1. {ইলীফজৰ প্ৰথম বক্তৃতা। }
2. [PS]তেতিয়া তৈমনীয়া ইলীফজে উত্তৰ কৰি ক’লে, [PE][QS]কোনোৱে তোমাৰ লগত কথা ক’বলৈ আগবাঢ়িলে, তুমি বেজাৰ পাবা নে? [QE][QS]কিন্তু কথা নোকোৱাকৈ কোনে থাকিব পাৰে? [QE]
3. [QS]চোৱা, তুমি অনেকক শিক্ষা দিছিলা, [QE][QS]দুৰ্ব্বল হাতক সবল কৰিছিলা; [QE]
4. [QS]তোমাৰ বাক্যই উজুটি খাই পৰিব খোজালোককো ধৰি ৰাখিছিল, [QE][QS]আৰু তুমি দুৰ্ব্বল আঁঠুক সবল কৰি ৰাখিছিলা। [QE]
5. [QS]কিন্তু এতিয়া তোমালৈ এনে হোৱাত তুমি বেজাৰ পাইছা, [QE][QS]আৰু সেয়ে তোমাক স্পৰ্শ কৰাত তুমি ব্যাকুল হৈছা। [QE]
6. [QS]ঈশ্বৰৰ প্ৰতি থকা ভয়েই জানো তোমাৰ বিশ্বাসভূমি নহয়? [QE][QS]আৰু তোমাৰ আচৰণৰ সিদ্ধতাত জানো তোমাৰ আশা নাই? [QE]
7. [QS]ভাবি চোৱাচোন, নিৰ্দ্দোষী হৈ কোনে কেতিয়া বিনষ্ট হৈছিল? [QE][QS]আৰু সৰল আচৰণ কৰা সকলৰ ক’ত সংহাৰ হৈছিল? [QE]
8. [QS]মই দেখাত হ’লে, যিসকলে অধৰ্মৰ খেতি কৰে, [QE][QS]আৰু ক্লেশৰূপ কঠিয়া সিচে, সিহঁতে সেইৰূপ শস্য দায়; [QE]
9. [QS]ঈশ্বৰৰ নিশ্বাসৰ দ্বাৰাই সিহঁত বিনষ্ট হয়, [QE][QS]আৰু তেওঁৰ কোপৰূপ প্ৰশ্বাসৰ দ্বাৰাই সংহাৰ হয়। [QE]
10. [QS]সিংহৰ গৰ্জ্জন আৰু মৃগৰাজৰ গোঁজৰণি বন্ধ কৰা হয়, [QE][QS]আৰু ডেকা সিংহবোৰৰ দাঁত ভঙা হয়। [QE]
11. [QS]আহাৰৰ অভাৱত পশুৰাজে প্ৰাণত্যাগ কৰে; [QE][QS]সিংহিনীৰ পোৱালিবোৰ ঠান-বান হয়। [QE]
12. [QS]এটা কথা মোলৈ গুপ্তৰূপে আহিল; [QE][QS]মোৰ কাণত তাৰ ফুচফুচনি পৰিল। [QE]
13. [QS]ৰাতি সপোন দেখোতে যেতিয়া ভাবনা আহে, [QE][QS]যেতিয়া সকলো মানুহ ঘোৰ নিদ্ৰা যায়, [QE]
14. [QS]তেতিয়া মোলৈ ভয় আৰু কম্পন আহিল; [QE][QS]সেয়ে মোৰ হাড়বোৰ জোকাৰ খুৱালে। [QE]
15. [QS]যেতিয়া মোৰ আগেদি এক ছাঁ পাৰ হৈ গ’ল; [QE][QS]তেতিয়া মোৰ গাৰ নোমবোৰ সিয়ৰি উঠিল। [QE]
16. [QS]সেয়ে ৰৈ থাকিল, কিন্তু মই তাৰ আকৃতি নিশ্চয় কৰিব নোৱাৰিলোঁ; [QE][QS]এটা মূৰ্ত্তি মোৰ চকুৰ আগত আছিল; [QE][QS]মই মৃদুস্বৰ আৰু এটা বাণী শুনিলোঁ। [QE]
17. [QS]“ঈশ্বৰৰ সাক্ষাতে মৰ্ত্য জানো ধাৰ্মিক হ’ব পাৰে? [QE][QS]বা নিজ সৃষ্টিকৰ্ত্তাৰ সাক্ষাতে মনুষ্য জানো শুচি হ’ব পাৰে? [QE]
18. [QS]চোৱা, ঈশ্বৰে নিজৰ দাসবোৰকো বিশ্বাস নকৰে, [QE][QS]নিজ দূতবোৰৰো ক্রুটিৰ দোষ ধৰে; [QE]
19. [QS]তেনেহলে যিসকলে মাটিৰ ঘৰত বাস কৰে, [QE][QS]যিসকলৰ উৎপত্তি ধূলিত, যিসকল পোকৰ সম্মুখত চুৰ্ণীকৃত হয়, [QE][QS]সেই সকলক তেওঁ আৰু কিমান অধিক ক্রুটিৰ দোষ ধৰিব! [QE]
20. [QS]প্ৰভাত আৰু সন্ধিয়া কালৰ মাজত সিহঁতক গুড়ি কৰা যায়; [QE][QS]সিহঁত কোনোৱে মন নিদিয়াকৈ চিৰকাললৈকে বিনষ্ট হৈ যায়। [QE]
21. [QS]সিহঁতৰ অন্তৰিক তম্বু-জৰী জানো সোলোকোৱা নাযায়? [QE][QS]সিহঁত মৰে, এনে কি অজ্ঞান অৱস্থাতেই সিহঁত মৰে।” [QE]