1. {হবক্কুকৰ প্ৰাৰ্থনা। }
2. [PS]ভাববাদী হবক্কুকৰ প্ৰাৰ্থনা: [PE][QS]হে যিহোৱা, মই আপোনাৰ বাৰ্ত্তা শুনিলোঁ, আৰু মোৰ ভয় লাগিছে! [QE][QS]হে যিহোৱা, এই সময়ৰ ভিতৰত আপোনাৰ কাৰ্য পুনৰ আৰম্ভ কৰক, আৰু এই সময়ৰ ভিতৰতে আমাক জনাওঁক; [QE][QS]ক্ৰোধৰ সময়ত আপুনি দয়া সোঁৱৰণ কৰক। [QE]
3. [QS]ঈশ্বৰ তৈমন[* তৈমন হ’ল যিহূদাৰ দক্ষিণ অঞ্চলত থকা ইদোমৰ এখন জিলা ]ৰ পৰা, আৰু পবিত্ৰ জনা পাৰণ পৰ্ব্বতৰ পৰা আহিছে; চেলা [† এই শব্দটো গীতমালাত বহু ঠাইত উল্লেখ কৰা আছে। ইয়াক গীতৰ বিৰতিৰ বাবে ব্যবহাৰ কৰা হয় ]। [QE][QS]তেওঁৰ গৌৰৱে আকাশ-মণ্ডল আৱৰি ধৰিছিল, আৰু পৃথিৱী তেওঁৰ প্ৰশংসাৰে পৰিপূৰ্ণ হৈছিল। [QE]
4. [QS]তেওঁৰ হাতৰ ৰশ্মি জ্বলি থকা পোহৰৰ দৰে, [QE][QS]আৰু তাতেই তেওঁ তেওঁৰ পৰাক্রম ধৰি ৰাখে। [QE]
5. [QS]তেওঁৰ আগে আগে মহামাৰী যায়, আৰু তেওঁৰ খোজৰ পাছত ৰোগ যায়। [QE]
6. [QS]তেওঁ থিয় হয় আৰু পৃথিৱী জোখে[‡ কম্পমান কৰে ]; তেওঁ চাই আৰু দেশবিলাক কম্পমান কৰে! [QE][QS]এনে কি চিৰস্থায়ী পৰ্ব্বতবোৰ ছিন্ন-ভিন্ন হৈছে, আৰু চিৰস্থায়ী পাহাৰবোৰ পৰি গৈছে; [QE][QS]তেওঁৰ পথ অনন্তকলীয়া। [QE]
7. [QS]মই দেখিলোঁ, কূচনৰ তম্বুবোৰ দুখত আছে; আৰু মিদিয়ন দেশৰ তম্বুৰ কাপোৰবোৰ কঁপিছে। [QE]
8. [QS]নদীবোৰৰ সৈতে যিহোৱাৰ ক্রোধ হৈছে নে? আপোনাৰ ক্রোধ নদীবোৰৰ বা আপোনাৰ উত্তেজনা সাগৰৰ বিৰুদ্ধে নে? [QE][QS]যেতিয়া আপুনি আপোনাৰ ঘোঁৰাবোৰৰ ওপৰত উঠে, তেতিয়া আপোনাৰ ৰথে ৰক্ষা পাই নে? [QE]
9. [QS]আপুনি আপোনাৰ ধনু আবৃত নকৰাকৈ লৈ আহিছে; আপুনি আপোনাৰ ধনুত কাঁড় লগাইছে! চেলা। [QE][QS]আপুনি পৃথিবীখন নদীবোৰেৰে ভাগ কৰিছা। [QE]
10. [QS]পৰ্ব্বতবোৰে আপোনাক দেখিছে আৰু ক্লেশত মোচোৰা খাইছে; [QE][QS]অগাধ জল সেইবোৰৰ ওপৰেৰে গৈছে; গভীৰ সাগৰে গৰ্জন কৰিছে! [QE][QS]ই ওপৰলৈ ঢৌ[§ হাত উঠাই ]বোৰ উঠায়। [QE]
11. [QS]আপোনাৰ উৰি যোৱা কাঁড়ৰ পোহৰ আৰু আপোনাৰ চকমকায় থকা যাঠিৰ উজ্বলতাত, [QE][QS]সূৰ্য আৰু চন্দ্ৰ নিজৰ নিজৰ উচ্চ স্থানত স্থিৰ হৈ আছে। [QE]
12. [QS]আপুনি ধিক্কাৰেৰে পৃথিবীৰ মাজেদি যাত্ৰা কৰিছে। আপুনি ক্রোধত দেশবোৰক মৰণা মাৰাদি মাৰিছে। [QE]
13. [QS]আপুনি আপোনাৰ লোকসকলৰ পৰিত্ৰাণৰ আৰু আপোনাৰ অভিষিক্ত জনৰ পৰিত্ৰাণৰ বাবে ওলাই গৈছে। [QE][QS]আপুনি দুষ্টলোকৰ ঘৰৰ মূৰব্বীক গুড়ি কৰি ডিঙিৰ পৰা ভিত্তিমূললৈকে অনাবৃত কৰিলে। চেলা। [QE]
14. [QS]আপুনি যুদ্ধাৰুসকলৰ সেনাপতিসকলক তেওঁলোকৰ নিজৰ কাঁড়েৰে মুৰবোৰ[* নেতাবোৰক ] খুচিলে; তেওঁলোকে ধুমুহাৰ দৰে আমাক ছিন্ন-ভিন্ন কৰিবলৈ আহিছিল, [QE][QS]তেওঁলোকে দুখীয়াক গুপুত স্থানত ৰখাৰ দৰে গ্ৰাস কৰিছিল। [QE]
15. [QS]আপুনি ঘোঁৰাবোৰে সৈতে সাগৰৰ ওপৰেৰে যাত্রা কৰিলে, আৰু মহাজলৰাশিক স্তূপকৃত কৰিলে। [QE]
16. [QS]মই শুনিলোঁ আৰু মোৰ ভিতৰ অংশ কঁপি উঠিল! শব্দত মোৰ ওঁঠ কঁপি উঠিছে! [QE][QS]মোৰ হাড়বোৰ ক্ষয় হ’ব ধৰিছে, আৰু মোৰ ভিতৰ অংশ কঁপি উঠিছে [QE][QS]তথাপি যি সকলে আমাক আক্রমণ কৰিলে, তেওঁলোকৰ ওপৰলৈ সঙ্কটৰ দিন অহাৰ বাবে মই নিৰৱে অপেক্ষা কৰি আছোঁ। [QE]
17. [QS]যদিও ডিমৰু গছত কলি হোৱা নাই, আৰু তাত দ্ৰাক্ষালতাৰ পৰা গুটি উৎপন্ন হোৱা নাই, [QE][QS]যদিও জিত গছৰ উৎপন্নই হতাশ কৰিছে, আৰু পথাৰবোৰত শস্য উৎপন্ন হোৱা নাই, [QE][QS]যদিও গঁৰালৰ পৰা মেৰ-ছাগৰ জাকক উচ্ছন্ন কৰা হৈছে, আৰু গোহালিত এটাও গৰু নাই, [QE]
18. [QS]তথাপিও মই যিহোৱাত আনন্দ কৰিম, মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰত মই উল্লাস কৰিম। [QE]
19. [QS]প্ৰভু যিহোৱা মোৰ বল; [QE][QS]আৰু তেওঁ মোৰ ভৰি হৰিণীৰ ঠেঙৰ দৰে কৰিছে, আৰু মোৰ ওখ ঠাইবোৰত মোক চলাই লৈ যাব। [QE][QS]সংগীত পৰিচালকলৈ; মোৰ তাৰযুক্ত বাদ্যেৰে। [QE]