1. {ইস্ৰায়েলৰ প্ৰধান লোকসকলৰ পাপ। ইস্ৰায়েলৰ পুনৰ স্থাপন। } [QS]যিবোৰে নিজৰ নিজৰ শয্যাত অধৰ্ম কল্পনা কৰে, [QE][QS]আৰু কুকৰ্ম চিন্তা কৰে, তেওঁলোকৰ সন্তাপ হ’ব। [QE][QS]ৰাতিপুৱাৰ পোহৰত তেওঁলোকে এইবোৰ কৰে; [QE][QS]কাৰণ তেওঁলোকৰ ক্ষমতা আছে। [QE]
2. [QS]তেওঁলোকে পথাৰলৈ লোভ কৰে আৰু সেইবোৰ কাঢ়ি লয়, [QE][QS]আৰু তেওঁলোকে ঘৰবোৰলৈ লোভ কৰে আৰু সেইবোৰ দখল কৰি লয়; [QE][QS]এইদৰে তেওঁলোকে মানুহ আৰু তেওঁলোকৰ ঘৰ, [QE][QS]মানুহ আৰু তেওঁলোকৰ উত্তৰাধিকাৰিক অত্যাচাৰ কৰে। [QE]
3. [QS]সেই কাৰণে যিহোৱাই এই কথা কৈছে: [QE][QS]“চোৱা, মই এই জাতিৰ বিৰুদ্ধে দুৰ্যোগ আনিম, [QE][QS]সেই দুৰ্যোগৰ পৰা তোমালোকে নিজৰ ডিঙি গুচাব নোৱাৰিবা, [QE][QS]আৰু তোমালোক গৰ্ব্বেৰে চলিব নোৱাৰিবা, [QE][QS]কাৰণ এয়া অমঙ্গলৰ সময়। [QE]
4. [QS]সেই দিনা তোমাৰ শত্রুসকলে বিলাপৰ কৰি ক্রন্দনেৰে [QE][QS]তোমাৰ বিষয়ে এটি গীত গাব, [QE][QS]তেওঁলোকে গাব, ‘আমি ইস্রায়েলীসকল সম্পূৰ্ণৰূপে ধ্বংস হলোঁ; [QE][QS]যিহোৱাই মোৰ লোকসকলৰ অঞ্চল সলনি কৰিছে; [QE][QS]তেওঁ ইয়াক মোৰ পৰা কেনেকৈ দূৰ কৰিব? [QE][QS]বিদ্ৰোহী সকলক তেওঁ আমাৰ পথাৰবোৰ ভগাই দিছে। [QE]
5. [QS]সেই বাবে যিহোৱাৰ সমাজত [QE][QS]চিঠি খেলৰ দ্বাৰাই অঞ্চল ভাগ কৰিবলৈ ধনী লোকসকলৰ কোনো বংশধৰ নাথাকিব। [QE]
6. [QS]“ভাববাণী প্ৰচাৰ নকৰিবা,” [QE][QS]তেওঁলোকে কয়, [QE][QS]“তেওঁলোকে এইবোৰৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা উচিত নহয়; [QE][QS]আৰু নিন্দা অহা উচিত নহয়।” [QE]
7. [QS]যাকোবৰ বংশক প্রকৃততে এইদৰে কোৱা উচিত নে? [QE][QS]“যিহোৱাৰ আত্মা ক্রোধত আছে নে? [QE][QS]এইবোৰ সঁচাই তেওঁৰ কাৰ্য নে?” [QE][QS]যি জনে ন্যায়ত চলে, [QE][QS]মোৰ বাক্যই তেওঁক উপকাৰ নকৰিব নে? [QE]
8. [QS]ইতিমধ্যে মোৰ লোকসকল শত্রুৰ দৰে হৈ উঠিছে; [QE][QS]নিৰাপদে আছোঁ বুলি ভাবি যুদ্ধৰ পৰা ঘূৰি অহা সৈন্যসকলৰ দৰে, [QE][QS]সন্দেহ নোহোৱা পথিকৰ পৰা তুমি পোচাক, আৰু বস্ত্র খুলি লৈছা; [QE]
9. [QS]তোমালোকে মোৰ লোকসকলৰ মহিলাসকলক তেওঁলোকৰ আনন্দদায়ক ঘৰৰ পৰা খেদি দিছা; [QE][QS]তুমি তেওঁলোকৰ তৰুণ সন্তান সকলৰ পৰা মোৰ আশীৰ্ব্বাদ[* মহিমা ] চিৰকাললৈকে কাঢ়ি লৈছা। [QE]
10. [QS]উঠা, আৰু এই ঠাই এৰি যোৱা, [QE][QS]অশুচিতাৰ কাৰণে [QE][QS]এই ঠাই তোমালোক থাকিবৰ বাবে নহয়; [QE][QS]ইয়াক সম্পূৰ্ণৰূপে ধ্বংস কৰা হ’ব। [QE]
11. [QS]মিথ্যা আত্মা আৰু মিছা কথাৰে কোনো এজনে যদি তোমাৰ ওচৰলৈ আহি কয়, [QE][QS]“মই দ্ৰাক্ষাৰস আৰু সুৰা পানৰ বিষয়ে তোমাৰ আগত ভাববাণী প্ৰচাৰ কৰিম;” [QE][QS]তেনেহ’লে তেওঁক এই লোকসকলৰ কাৰণে ভাববাদী হ’বলৈ বিবেচনা কৰা হ’ব। [QE]
12. [PS]হে যাকোব, মই নিশ্চয়ে তোমাৰ সকলো লোকক সমবেত কৰিম; [QE][QS]মই নিশ্চয় ইস্ৰায়েলৰ অৱশিষ্ট ভাগক একগোট কৰিম; [QE][QS]গৰালত থকা মেৰ-ছাগবোৰৰ দৰে, [QE][QS]আৰু চৰণীয়া পথাৰৰ মাজত থকা এজাক পশুৰ দৰে, মই তেওঁলোক একত্রিত কৰিম। [QE][QS]অধিক লোক হোৱাৰ কাৰণে তাত কোলাহলপূৰ্ণ শব্দ হ’ব। [QE]
13. [QS]কোনো এজনে তেওঁলোকৰ বাবে বাট ভাঙি উলিয়াবলৈ তেওঁলোকৰ আগে আগে যাব; [QE][QS]তেওঁলোকে দুৱাৰ ভাঙিব; আৰু দুৱাৰৰ মাজেৰে বাহিৰ ওলাই যাব; [QE][QS]তেওঁলোকৰ ৰজা তেওঁলোকৰ আগেয়ে ওলাই যাব, [QE][QS]যিহোৱা তেওঁলোকৰ আগধৰোঁতা হ’ব। [QE]