1. {চিয়োনৰ গৌৰৱ। আহিব লগা যিহোৱাৰ ক্ৰোধৰ দিন। }
2. [PS]আমোচৰ পুত্ৰ যিচয়াই যিহূদা আৰু যিৰূচালেমৰ বিষয়ে পোৱা দৰ্শন। [PE][QS]ভবিষ্যতৰ দিনবোৰত, যিহোৱাৰ পৰ্ব্বতত গৃহ স্থাপন কৰা হ’ব [QE][QS]পৰ্ব্বতবোৰৰ দৰে ওখ আৰু পাহাৰবোৰতকৈয়ো উচ্চ কৰা হ’ব; [QE][QS]আৰু সকলো জাতি তালৈ সোঁত বোৱাৰ দৰে বৈ যাব। [QE]
3. [QS]অনেক লোক আহিব আৰু ক’ব, [QE][QS]“আহাঁ, আমি যিহোৱাৰ পৰ্ব্বতলৈ, আৰু যাকোবৰ ঈশ্বৰৰ গৃহলৈ উঠি যাওহঁক; [QE][QS]সেয়ে তেওঁ আমাক তেওঁৰ কিছুমান পথৰ বিষয়ে শিক্ষা দিব; তাতে আমি তেওঁৰ পথত গমন কৰিব পাৰিম।” [QE][QS]কিয়নো চিয়োনৰ পৰা বিধান আৰু যিৰূচালেমৰ পৰা যিহোৱাৰ বাক্য ওলাই যাব। [QE]
4. [QS]তেওঁ দেশবোৰৰ মাজত বিচাৰ কৰিব, আৰু অনেক লোকৰ বাবে সিদ্ধান্ত ল’ব; [QE][QS]তেওঁলোকে নিজৰ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব, আৰু যাঠি ভাঙি কলম দিয়া কটাৰী গঢ়াব; [QE][QS]এখন দেশে আনখন দেশৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব, নাইবা তেওঁলোকে যুদ্ধ-বিদ্যা আৰু নিশিকিব। [QE]
5. [QS]হে যাকোবৰ বংশ আহাঁ, যিহোৱাৰ পোহৰত চলি যাওঁহঁক। [QE]
6. [QS]কিয়নো তুমি তোমাৰ যাকোবৰ বংশৰ লোকসকলক ত্যাগ কৰিলা; [QE][QS]কাৰণ তেওঁলোক পূবদেশৰ ৰীতি নীতিৰে পৰিপূৰ্ণ, আৰু পলেষ্টীয়াসকলৰ দৰে ভৱিষ্যত পঢ়ালোক সকলে, [QE][QS]বিদেশীৰ সন্তানসকলৰ লগত মিত্রতা কৰে। [QE]
7. [QS]তেওঁলোকৰ দেশ ৰূপেৰে আৰু সোণেৰে পৰিপূৰ্ণ, আৰু তেওঁলোকৰ ধনসম্পত্তি সীমাহীন; [QE][QS]তেওঁলোকৰ দেশ ঘোঁৰাৰে পৰিপূৰ্ণ, আৰু তেওঁলোকৰ ৰথৰ সীমাহীন। [QE]
8. [QS]মূৰ্ত্তিৰে তেওঁলোকৰ দেশ পৰিপূৰ্ণ, [QE][QS]তেওঁলোকে নিজৰ হাতেৰে গঢ়া, আৰু নিজৰ আঙুলিৰে সজা মূর্তিক সেৱা কৰে। [QE]
9. [QS]লোকসকলে আঠুকাঢ়ি প্রণিপাত কৰিব, আৰু ব্যক্তিগতভাৱে তলত পৰিব, সেই কাৰণে তেওঁলোকক ক্ষ[* গ্রহণ ]মা কৰা নহ’ব। [QE]
10. [QS]যিহোৱাৰ ভয়ৰ পৰা, আৰু তেওঁ ঐশ্বৰ্যৰ প্ৰতাপৰ পৰা [QE][QS]তোমালোক শিলাময় ঠাইলৈ যোৱা আৰু মাটিত লুকুৱা। [QE]
11. [QS]মানুহৰ উৰ্দ্ধদৃষ্টি অৱনত হ’ব; আৰু লোকসকলৰ গৰ্ব্ব নাশ কৰা হ’ব; [QE][QS]আৰু ভবিষ্যতৰ সেই সোধবিচাৰ দিনা কেৱল যিহোৱাই উন্নত হ’ব। [QE]
12. [QS]কিয়নো গৰ্ব্বী, অহংকাৰী, আৰু উন্নত হোৱা সকলোৰে বিৰুদ্ধে [QE][QS]বাহিনীসকলৰ যিহোৱা এদিন আহিব, আৰু সকলোকে নত কৰিব; [QE]
13. [QS]আৰু লিবানোনৰ সকলো ওখ আৰু উন্নত এৰচ গছ, [QE][QS]আৰু বাচানৰ সকলো ওক গছৰ বিৰুদ্ধে [QE]
14. [QS]সকলো ওখ পৰ্ব্বত, সকলো ওখ পাহাৰ, [QE]
15. [QS]সকলো ওখ স্তম্ভ, সকলো দৃঢ় দেৱাল, [QE]
16. [QS]তৰ্চীচৰ সকলো জাহাজ, আৰু সকলো ধুনীয়া নাও[† সুন্দৰ হস্তকর্ম ]ৰ বিৰুদ্ধে, [QE]
17. [QS]মানুহৰ অহংকাৰ নত কৰা হ’ব, আৰু লোকসকলৰ গৰ্ব্ব নাশ কৰা হ’ব; [QE][QS]সেইদিনা কেৱল যিহোৱাই উন্নত হ’ব। [QE]
18. [QS]মূৰ্ত্তিবোৰ সম্পূৰ্ণকৈ আঁতৰোৱা হ’ব। [QE]
19. [QS]যিহোৱাৰ ভয়, আৰু তেওঁৰ ঐশ্বৰ্যৰ প্ৰতাপৰ পৰা বাচিবলৈ, [QE][QS]লোকসকল শিলৰ গুহাত আৰু মাটিৰ গাতত সোমাব। [QE]
20. [QS]সেইদিনা লোকসকলে ৰূপ আৰু সোণৰ মূৰ্ত্তিবোৰ পেলাব, [QE][QS]আৰাধনা কৰিবলৈ নিজৰ বাবে তেওঁলোকে সাজি লোৱা মুৰ্ত্তিবোৰ তেওঁলোকে এন্দুৰ আৰু বাদুলীৰ আগত পেলাই দিব। [QE]
21. [QS]যিহোৱাই যেতিয়া পৃথিৱী কঁপাব তেতিয়া তেওঁৰ ভয়ৰ পৰা আৰু তেওঁৰ ঐশ্বৰ্যৰ প্রতাপৰ পৰা, [QE][QS]বাচিবলৈ লোকসকল শিলৰ গুহা, আৰু অসমান শিলৰ গাতৰ ভিতৰত সোমাব। [QE]
22. [QS]নাকেৰে নিশ্বাস লোৱা মানুহক বিশ্বাস কৰিবলৈ এৰা; [QE][QS]কিহৰ বাবে তেওঁ গণ্য হ’ব পাৰে? [QE]