1. {#1বাবিল মহা-বেশ্যাৰ বিনাশ } [PS]এইবোৰ ঘটনা ঘটাৰ পাছত মই আন এজন দূতক স্বৰ্গৰ পৰা নমা দেখিলোঁ; তেওঁ অধিক অধিকাৰ পোৱা আৰু তেওঁৰ প্ৰতাপত পৃথিৱী খন দীপ্তিময় হ’ল।
2. তেওঁ বলৱান মাতেৰে ৰিঙিয়াই ক’লে, [PE][QS]“পৰিল, পৰিল[* প্ৰ 14:8৷ ] সেই বাবিল মহা-নগৰ! [QE][QS2]তাই ভূতবোৰৰ বাসস্থান হৈ পৰিছে [QE][QS]সকলো অশুচি আত্মাৰ কয়দখানা [QE][QS2]আৰু আটাই অশুচি আৰু ঘিণলগীয়া চৰাই বাস কৰা ঠাই [† যিৰি 50:39৷ ] হ’ল। [QE]
3. [QS]কিয়নো সকলো জাতি তাইৰ [QE][QS2]ব্যভিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পতিত হ’ল৷ [QE][QS]আৰু পৃথিৱীৰ ৰজা সকলে তাইৰে সৈতে ব্যভিচাৰ কৰিলে, [QE][QS2]তাইৰ বিলাসিতা শক্তিৰ প্ৰভাৱত পৃথিৱীৰ সদাগৰ সকল ধনৱন্ত হ’ল।” [QE]
4. [QS]পাছত আন এক আকাশ বাণীত এনেদৰে কোৱা শুনিলোঁ, [QE][QS2]“হে মোৰ লোক সকল, তোমালোকে যেন তাইৰ পৰা ওলাই আহা[‡ যিচ 52:11৷ ] [QE][QS3]যাতে তোমালোকে তাইৰ পাপৰ অংশীদাৰ নোহোৱা [QE][QS2]আৰু তাইৰ উৎপাতৰ ভাগ নোপোৱা৷ [QE]
5. [QS]কিয়নো তাইৰ পাপ স্বৰ্গলৈ বৃদ্ধি পালে, [QE][QS2]আৰু তাইৰ অপৰাধ ঈশ্বৰে সোঁৱৰণ কৰিলে। [QE]
6. [QS]তাই যি দৰে দিলে, তোমালোকেও তাইক সেইদৰে প্ৰতিফল দিয়া, [QE][QS2]আৰু তাইৰ কৰ্ম অনুসাৰে দুগুণত দুগুণ প্ৰতিফল দিয়া; [QE][QS2]যি পান-পাত্ৰত পেয় যুগুত কৰিলে, সেই পান-পাত্ৰত তোমালোকেও তাইলৈ দুগুণ পেয় যুগুত কৰা। [QE]
7. [QS]তাই যিমান গৌৰৱ আৰু বিলাসিতা কৰিছিল [QE][QS2]তাইক সিমান যাতনা আৰু শোক দিয়া৷ [QE][QS]কিয়নো তাই মনতে কয়, [QE][QS2]‘মই ৰাণী হৈ বহি আছোঁ; [QE][QS]মই বিধৱা নহওঁ [QE][QS2]আৰু মই শোকৰ দিন কেতিয়াও নেদেখিম।’[§ যিচ 47:7-11৷ ] [QE]
8. [QS]সেই বাবে তাইৰ সকলো উৎপাত: [QE][QS2]মৃত্যু শোক আৰু আকাল; [QE][QS]একেদিনাই উপস্থিত হ’ব৷ [QE][QS]তাইক জুইত পুৰি পেলোৱা যাব, [QE][QS2]কিয়নো তাইৰ বিচাৰকৰ্তা প্ৰভু পৰমেশ্বৰ বলৱান। [QE]
9. [PS]পৃথিৱীৰ যি ৰজা সকলে তাইৰে সৈতে ব্যভিচাৰ আৰু বিলাসিতা কৰিছিল, তেওঁলোকে তাইক পোৰাৰ ধুঁৱা যেতিয়া দেখিব, তেতিয়া তাইৰ কাৰণে ক্ৰন্দন কৰি হিয়া ভুকুৱাব৷[* যিহি 26:16, 17৷ ]
10. তাইৰ যাতনাৰ ভয়ত দুৰৈত থিয় হৈ এইদৰে ক’ব, [QE][QS]“হায় হায়, বাবিল মহা-নগৰ, তুমি সন্তাপৰ পাত্ৰ, [QE][QS2]পৰাক্ৰমী বাবিল নগৰ! [QE][QS]কিয়নো এঘণ্টাৰ ভিতৰতে তোমাৰ দণ্ডাজ্ঞা হ’ল।” [QE]
11. [PS]পৃথিৱীৰ সদাগৰ সকলে তাইৰ কাৰণে ক্ৰন্দন আৰু শোক কৰিছে,
12. কিয়নো তেওঁলোকৰ বাণিজ্য-দ্ৰব্য, অৰ্থাৎ সোণ, ৰূপ, বহুমুলীয়া মণি, মুকুতা, শণ সুতাৰ মিহি কাপোৰ, বেঙেনা বৰণীয়া কাপোৰ, পাট কাপোৰ, উজ্বল ৰঙা বৰণীয়া কাপোৰ, চন্দন আদি কাঠ, হাতী-দাঁতৰ আটাই পাত্ৰ আৰু বহুমুল্য কাঠৰ, পিতলৰ, লোহাৰ আৰু মৰ্ম্মৰ শিলৰ সকলো পাত্ৰ,
13. ডালচেনি, মচলা, ধূপ, সুগন্ধি তেল, ধুনা-এঁঠা, দ্ৰাক্ষাৰস, তেল, মিহি আটাগুড়ি, ঘেঁহু ধান, মেৰ, ঘোঁৰা আৰু ৰথ, বন্দী মানুহ আৰু মানুহৰ প্ৰাণ, এতিয়া কোনেও নিকিনে৷ [QE]
14. [QS]তোমাৰ প্ৰাণৰ অভিলাষিত ফলবোৰ তোমাৰ পৰা গুচি গ’ল৷ [QE][QS]সকলো শোভা আৰু দীপ্তি তোমাৰ পৰা নোহোৱা হৈ গ’ল; [QE][QS]সেইবোৰ কেতিয়াও পুনৰ নাপাবা। [QE]
15. [PS]এই সকলো বস্তুৰে যি সদাগৰ সকল তাইৰ পৰা ধনৱন্ত হৈ গ’ল, তেওঁলোকে তাইৰ যাতনা দেখি ভয়তে দুৰৈত থিয় হৈ, ক্ৰন্দন আৰু শোক কৰিব৷
16. তেওঁলোকে কব, [QE][QS]“হায় হায়, সেই মহা-নগৰ সন্তাপৰ পাত্ৰ [QE][QS2]যি শণ সুতাৰ মিহি কাপোৰ পিন্ধা, [QE][QS3]বেঙেনা বৰণীয়া আৰু উজ্বল ৰঙা বৰণীয়া কাপোৰ পিন্ধা [QE][QS2]আৰু সোণ, বহুমুলীয়া মণি আৰু মুকুতাৰে অলঙ্কৃত হোৱা!” [QE]
17. [QS]এঘণ্টাৰ ভিতৰতে এই সকলো ধন-সম্পত্তি ধ্বংস হ’ল। [QE][MS]জাহাজৰ চাৰেং সকল, জাহাজেৰে ঠায়ে ঠায়ে অহা-যোৱা কৰা লোক সকল আৰু নাৱিক সকলকে আদি কৰি যিমান সমুদ্ৰ-ব্যৱসায়ী লোক আছে, সেই সকলোৱে দুৰৈত থিয় দি থাকিল৷ [ME]
18. [PS]তাইক পোৰাৰ ধুঁৱা দেখি তেওঁলোকে ৰিঙিয়াই ক’লে, “এই মহা-নগৰ তুল্য কোন নগৰ আছে?”
19. আৰু তেওঁলোকে নিজৰ মুৰত ধুলি পেলাই ক্ৰন্দন আৰু শোক কৰি ৰিঙিয়াই ক’লে, [QE][QS]“হায় হায়, সেই মহা-নগৰ সন্তাপৰ পাত্ৰ [QE][QS2]যত সকলো জাহাজৰ গৰাকী সকল [QE][QS2]সাগৰত থাকি যি নগৰ ধনৰ বাহুল্যতাৰ দ্বাৰাই ধনৱন্ত হৈ গ’ল, [QE][QS]এঘণ্টাৰ ভিতৰতে তাইৰ ধ্বংস হ’ল।” [QE]
20. [QS]“[† প্ৰ 19:1-4; যিৰি 51:48৷ ]হে স্বৰ্গ, [QE][QS2]পবিত্ৰ লোক, পাঁচনি আৰু ভাববাদী সকল, তোমালোকে তাইৰ বিষয়ে আনন্দ কৰা, [QE][QS]কিয়নো ঈশ্বৰে তোমালোকৰ সোধ-বিচাৰ তাইৰ ওপৰত কৰিলে!” [QE]
21. [PS]পাছত এজন বলৱান দূতে এখন জাঁতৰ নিচিনা এচটা ডাঙৰ শিল তুলি লৈ সাগৰত দলিয়াই ক’লে, [QE][QS]“এইদৰে বাবিল মহা-নগৰক বলেৰে পেলোৱা হ’ব, [QE][QS2]আৰু কেতিয়াও দেখা নাযাব।[‡ যিৰি 51:63, 64৷ ] [QE]
22. [QS]বীণা বজোৱা, গায়ন-বায়ন, [QE][QS3]বাঁহীবাদক আৰু কালি বজোৱা সকলৰ মাত [QE][QS2]তোমাৰ মাজত আৰু কেতিয়াও শুনা নাযাব৷ [QE][QS]আৰু কোনো প্ৰকাৰ শিল্পকাৰী লোক [QE][QS2]তোমাৰ মাজত কেতিয়াও পোৱা নাযাব৷ [QE][QS]জাঁত-ঘৰৰ মাত [QE][QS2]তোমাৰ মাজত কেতিয়াও শুনা নাযাব; [QE]
23. [QS]চাকিৰ পোহৰ [QE][QS2]তোমাৰ মাজত কেতিয়াও দেখা নাযাব৷ [QE][QS]দৰা আৰু কন্যাৰ মাত [QE][QS2]তোমাৰ মাজত কেতিয়াও শুনা নাযাব, [QE][QS]কিয়নো তোমাৰ সদাগৰ সকল পৃথিৱীৰ ৰাজকুমাৰ আছিল, [QE][QS2]আৰু তোমাৰ মায়াকৰ্ম্মৰ দ্বাৰাই সকলো জাতিবোৰ ভ্ৰান্ত হ’ল। [QE]
24. [QS]ভাববাদী আৰু পবিত্ৰ লোক সকলকে আদি কৰি যিমান লোকক পৃথিৱীত বধ কৰা হ’ল, সেই সকলোৰে তেজ এই নগৰৰ ভিতৰত পোৱা গ’ল।” [QE]