অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {আচফৰ ৰচিত গীত। } [QS]ঈশ্বৰ তেওঁৰ স্বর্গীয় সভাৰ মাজত থিয় হৈছে; [QE][QS]দেৱতাবোৰৰ সেই সভাত তেৱেঁই বিচাৰ কৰে। [QE]
2. [QS]“কিমান কাললৈকে তোমালোকে অন্যায় বিচাৰ কৰিবা আৰু দুষ্টবোৰৰ পক্ষত থাকিবা? (চেলা) [QE]
3. [QS]তোমালোকে দৰিদ্ৰ আৰু অনাথসকলৰ প্রতি ন্যায় বিচাৰ কৰা; [QE][QS]দুখী আৰু দীনহীনৰ ন্যায্য অধিকাৰ ৰক্ষা কৰা। [QE]
4. [QS]দুখীয়া আৰু কঙালক বচোৱা; [QE][QS]দুষ্টবোৰৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰা।” [QE]
5. [QS]তেওঁলোকৰ জ্ঞান আৰু বিচাৰ-বুদ্ধি বুলি একো নাই; [QE][QS]চাৰিওফালে অন্ধকাৰতে তেওঁলোক ফুৰে; [QE][QS]পৃথিবীৰ আটাই ভিত্তিমূলবোৰ কঁপি উঠিছে। [QE]
6. [QS]মই ক’লো, “তোমালোকেই দেৱতাবোৰ; [QE][QS]তোমালোক সকলোৱেই সৰ্ব্বোপৰি জনাৰ সন্তান। [QE]
7. [QS]কিন্তু তথাপিও তোমালোক মনুষ্যৰ দৰে মৰিবা; [QE][QS]অধিপতিসকলৰ এজনৰ দৰেই তোমালোকৰ পতন হ’ব।” [QE]
8. [QS]হে ঈশ্বৰ, তুমি উঠা, পৃথিবীৰ বিচাৰ কৰা; [QE][QS]কিয়নো সমুদায় জাতি তোমাৰ অধিকাৰত আছে। [QE]

ৰেকৰ্ডসমূহ

মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 82 / 150
1 {আচফৰ ৰচিত গীত। } ঈশ্বৰ তেওঁৰ স্বর্গীয় সভাৰ মাজত থিয় হৈছে; দেৱতাবোৰৰ সেই সভাত তেৱেঁই বিচাৰ কৰে। 2 “কিমান কাললৈকে তোমালোকে অন্যায় বিচাৰ কৰিবা আৰু দুষ্টবোৰৰ পক্ষত থাকিবা? (চেলা) 3 তোমালোকে দৰিদ্ৰ আৰু অনাথসকলৰ প্রতি ন্যায় বিচাৰ কৰা; দুখী আৰু দীনহীনৰ ন্যায্য অধিকাৰ ৰক্ষা কৰা। 4 দুখীয়া আৰু কঙালক বচোৱা; দুষ্টবোৰৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰা।”
5 তেওঁলোকৰ জ্ঞান আৰু বিচাৰ-বুদ্ধি বুলি একো নাই;
চাৰিওফালে অন্ধকাৰতে তেওঁলোক ফুৰে; পৃথিবীৰ আটাই ভিত্তিমূলবোৰ কঁপি উঠিছে। 6 মই ক’লো, “তোমালোকেই দেৱতাবোৰ; তোমালোক সকলোৱেই সৰ্ব্বোপৰি জনাৰ সন্তান। 7 কিন্তু তথাপিও তোমালোক মনুষ্যৰ দৰে মৰিবা; অধিপতিসকলৰ এজনৰ দৰেই তোমালোকৰ পতন হ’ব।” 8 হে ঈশ্বৰ, তুমি উঠা, পৃথিবীৰ বিচাৰ কৰা; কিয়নো সমুদায় জাতি তোমাৰ অধিকাৰত আছে।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 82 / 150
×

Alert

×

Assamese Letters Keypad References