1. {চলোমনৰ নীতি-বাক্য। } [PS]চলোমনৰ নীতি বাক্য। [PE][QS]জ্ঞানী পুত্ৰই পিতৃক আনন্দিত কৰে; [QE][QS]কিন্তু অজ্ঞানী পুত্ৰই নিজৰ মাতৃৰ মনত দুখ দিয়ে। [QE]
2. [QS]দুষ্টতাৰে অৰ্জন কৰা ধন-সম্পত্তিৰ কোনো মূল্য নাই; [QE][QS]কিন্তু সত্যতাৰে কার্য কৰা জনক মৃত্যুৰ পৰা উদ্ধাৰ কৰে। [QE]
3. [QS]যিসকলে সত্যতাৰে কাৰ্য কৰে, যিহোৱাই তেওঁলোকক ভোকত থাকিব নিদিয়ে; [QE][QS]কিন্তু তেওঁ দুষ্টবোৰৰ বাঞ্ছা পুৰ নকৰে। [QE]
4. [QS]এলেহুৱা হাতেৰে কাম কৰা মানুহ দৰিদ্ৰ হয়, [QE][QS]কিন্তু পৰিশ্ৰমীজনৰ হাতে তেওঁক ধনৱান কৰে। [QE]
5. [QS]গ্রীষ্ম কালত বুদ্ধিমান পুত্ৰই শস্য চপায়; [QE][QS]কিন্তু শস্য দোৱাৰ সময়ত টোপনিত থকা জন লজ্জাজনক পুত্ৰ। [QE]
6. [QS]সত্যতাৰে কাৰ্য কৰা জনৰ ওপৰত ঈশ্বৰৰ আশীৰ্ব্বাদ আহে; [QE][QS]কিন্তু দুষ্টবোৰৰ মুখ অত্যাচাৰেৰে পৰিপূৰ্ণ। [QE]
7. [QS]সত্যতাৰ কার্য কৰা কোনো লোকৰ কথা ভাবিলে আমি আনন্দিত হওঁ; [QE][QS]কিন্তু দুষ্টবোৰৰ নাম লুপ্ত হ’ব। [QE]
8. [QS]যিসকল লোক সচেতন, তেওঁলোকে আজ্ঞা পালন কৰে; [QE][QS]কিন্তু অধিক কথা কোৱা মূৰ্খলোক ধ্বংসৰ পথত যায়। [QE]
9. [QS]যি জনে সিদ্ধতাৰূপ পথত খোজ দিয়ে, তেওঁ সুৰক্ষিত হৈ চলে, [QE][QS]কিন্তু যিজনে নিজৰ পথ কুটিলতাৰে পূৰ্ণ কৰে, তেওঁক বিচাৰি উলিওৱা হ’ব। [QE]
10. [QS]চকুৰে ইঙ্গিত কৰা জনে দুখ দিয়ে; [QE][QS]কিন্তু কথকি মুৰ্খলোক পতিত হয়। [QE]
11. [QS]সত্যতাৰে চলা জনৰ মুখ জীৱনৰ ভুমুক স্বৰূপ; [QE][QS]কিন্তু দুষ্টবোৰৰ মুখে অত্যাচাৰ লুকুৱাই ৰাখে। [QE]
12. [QS]ঘৃণাই বিবাদ জন্মায়; [QE][QS]কিন্তু প্ৰেমে সকলো অপৰাধ ঢাকে। [QE]
13. [QS]সুবিবেচক লোকৰ ওঁঠত প্ৰজ্ঞা পোৱা যায়; [QE][QS]কিন্তু পিঠিত চেকনী জ্ঞানশূন্য লোকৰ বাবে হয়। [QE]
14. [QS]জ্ঞানীলোকে জ্ঞান সংৰক্ষিত কৰে; [QE][QS]কিন্তু অজ্ঞানৰ মুখে ধ্বংস আনে। [QE]
15. [QS]ধনী লোকৰ ধন সম্পত্তিয়েই তাৰ দৃঢ় নগৰ; [QE][QS]কিন্তু দৰিদ্ৰলোকৰ দৰিদ্ৰতাই তেওঁলোকৰ বিনাশৰ কাৰণ। [QE]
16. [QS]সত্যতাৰে কাৰ্য কৰা লোকৰ পাৰিশ্ৰমিকে জীৱন দিয়ে; [QE][QS]দুষ্ট লোকৰ উপাৰ্জনৰ লাভে পাপলৈ ঠেলি দিয়ে। [QE]
17. [QS]যিজনে নিয়মানুবৰ্তিতাত চলে, তেওঁ জীৱনৰ পথত চলে; [QE][QS]কিন্তু যিজনে অনুযোগ অমান্য কৰে, তেওঁ বিপথে যায়। [QE]
18. [QS]যিজনে ঘৃণা গোপনে ৰাখে, তেওঁ মিছলীয়া ওঁঠৰ লোক, [QE][QS]আৰু যিজনে অপবাদ বিস্তাৰ কৰে, তেওঁ মূৰ্খ হয়। [QE]
19. [QS]অধিক কথাত অপৰাধৰ অভাৱ নাই; [QE][QS]কিন্তু যিজনে কথা কওঁতে সাৱধান হয়, তেওঁ জ্ঞানী। [QE]
20. [QS]যিজনে সত্যতাৰ কথা কয়, তেওঁৰ জিভা শুদ্ধ ৰূপৰ দৰে; [QE][QS]দুষ্টৰ হৃদয়ত সামান্য মূল্য থাকে। [QE]
21. [QS]সত্যতাৰে কাৰ্য কৰা লোকৰ ওঁঠে অনেকক প্ৰতিপালন কৰে; [QE][QS]কিন্তু জ্ঞানশূন্যতাৰ বাবে মূৰ্খলোকৰ মৃত্যু হয়। [QE]
22. [QS]যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে, [QE][QS]আৰু তেওঁ তাৰ সৈতে কোনো দুখ যোগ নকৰে। [QE]
23. [QS]দুষ্টতা মূৰ্খই খেলা খেল স্বৰূপ, [QE][QS]কিন্তু প্রজ্ঞা সুবিবেচনা কৰা লোকৰ বাবে আনন্দদায়ক। [QE]
24. [QS]দুষ্ট লোকে যিহলৈ ভয় কৰে, সেয়ে তালৈ ঘটে; [QE][QS]কিন্তু ধাৰ্মিকৰ বাঞ্ছা সিদ্ধ হয়। [QE]
25. [QS]দুষ্ট লোক ধুমুহাৰ দৰে, সেয়ে অতিক্রম কৰি বিলুপ্ত হৈ যায়, [QE][QS]কিন্তু যিসকলে সত্যতাৰ কাৰ্য কৰে, তেওঁলোক চিৰস্থায়ী ভিত্তিমুলস্বৰূপ। [QE]
26. [QS]দাঁতৰ বাবে সিৰ্কা, আৰু চকুৰ বাবে ধোঁৱা যেনেকুৱা, [QE][QS]পঠোৱা লোকসকলৰ বাবেও এলেহুৱা তেনেকুৱা। [QE]
27. [QS]যিহোৱালৈ থকা ভয়ে আয়ুস বৃদ্ধি কৰে; [QE][QS]কিন্তু দুষ্টবোৰৰ বছৰবোৰ কমি যাব। [QE]
28. [QS]সৎ কাৰ্য কৰা জনৰ আশা আনন্দ জনক; [QE][QS]কিন্তু দুষ্টবোৰৰ বছৰবোৰ কম হ’ব। [QE]
29. [QS]যিসকল লোকে পথত চলে, তেওঁলোকক যিহোৱাই ৰক্ষা কৰে। [QE][QS]কিন্তু দুষ্টলোকৰ বাবে সেয়ে সৰ্ব্বনাশ স্বৰূপ। [QE]
30. [QS]যিসকলে সৎ কাৰ্য কৰে, তেওঁলোক কেতিয়াও লৰচৰ নহব; [QE][QS]কিন্তু দুষ্টলোক দেশত অৱশিষ্ট নাথাকিব। [QE]
31. [QS]যিসকল লোকে সৎ কাৰ্য কৰে, তেওঁলোকৰ মুখৰ পৰা প্রজ্ঞা ওলায়; [QE][QS]কিন্তু উচ্ছৃঙ্খল জিভা কাটি পেলোৱা হ’ব। [QE]
32. [QS]যিসকল লোক সকলৰ ওঁঠে সৎ কাৰ্য কৰে, তেওঁলোকৰ ওঁঠে গ্ৰহণীয় কি, সেই বিষয়ে জানে; [QE][QS]কিন্তু দুষ্টলোকৰ মুখে উচ্ছৃঙ্খলতা কি সেই বিষয়ে জানে। [QE]