1. [QS]গ্রীষ্ম কালত বৰফ, আৰু শস্য দোৱাৰ সময়ত বৃষ্টি যেনে, [QE][QS]সেইদৰে অজ্ঞানীয়ে সন্মান পোৱাৰ যোগ্য নহয়। [QE]
2. [QS]যিদৰে ঘৰ চিৰিকাই জাপ মাৰি মাৰি খোৱা বস্তু গিলি ক্ষিপ্র গতিত উৰি যায়, [QE][QS]সেইদৰে অকাৰণে দিয়া শাও প্রজ্বলিত নহয়। [QE]
3. [QS]ঘোঁৰাৰ বাবে চাবুক আৰু গাধৰ বাবে লাগাম, [QE][QS]আৰু অজ্ঞানীসকলৰ পিঠিৰ বাবে চেকনী। [QE]
4. [QS]অজ্ঞানীক উত্তৰ নিদিবা, আৰু অজ্ঞানীৰ অজ্ঞানতাত সহযোগ নকৰিবা; [QE][QS]নহ’লে তুমি তেওঁৰ দৰেই হ’বা। [QE]
5. [QS]অজ্ঞানীক উত্তৰ দিয়া আৰু তেওঁৰ অজ্ঞানতাত সহযোগ কৰা; [QE][QS]সেয়ে তেওঁ নিজৰ দৃষ্টিত জ্ঞানী বোধ নকৰিব। [QE]
6. [QS]যি জনে অজ্ঞানী লোকৰ হাতত বাৰ্ত্তা পঠিয়াই, [QE][QS]তেওঁ নিজৰ ভৰি নিজে কাটি পেলায়, আৰু অত্যাচাৰ ভোগ কৰে। [QE]
7. [QS]জঠৰ ৰোগীৰ ভৰি যিদৰে তললৈ ওলমি থাকে, [QE][QS]অজ্ঞানীসকলৰ মুখত নীতিবাক্যও সেইদৰে। [QE]
8. [QS]ফিঙ্গাত শিল বন্ধা যেনে, [QE][QS]অজ্ঞানীক সন্মান দিয়াও তেনে। [QE]
9. [QS]মতলীয়াৰ হাতত বিন্ধা কাঁইট যেনে, [QE][QS]অজ্ঞানীৰ মুখত নীতিবাক্যও তেনে। [QE]
10. [QS]ধনুৰ্দ্ধৰে যিদৰে সকলোকে আঘাত কৰে, [QE][QS]কোনো এজনে অজ্ঞানী, বা বাটৰুৱাক মজুৰি কৰোৱাও তেনে। [QE]
11. [QS]কুকুৰে যিদৰে নিজৰ বমি পুনৰ খায়, [QE][QS]তেনেদৰে অজ্ঞানীয়ে পুনৰ অজ্ঞানতাৰ কাম কৰে। [QE]
12. [QS]নিজকে নিজে জ্ঞানী বুলি ভবা মানুহ তুমি দেখিছা নে? [QE][QS]তেওঁতকৈ অজ্ঞানীৰ বাবে বহুতো আশা আছে। [QE]
13. [QS]এলেহুৱা ব্যক্তিয়ে কয়, “বাটত এটা সিংহ আছে! [QE][QS]মুকলি ঠাইৰ মাজত এটা সিংহ আছে।” [QE]
14. [QS]দুৱাৰ যেনেকৈ কবজাত ঘুৰে, [QE][QS]এলেহুৱা ব্যক্তিও তেনেকৈ নিজৰ শোৱাপাটিত বাগৰে। [QE]
15. [QS]এলেহুৱা এজনে পাত্ৰত থকা আহাৰত হাত সুমুৱাই দিয়ে, [QE][QS]কিন্তু তেওঁৰ মুখলৈ সেই আহাৰ নিবলৈ শক্তি নাথাকে। [QE]
16. [QS]সাত জন বুদ্ধিমান ব্যক্তিতকৈ [QE][QS]এলেহুৱা লোকে নিজৰ দৃষ্টিত নিজকে জ্ঞানী বুলি ভাবে। [QE]
17. [QS]কুকুৰৰ কাণত ধৰা লোকৰ যেনে, [QE][QS]বাটৰুৱাই আনৰ বিবাদত ক্রোধিত হোৱা তেনে। [QE]
18. [QS]জ্বলন্ত কাঁড় মৰা জন যেনে, [QE]
19. [QS]নিজৰ চুবুৰীয়াক প্ৰতাৰণা কৰা জনো তেনে, [QE][QS]আৰু তেওঁ কয়, “মই জানো ধেমালি কৰা নাই?” [QE]
20. [QS]যেনেকৈ খৰিৰ অভাৱত জুই নুমায় যায়, [QE][QS]তেনেকৈ পৰচৰ্চ্চাকাৰী নহ’লে কন্দলো নহয়। [QE]
21. [QS]জ্বলি থকা আঙঠাৰ বাবে কাঠকয়লা আৰু জুইৰ বাবে খৰি যেনে, [QE][QS]বিবাদত ইন্ধন যোগাবলৈ দ্বন্দুৰা লোক তেনে। [QE]
22. [QS]পৰচৰ্চ্চাকাৰীৰ কথা সুস্বাদু আহাৰৰ দৰে; [QE][QS]সেয়ে শৰীৰৰ ভিতৰলৈকে সোমাই যায়। [QE]
23. [QS]জ্বলন্ত ওঁঠ আৰু দুষ্টৰ হৃদয়, [QE][QS]মাটিৰ পাত্ৰত সানি দিয়া জিলিকনিৰ দৰে। [QE]
24. [QS]যি জনে ওঁঠে প্রকাশ কৰা কথা ঘিণ কৰে, [QE][QS]তেওঁ নিজৰ ভিতৰত প্ৰতাৰণা স্থাপন কৰে; [QE]
25. [QS]তেওঁ অমায়িভাবে কথা ক’ব, কিন্তু তেওঁক বিশ্বাস নকৰিবা, [QE][QS]কাৰণ তেওঁৰ হৃদয়ত ঘিণলগীয়া বস্তু সাতটা থাকে; [QE]
26. [QS]যদিও তেওঁৰ ঘৃণা কপটেৰে ঢকা, [QE][QS]তথাপি তেওঁৰ দুষ্টতা সমাজত প্ৰকাশিত হ’ব। [QE]
27. [QS]যি কোনোৱে খাল খানে, তেঁৱেই সেই খালত পৰিব; [QE][QS]আৰু যি কোনোৱে শিল ঠেলি পঠায়, তেওঁলৈ সেই শিল ঘূৰি আহিব। [QE]
28. [QS]মিছলীয়া জিভাই দমন কৰা লোকক ঘিণ কৰে, [QE][QS]আৰু আত্মতৃপ্তিকৰ মুখে নিজলৈ বিনাশ আনে। [QE]