1. {যিহোৱাই ইয়োবক দিয়া প্ৰথম উত্তৰ। }
2. [PS]তেতিয়া যিহোৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ কৰি ক’লে, [PE][QS]“যিজনে এই জ্ঞানশূন্য বাক্যেৰে ঈশ্বৰৰ মন্ত্ৰণা আন্ধাৰ কৰিছে, এইটো কোন? [QE]
3. [QS]তুমি এতিয়া বীৰৰ দৰে কঁকাল বান্ধা; [QE][QS]কিয়নো মই তোমাক সোঁধো, তুমি মোক কোৱা। [QE]
4. [QS]যি সময়ত মই পৃথিবীৰ মূল স্থাপন কৰিলোঁ, তেতিয়া তুমি ক’ত আছিলা? [QE][QS]যদি তোমাৰ বোধ আছে, তেন্তে কোৱা। [QE]
5. [QS]কোনে তাৰ পৰিমাণ নিৰূপণ কৰিলে? [QE][QS]বা কোনে তাৰ ওপৰত পৰিমাণ-জৰী পাৰিলে? যদি জানা তেন্তে কোৱা। [QE]
6. [QS]সেই কালত তাৰ মুলবোৰ কিহৰ ওপৰত বহুওৱা হল? [QE][QS]বা কোনে তাৰ চুকৰ শিল স্থাপন কৰিলে? [QE]
7. [QS]যেতিয়া প্ৰভাতীয় তৰাবোৰে একেলগে গান কৰিছিল, [QE][QS]তেতিয়া ঈশ্বৰৰ সন্তান সকলে জয়ধ্বনি কৰিছিল নে? [QE]
8. [QS]গৰ্ভৰ পৰা বাহিৰ হোৱাৰ দৰে সমুদ্ৰ যেতিয়া বাহিৰ হৈছিল, [QE][QS]তেতিয়া কোনে দুৱাৰৰ সৈতে সমুদ্ৰক নীৰৱ কৰিছিল? [QE]
9. [QS]যেতিয়া মই মেঘক তাৰ বস্ত্ৰস্বৰূপে নিৰ্মান কৰিছিলোঁ, [QE][QS]আৰু ঘোৰ অন্ধকাৰক, তাক মেৰিওৱা পটী স্বৰূপ কৰিছিলোঁ, [QE]
10. [QS]আৰু যেতিয়া মই তাৰ বাবে বিধি নিৰূপণ কৰিছিলোঁ, [QE][QS]ডাং আৰু দুৱাৰ লগাই কৈছিলো- [QE]
11. [QS]‘তুমি ইয়ালৈকে আহিব পাৰা, ইয়াতকৈ বেছি নহয়; [QE][QS]ইয়াতে তোমাৰ গৰ্ব্বী ঢৌবোৰ মাৰ যাব।’ [QE]
12. [QS]তুমি চিৰকাল আছা নে, তোমাৰ জীৱনৰ দিন আৰম্ভণিৰ পৰা আছে নে, তুমি প্ৰভাতক আজ্ঞা দিছিলা নে? [QE][QS]আৰু অৰুণক তাৰ উদয় স্থান জনাইছিলা নে? [QE]
13. [QS]সেইদৰে পৃথিবীৰ চাৰিও চুক ধৰিছিলা নে, [QE][QS]তাৰ পৰা দুষ্টবোৰক জোকাৰি পেলাইছিলা নে? [QE]
14. [QS]ছাব মৰা মাটিৰ দৰে পৃথিবীৰ ৰূপ পৰিৱৰ্ত্তন হয়, [QE][QS]আৰু সকলো বস্তু এখন চিত্ৰ-বিচিত্ৰ বস্ত্ৰৰ দৰে প্ৰকাশ পায়। [QE]
15. [QS]আৰু দুষ্টবোৰৰ পৰা পোহৰ আতৰোৱা হয়, [QE][QS]আৰু সিহঁতৰ উৰ্ধবাহু ভগ্ন হয়। [QE]
16. [QS]তুমি জানো সমুদ্ৰৰ উৎপন্ন ঠাইলৈ গৈছিলা? [QE][QS]বা অগাধ জলৰ গুপ্তস্থানত জানো ফুৰিছিলা? [QE]
17. [QS]মৃত্যুপুৰীৰ দুৱাৰ তোমালৈ অনাবৃত আছিল নে? [QE][QS]বা মৃত্যুছায়াৰ দুৱাৰ দেখিছিলা নে? [QE]
18. [QS]তুমি পৃথিবীৰ প্ৰস্থৰ বুজ পালা নে? [QE][QS]এই সকলো যদি জানা, তেন্তে কোৱা। [QE]
19. [QS]পোহৰ থকা ঠাইলৈ যোৱা বাট ক’ত- [QE][QS]সেইদৰে আন্ধাৰৰ ঠাইয়ে বা ক’ত? [QE]
20. [QS]যি ঠাইৰ পৰা পোহৰ আৰু আন্ধাৰ আহে, সেই ঠাইলৈ তুমি তাক উভতাই নিব পাৰিবা নে, [QE][QS]বা তুমি জানা নে, কিদৰে সেই ঠাইৰ পৰা আহে? [QE]
21. [QS]তুমি যেতিয়া জন্মিছিলা, নিশ্চিন্তভাবে জানিছিলা! [QE][QS]আৰু তোমাৰ দিনৰ সংখ্যা অধিক! [QE]
22. [QS]যত হিম সঞ্চয় কৰা হয়, সেই ভঁৰালত তুমি প্ৰবেশ কৰিছা নে, [QE][QS]তুমি সেই শিলাবৃষ্টিৰ ভঁৰাল দেখিছিলা নে? [QE]
23. [QS]এই বস্তুবোৰ মই সঙ্কট সময়ৰ বাবে, [QE][QS]ৰণ বা যুদ্ধ দিনৰ বাবে ধৰি ৰাখো; [QE]
24. [QS]কি নিয়মেৰে বিজুলীৰ পোহৰ ভাগবতৰা হয়, [QE][QS]বা কি নিয়মেৰে পূবৰ বায়ু পৃথিবীত বিয়পি পৰে? [QE]
25. [QS]প্লাৱন সৃষ্টিকাৰী বৰষুণৰ বাবে কোনে পানী বোৱাই নিয়া নলা তৈয়াৰ কৰিলে, [QE][QS]বা কোনে বিজুলী-ঢেৰেকনিৰ বাবে পথ প্ৰস্তুত কৰিলে, [QE]
26. [QS]বৰষুণ নোহোৱা কাৰণে যি ঠাইত কোনো ব্যক্তি নাথাকে, [QE][QS]আৰু য’ত এজনো মানুহ নাই, সেই পৰিত্যক্তভূমি, [QE]
27. [QS]সেই অনুৰ্বৰ মাটি আৰু জনশূণ্য অঞ্চলৰ উদ্দেশ্যে, [QE][QS]কোনে কোমল ঘাঁহ গজাই তোলে? [QE]
28. [QS]বৰষুণৰ জানো পিতৃ আছে? [QE][QS]নিয়ৰৰ বিন্দুসমুহ জানো কোনোবাই প্ৰসৱ কৰিলে? [QE]
29. [QS]কাৰ গৰ্ভৰ পৰা বৰফ বাহিৰ হ’ল? [QE][QS]কোনে আকাশত বগা তুষাৰপাত জন্ম দিলে? [QE]
30. [QS]জল সমূহ নিজে গোট খায় আৰু শিলৰ নিচিনা হয়, [QE][QS]পৃষ্ঠতলৰ গভীৰত সি হিমলৈ ৰূপান্তৰিত হয়। [QE]
31. [QS]তুমি জানো কৃত্তিকা নক্ষত্ৰৰ হাৰ গাঁথিব পাৰা? [QE][QS]বা মৃগশীৰ্ষ নক্ষত্ৰৰ বান্ধ জানো সোলোকাব পাৰা? [QE]
32. [QS]আৰু ৰাশিবোৰক জানো নিজ নিজ ঋতুত উলিয়াব পাৰা? [QE][QS]বা তুমি সপ্তশীৰ্ষক জানো তাৰ অনুচৰ বোৰে সৈতে বাট দেখুৱাই নিব পাৰা? [QE]
33. [QS]তুমি আকাশ-মণ্ডলৰ নিয়মবোৰ জানা নে? [QE][QS]পৃথিবীৰ ওপৰত তুমি সেইবোৰৰ অধিকাৰ স্থাপন কৰিব পাৰা নে? [QE]
34. [QS]ঢল পানীৰে তোমাক ঢাকিবৰ বাবে [QE][QS]তুমি মেঘলৈকে তোমাৰ মাত নিয়াব পাৰা নে? [QE]
35. [QS]তুমি বিজুলীবোৰক যা বুলি পঠাব পাৰা নে? [QE][QS]সেইবোৰে জানো তোমাক ক’ব নে, ‘এইয়া আমি’? [QE]
36. [QS]ঘন মেঘক কোনে জ্ঞান দিলে? [QE][QS]পপীয়া তৰা কোনে বুদ্ধি দিলে? [QE]
37. [QS]এনে দক্ষতা কাৰ আছে, যিয়ে মেঘ সমূহক গণনা কৰিব পাৰে? [QE][QS]কোনে আকাশৰ পৰা বৰষুণ বৰ্ষাব পাৰে? [QE]
38. [QS]যেতিয়া ধুলিবোৰ গৈ গোট খায়, [QE][QS]আৰু চপৰাবোৰ টানকৈ লগ লাগে, সেই সময়ত কোনে আকাশৰ জলৰ মোটবোৰ বাকি দিয়ে? [QE]
39. [QS]তুমি সিংহিনীৰ নিমিত্তে মৃগয়া কৰিবা নে? [QE][QS]বা তাইৰ সৰু পোৱালিক সন্তুষ্ট হোৱাকৈ খাবলৈ দিবা নে? [QE]
40. [QS]যেতিয়া ডেকা সিংহবোৰে নিজ নিজ চোঙত চোপ লৈ থাকে, [QE][QS]আৰু আঁৰত খাপ দি থাকে তেতিয়া তুমি সেইবোৰৰ হেপাঁহ পলুৱাব পাৰা নে? [QE]
41. [QS]যেতিয়া ঢোঁৰা-কাউৰীৰ পোৱালি বোৰে ঈশ্বৰৰ গুৰিত চিঞঁৰে, [QE][QS]আৰু আহাৰৰ অভাৱত ফুৰে তেতিয়া সেইবোৰৰ বাবে কোনে আহাৰ যোগায়? [QE]