1. [QS]কিন্তু এতিয়া যিবিলাকৰ বাপেকহঁতক, মোৰ মেৰৰ জাক ৰখা কুকুৰৰ লগতো থবলৈ মই হেয়জ্ঞান কৰিছিলোঁ, [QE][QS]মোতকৈ কম বয়সীয়া সেই মানুহবিলাকে মোক হাঁহে। [QE]
2. [QS]যিবিলাকৰ শক্তি নষ্ট হল, [QE][QS]এনে লোকৰ হাতৰ বলত নো মোৰ কি উপকাৰ হব? [QE]
3. [QS]সিহঁত অন্নৰ অভাৱত ভোকত ক্ষীণ হয়; [QE][QS]সিহঁতে বহু কালৰ পৰা উচ্ছন্ন আৰু ধ্বংস হোৱা মৰুভূমি কামুৰি খায়। [QE]
4. [QS]আৰু জোপোহাৰ কাষত সিহঁতে মল্লু শাক ছিঙে, [QE][QS]আৰু ৰোতম গছৰ মূল সিহঁতৰ খোৱা বস্তু। [QE]
5. [QS]সিহঁতক মানুহৰ মাজৰ পৰা খেদি দিয়া হয়; [QE][QS]চোৰৰ পাছে পাছে চিঞৰাৰ দৰে লোকে সিহঁতৰ পাছতো চিঞৰে। [QE]
6. [QS]সিহঁতে উপত্যকাৰ ভয়ানক ঠাইত থাকিব লগা হয়, [QE][QS]মাটিৰ গাতত আৰু শিলৰ মাজত বাস কৰিব লগা হয়। [QE]
7. [QS]সিহঁতে জোপোহা গছবোৰৰ মাজত গাধৰ দৰে চিঞৰে, [QE][QS]আৰু কাঁইট গছৰ তলত গোট খায়। [QE]
8. [PIS] সিহঁত মূৰ্খৰ সন্তান, এনে কি নীহ মানুহৰ সন্ততি; [PIE][QS]সিহঁতক দেশৰ মাজৰ পৰা কোবাই খেদি দিয়া হল। [QE]
9. [QS]এতিয়া মই সিহঁতৰ গানৰ বিষয় হৈছোঁ, [QE][QS]এনে কি সিহঁতৰ গল্পৰ বিষয়ো হৈছোঁ। [QE]
10. [QS]সিহঁতে মোক ঘিণ কৰে, আৰু মোৰ পৰা আতৰত থাকে, [QE][QS]আৰু মোৰ আগত থু পেলাবলৈ ভয় নকৰে। [QE]
11. [QS]কিয়নো ঈশ্বৰে তেওঁৰ ধনুৰ জোঁৰ এৰি দিলে আৰু মোক দুখ দিলে; [QE][QS]সেই কাৰণে সিহঁতে মোৰ আগত নিজ নিজ মুখৰ লাগাম পেলাই দিয়ে। [QE]
12. [QS]মোৰ সোঁফালে নীহ লোকবিলাক উঠে; [QE][QS]সিহঁতে মোৰ ভৰি ঠেলি ঠেলি দিয়ে, [QE][QS]আৰু মোৰ বিৰুদ্ধ নিজ নিজ বিনাশক গড় নৰে। [QE]
13. [QS]সিহঁতে মোৰ বাট বন্ধ কৰি পেলায়; [QE][QS]নি:সহায় লোকেও মোৰ বিনাশৰ চেষ্টা কৰে। [QE]
14. [QS]গড় ভাঙি উলিওৱা বহল বাটেদি যেনেকৈ শত্ৰু আহে, [QE][QS]সিহঁতেও তেনেকৈ আহে; [QE][QS]সেই ভঙাইদি সোমাই সিহঁতে মোক আক্ৰমণ কৰে। [QE]
15. [QS]নানা ত্ৰাসে মোক ধৰিছে; [QE][QS]বতাহৰ দৰে মোৰ মান-মৰ্য্যদা সেইবোৰে উড়ুৱাই নিছে; [QE][QS]আৰু মোৰ মঙ্গল মেঘৰ নিচিনাকৈ নাইকিয়া হৈছে। [QE]
16. [QS]সম্প্ৰতি মোৰ অন্তৰত মোৰ হৃদয় মুখত দ্ৰৱীভূত হৈছে, [QE][QS]আৰু মোৰ ক্লেশৰ দিনে মোক ধৰিছে। [QE]
17. [QS]ৰাতি হাড়বোৰ মোৰ গাৰ পৰা সুলকি পৰা যেন লাগে, [QE][QS]আৰু যিবোৰে মোক কামোৰে, সেইবোৰে টোপনি নাযায়। [QE]
18. [QS]ৰোগ প্ৰবল হোৱাত মোৰ বস্ত্ৰ কুৰূপ হৈছে; [QE][QS]সেয়ে মোৰ গাৰ চোলাৰ ডিঙিৰ নিচিনাকৈ মোত আট খাই ধৰিছে। [QE]
19. [QS]ঈশ্বৰে মোক বোকাত পেলাই দিছে, [QE][QS]মই ধুলি আৰু ছাঁই যেন হৈছোঁ। [QE]
20. [QS]মই তোমাৰ আগত কাতৰোক্তি কৰোঁ, [QE][QS]কিন্তু তুমি মোক উত্তৰ নিদিয়া; মই থিয় হৈ থাকোঁ, [QE][QS]কিন্তু তুমি মোলৈ চাই থাকা মাথোন। [QE]
21. [QS]তুমি মোলৈ নিৰ্দ্দয় হৈ উঠিছা, [QE][QS]আৰু তুমি তোমাৰ হাতৰ বলেৰে মোক তাড়না কৰিছা, [QE]
22. [QS]তুমি মোক বতাহত তুলি দি ফুৰাইছা, [QE][QS]আৰু ধুমুহাত মোক লীন নিয়াইছা। [QE]
23. [QS]কিয়নো মই জানো,যে, তুমি মোক মৃত্যুলৈ নিছা, [QE][QS]আৰু সকলো জীয়া লোকৰ নিৰূপিত ঘৰলৈ মোক লৈ গৈছা। [QE]
24. [QS]তথাপি পৰিবলৈ ধৰোঁতে কোনে নো হাত নেমেলে? [QE][QS]আৰু আপদত থকা স্তলত ৰক্ষা পাবৰ নিমিত্তে কোনে নিচিঞৰে? [QE]
25. [QS]দুৰ্গতিত পৰা লোকৰ নিমিত্তে মই ক্ৰন্দন নকৰিছিলোঁ নে? [QE][QS]আৰু দীনহীনৰ নিমিত্তে মনত দুখ নাপাইছিলোঁ নে? [QE]
26. [QS]মই মঙ্গললৈ বাট চাওঁতে চাওঁতে অমঙ্গলহে ঘটিল, [QE][QS]আৰু পোহৰলৈ অপেক্ষা কৰোঁতে কৰোঁতে আন্ধাৰহে হল। [QE]
27. [QS]মোৰ অন্তৰ খতি নোহোৱাকৈ পুৰিছে; [QE][QS]দুখৰ দিনসমুহ মোৰ ওচৰত উপস্থিত হৈছে। [QE]
28. [QS]মই বিনা ৰ’দে ক’লা হৈ ফুৰিছো, [QE][QS]আৰু সমাজৰ মাজত থিয় হৈ সহায় পাবলৈ মিনতি কৰিছোঁ। [QE]
29. [QS]মই শিয়ালবোৰৰ ভাই, [QE][QS]আৰু উট পক্ষীৰ বন্ধু হলোঁ। [QE]
30. [QS]মোৰ গাৰ ছাল ক’লা হৈ এৰাই পৰিছে, [QE][QS]আৰু তাপত মোৰ হাড়বোৰত পোৰণি ধৰিছে। [QE]
31. [QS]সেই দেখি মোৰ বীণাৰ মাত শোকৰ শব্দত পৰিণত হৈছে, [QE][QS]আৰু মোৰ বাঁহীৰ স্বৰ সলনি হৈ ক্ৰন্দনকাৰীসকলৰ মাত হৈছে। [QE]