1. {চোফৰৰ দ্বিতীয় বক্তৃতা। }
2. [PS]তেতিয়া নামাথীয়া চোফৰে পুনৰায় উত্তৰ কৰি ক’লে, [PE][QS]মোৰ ভাৱনাই উত্তৰ দিবলৈ মোক উদগাইছে, [QE][QS]কাৰণ এইবোৰে মোক অন্তৰক অধৈৰ্য কৰিছে। [QE]
3. [QS]মোক লাজ দিয়া উপদেশ মই শুনিলোঁ, [QE][QS]তথাপি মোৰ বুদ্ধিদায়ক আত্মাই মোক উত্তৰ যোগাইছে। [QE]
4. [QS]কেতিয়াৰ পৰা ঈশ্বৰে পৃথিৱীত মনুষ্যক স্থাপন কৰিছিল, [QE][QS]কালৰ আৰম্ভণিৰ সেই ৰহস্য তুমি নাজানা, [QE]
5. [QS]দুষ্টবোৰৰ জয়-ধ্বনি যে অলপদিনীয়া, [QE][QS]আৰু অধাৰ্মিকৰ আনন্দ যে খন্তেকীয়া, ইয়াক তুমি নাজানা নে? [QE]
6. [QS]যদি দুষ্টলোকৰ মাহাত্ম্যই আকাশ পায়গৈ, [QE][QS]আৰু তাৰ মুৰ মেঘত লাগে, [QE]
7. [QS]তথাপি সি নিজ বিষ্ঠাৰ দৰে চিৰকাললৈকে নষ্ট হ’ব, [QE][QS]যিবিলাকে তাক দেখিছিল, তেওঁবিলাকে সুধিব, সি ক’ত আছে? [QE]
8. [QS]সি সপোনৰ দৰে উড়ি যাব, তাক পুনৰ পোৱা নাযাব; [QE][QS]এনে কি, ৰাতিকালৰ দৰ্শনৰ দৰে সি লুপ্ত হ’ব। [QE]
9. [QS]যি চকুৱে তাক দেখিছিল, সেই চকুৱে তাক পুনৰ নেদেখিব; [QE][QS]তাৰ নিবাসৰ ঠায়ে তাক পুনৰ দেখা নাপাব। [QE]
10. [QS]তাৰ সন্তানবোৰে দৰিদ্ৰসকলৰ পৰা অনুগ্ৰহ বিচাৰিব, [QE][QS]আৰু তাৰ নিজ হাতে তাৰ ধন-সম্পত্তি ওভোটাই দিব। [QE]
11. [QS]তাৰ অস্থিবোৰ ডেকা কালৰ শক্তিৰ পৰিপূৰ্ণ, [QE][QS]কিন্তু ইয়ো তাৰ লগত ধূলিত শুব। [QE]
12. [QS]যদিও দুষ্টতা তাৰ মুখত সোৱাদ লাগে, [QE][QS]যদিও সি জিভাৰ তলত তাক লুকুৱাই ৰাখে, [QE]
13. [QS]যদিও সি তাতে ধৰি ৰাখে আৰু এৰি দিব নিবিচাৰে, [QE][QS]কিন্তু তাৰ মুখৰ ভিতৰতে তাক ৰাখি থয়, [QE]
14. [QS]তথাপি তাৰ আহাৰ পেট পাই বিকৃত হয়, [QE][QS]সেয়ে তাৰ ভিতৰত কালসৰ্পৰ বিষস্বৰূপ হৈ পৰে। [QE]
15. [QS]সি ধন-সম্পত্তি গ্ৰাস কৰে, আৰু তাক পুনৰাই বতিঁয়াই পেলাব; [QE][QS]ঈশ্বৰে তাৰ পেটৰ পৰা তাক উলিয়াই পেলাব। [QE]
16. [QS]সি কালসৰ্পৰ বিষ চুহিব; [QE][QS]বিশাল সাপৰ জিভাই তাক বধ কৰিব। [QE]
17. [QS]সি নদীবোৰ দেখা নাপাব, [QE][QS]মৌ আৰু দৈ গাখীৰ বৈ যোৱা সুঁতিবোৰ নেদেখিব। [QE]
18. [QS]সি নিজ পৰিশ্ৰমৰ ফল ওভোটাই দিব, গ্ৰাস নকৰিব; [QE][QS]সি লাভ পোৱা নিজ সম্পত্তি অনুসাৰে উল্লাস নকৰিব। [QE]
19. [QS]সি দৰিদ্ৰবোৰক উপদ্ৰৱ আৰু ত্যাগ কৰিলে; [QE][QS]এই হেতুকে যি ঘৰ কাঢ়ি ল’লে, সেই ঘৰ সি সাজি উলিয়াব নোৱাৰিব। [QE]
20. [QS]তাৰ পেট কেতিয়াও তৃপ্ত নহয়; [QE][QS]এই হেতুকে সি নিজৰ মৰমৰ বস্তুৰ মাজৰ একোকে ৰক্ষা কৰিব নোৱাৰিব। [QE]
21. [QS]সি গ্ৰাস নকৰা একোৱেই বাকী নাই; [QE][QS]এই কাৰণে তাৰ মঙ্গল চিৰকলীয়া নহ’ব। [QE]
22. [QS]তাৰ বস্তু-বাহানি জোৰাওকৈ থকা সময়তো সি ঠেকত পৰিব; [QE][QS]দুখত পৰা প্ৰতিজনৰ হাতে তাক আক্ৰমণ কৰিব। [QE]
23. [QS]সি নিজ পেট ভৰাবলৈ ধৰোঁতেই, ঈশ্বৰে তাৰ ওপৰত ক্ৰোধাগ্নি পেলাব, [QE][QS]আৰু সি খাই থাকোঁতেই তাৰ ওপৰত তাক বৰষাব। [QE]
24. [QS]সি লোহাৰ অস্ত্ৰৰ পৰা পলাই যাব; [QE][QS]কিন্তু পিতলৰ ধনুবাণে তাক সৰকাই পেলাব। [QE]
25. [QS]সি বাণ টানিলে, সেয়ে তাৰ গাৰ পৰা ওলাই আহে; [QE][QS]এনে কি, তাৰ তিৰবিৰোৱা আগ, তাৰ পিত্তৰ পৰা বাহিৰ হয়; [QE][QS]তাতে মৰণৰ ভয়ে তাক আক্ৰমণ কৰে। [QE]
26. [QS]তাৰ সঞ্চিত বস্তুৰ অৰ্থে ঘোৰ আন্ধাৰ ৰাখি থোৱা হৈছে, [QE][QS]মানুহে নধৰা জুয়ে তাক গ্ৰাস কৰিব; [QE][QS]সেয়ে তাৰ তম্বুত থকা অৱশিষ্ট বস্তু ভষ্ম কৰিব। [QE]
27. [QS]আকাশ-মণ্ডলে তাৰ অপৰাধ প্ৰকাশ কৰিব, [QE][QS]আৰু পৃথিৱী তাৰ বিৰুদ্ধে উঠিব। [QE]
28. [QS]তাৰ ঘৰৰ সম্পত্তি উড়ি যাব; [QE][QS]ঈশ্বৰৰ ক্ৰোধৰ দিনা তাক ধল পানীয়ে উটুৱাই নিব। [QE]
29. [QS]দুষ্ট মানুহে ঈশ্বৰৰ পৰা পাবলগীয়া ভাগ এয়ে, [QE][QS]আৰু এয়ে ঈশ্বৰে নিৰূপণ কৰা তাৰ অধিকাৰ। [QE]