1. {ইলীহুৰ তৃতীয় বক্তৃতা। }
2. [PS]পাছত ইলীহুৱে আৰু উত্তৰ কৰি কলে, [PE][QS]“মোৰ কি উপকাৰ? [QE][QS]বা মই পাপ কৰা লাভতকৈ মোৰ কি অধিক লাভ? [QE]
3. [QS]এই বুলি যে তুমি কৈছা, ইয়াক তুমি ন্যায় বুলি ভাবিছা নে? [QE][QS]বা ঈশ্বৰৰ ধাৰ্মিকতাকৈ মোৰ ধাৰ্মিকতা অধিক, [QE][QS]এই বুলি কৈছানে? [QE]
4. [QS]মই তোমাক আৰু তোমাৰ লগৰ তোমাৰ বন্ধুবিলাককো উত্তৰ দিওঁ, [QE]
5. [QS]তুমি চকু তুলি আকাশৰ ফাললৈ চোৱা, [QE][QS]তোমাতকৈ ওখত থকা গগণ-মণ্ডললৈ নিৰীক্ষণ কৰা। [QE]
6. [QS]তুমি পাপ কৰিলে, তেওঁৰ কি হানি কৰিব পাৰা? [QE][QS]আৰু তোমাৰ অপৰাধ অধিক হলে তুমি তেওঁ কি কৰিবা? [QE]
7. [QS]তুমি ধাৰ্মিক হলে, তেওঁক কি দিব পাৰা? [QE][QS]বা তেওঁ তোমাৰ হাতৰ পৰা কি গ্ৰহণ কৰিব? [QE]
8. [QS]তোমাৰ দুষ্টতাই তোমাৰ নিচিনা মানুহৰহে হানি কৰিব পাৰে, [QE][QS]আৰু তোমাৰ ধাৰ্মিকতা মনুষ্য সন্তানৰহে উপকাৰী হব পাৰে। [QE]
9. [QS]অধিক উপদ্ৰৱ পোৱাত লোকবিলাকে কাতৰোক্তি কৰে, [QE][QS]আৰু বলৱান বিলাকৰ বাহুৰ কাৰণে উপকাৰ পাবলৈ চিঞঁৰে। [QE]
10. [QS]যি জনাই ৰাতি গীত গোৱাই, [QE]
11. [QS]যি জনাই পৃথিবীৰ পশুবোৰতকৈ আমাক বেছিকৈ শিক্ষা দিছে, [QE][QS]আৰু যি জনাই আমাক আকাশৰ চৰাই-চিৰিকটিতকৈ বেছি জ্ঞানী কৰিছে মোৰ সেই সৃষ্টিকৰ্ত্তা ঈশ্বৰ ক’ত? এই বুলি সিবিলাকৰ কোনেও নকয়। [QE]
12. [QS]তেতিয়া সিবিলাকে দুষ্টবোৰৰ অহঙ্কাৰৰ কাৰণে কাতৰোক্তি কৰে, [QE][QS]কিন্তু তেওঁ উত্তৰ নিদিয়ে। [QE]
13. [QS]বাস্তৱিক ঈশ্বৰে অসাৰ কথা নুশুনে, [QE][QS]আৰু সৰ্ব্বশক্তিমান জনাই তাক নাচাবও। [QE]
14. [QS]তেন্তে তুমি তেওঁক নেদেখো বুলি কলে, তেওঁ জানো শুনিব, [QE][QS]তোমাৰ গোচৰ তেওঁৰ আগত আছে, তুমি তেওঁলৈ বাট চাই থাকিবা। [QE]
15. [QS]কিন্তু তেওঁ তেওঁৰ কোপত শাস্তি নিদিয়ে, [QE][QS]আৰু তেওঁ অপৰাধলৈ বৰকৈ মন নিদিয়ে; [QE]
16. [QS]এই নিমিত্তে ইয়োবে অসাৰ কথা কবলৈ মুখ মেলিছে, [QE][QS]অনেক জ্ঞানশূন্য কথা কৈছে। [QE]