE]
14. [QS]এই হেতুকে মই এতিয়া তাইক বিমোহিত কৰিম আৰু তাইক মৰুপ্রান্তৰলৈ আনি তাইৰে সৈতে মৰমেৰে কথা পাতিম। [QE]
15. [QS]মই সেই ঠাইতে তাইক তাইৰ দ্ৰাক্ষাবাৰীবোৰ উভটাই দিম আৰু আখোৰ উপত্যকাক আশাৰ দুৱাৰস্বৰূপ কৰিম। [QE][QS]যৌৱনকালৰ নিচিনাকৈ তাই তাত নিজৰ প্রতিক্রিয়া প্রকাশ কৰি গীত গাব, যেনেকৈ তাই মিচৰ দেশৰ পৰা ওলাই অহাৰ সময়ত গীত গাই[§ যেনেদৰে সেই সময়ত প্রকাশ কৰিছিল। ]ছিল। [QE]
16. [PS]যিহোৱাই কৈছে, “সেই দিনা তুমি মোক “মোৰ স্বামী” বুলি মাতিবা আৰু “মোৰ বাল”[* মোৰ গৰাকী ] বুলি পুনৰায় নামাতিবা।
17. কিয়নো মই তাইৰ মুখৰ পৰা বাল দেৱতাবোৰৰ নাম দূৰ কৰিম; তাই পুনৰ সেইবোৰৰ নাম সোঁৱৰণ নকৰিব।
18. মই সেইদিনা তোমাৰ কাৰণে বনৰীয়া জন্তু, আকাশৰ চৰাই, আৰু মাটিত বগাই ফুৰা প্রাণীবোৰেৰে সৈতে এটি নিয়ম স্থাপন কৰিম; সকলোৱে যাতে নিৰাপদে শুব পাৰে, তাৰ বাবে মই দেশৰ পৰা ধনু, তৰোৱাল, আৰু যুদ্ধ দূৰ কৰিম। [QE]
19. [QS]মই তোমাক চিৰকালৰ বাবে মোৰ ভার্যা কৰি ল’ম; ধার্মিকতা, ন্যায় বিচাৰ, গভীৰ প্রেম আৰু দয়াৰে মই তোমাক ভার্যা কৰি ল’ম।
20. মই বিশ্বস্ততাৰে তোমাক ভার্যা কৰি ল’ম আৰু তেতিয়া তুমি যিহোৱাক জানিব পাৰিবা। [QE]
21. [QS]যিহোৱাই কৈছে, “সেই দিনা মই উত্তৰ দিম; [QE][QS]মই আকাশ-মণ্ডলক উত্তৰ দিম; [QE][QS]আকাশ-মণ্ডলে পৃথিবীক উত্তৰ দিব, [QE]
22. [QS]পৃথিবীয়ে শস্য, দ্ৰাক্ষাৰস, আৰু তেলক উত্তৰ দিব, আৰু সেইবোৰে যিজ্ৰিয়েলক[† যিজ্রিয়েল: ইস্রায়েলক বুজাইছে। ] উত্তৰ দিব। [QE]
23. [QS]মই তাইক মোৰ কাৰণে দেশত ৰোপণ কৰিম। লো-ৰুহামাক[‡ লো-ৰুহামাক দয়াৰ পাত্র নোহোৱাজনীক ] মই দয়া কৰিম; [QE][QS]লো-অম্মীক [§ লো-অম্মীক মোৰ প্রজা নোহোৱাজনক ] মই ক’ম “তুমি মোৰেই প্ৰজা” আৰু তেওঁ ক’ব “আপুনিয়েই মোৰ ঈশ্বৰ।” [QE]