1. {যিহোৱাৰ আহিব লগা ক্ৰোধৰ দিন। } [QS]তোমালোকে চিয়োনত শিঙা বজোৱা, [QE][QS]আৰু মোৰ পবিত্ৰ পৰ্ব্বতখনত সতৰ্ক-ধ্বনি কৰা! [QE][QS]দেশ-নিবাসী সকলোৱেই ভয়ত কঁম্পমান হওঁক, [QE][QS]কিয়নো যিহোৱাৰ দিন আহি আছে; [QE][QS]হয়, সঁচাই সেয়ে ওচৰ পাইছেহি; [QE]
2. [QS]সেয়ে আন্ধাৰ আৰু ঘোৰ অন্ধকাৰৰ দিন, [QE][QS]ডাৱৰীয়া আৰু ঘন মেঘেৰে হোৱা অন্ধকাৰৰ দিন। [QE][QS]পৰ্ব্বতবোৰৰ ওপৰত ব্যাপি থকা অৰুণ যেন ব্যাপ্ত, [QE][QS]মহৎ আৰু যেন পৰাক্ৰমী এক জাতি আহিছে। [QE][QS]তাৰ নিচিনা কেতিয়াও হোৱা নাই, [QE][QS]আৰু তাৰ পাছত পুনৰ কেতিয়াও নহ’ব, [QE][QS]আনকি পুৰুষানুক্ৰমে অনেক বছৰলৈকে পুনৰ নহ’ব। [QE]
3. [QS]তাৰ আগত অগ্নিয়ে গ্ৰাস কৰিছে, [QE][QS]আৰু তাৰ পাছত অগ্নিশিখা জ্বলিছে। [QE][QS]তাৰ আগত দেশখন এদন বাৰীৰ নিচিনা, [QE][QS]আৰু তাৰ পাছত ধ্বংস কৰা মৰুভূমিৰ নিচিনা। [QE][QS]এনেকি একোৱেই তাৰ পৰা ৰক্ষা নাপায়। [QE]
4. [QS]সিহঁতৰ আকৃতি ঘোঁৰাৰ আকৃতিৰ নিচিনা, [QE][QS]আৰু সিহঁত অশ্বাৰোহী সকল দৰে যোৱাৰ দৰে বেগেৰে যায়। [QE]
5. [QS]সিহঁতে জপিওৱা শব্দ পৰ্ব্বতবোৰৰ টিঙত চলা ৰথসমূহৰ শব্দৰ নিচিনা, [QE][QS]সিহঁত খোৱা শব্দ নৰা গ্ৰাসকাৰী অগ্নিশিখাৰ শব্দৰ নিচিনা, [QE][QS]সিহঁত যুদ্ধলৈ বেহু পতা পৰাক্ৰমী এক জাতিৰ সদৃশ। [QE]
6. [QS]সিহঁতৰ আগত জাতিবোৰে যাতনা পায়, [QE][QS]আৰু সিহঁতৰ আটাইৰে মুখ বিবৰ্ণ হয়। [QE]
7. [QS]সিহঁতে বীৰসকলৰ দৰে লৰ মাৰে; [QE][QS]সিহঁতে যুদ্ধাৰু নিচিনাকৈ গড়ত উঠে; [QE][QS]সিহঁতে নিজ নিজ শাৰীত থাকে, [QE][QS]আৰু তাক নভঙাকৈ নিজ নিজ পথত যাত্ৰা কৰে। [QE]
8. [QS]সিহঁতে ইটোৱে সিটোৱে ঠেলাঠেলি নকৰে; [QE][QS]প্ৰতিজনে নিজ নিজ পথত যাত্ৰা কৰে; [QE][QS]সিহঁতে নিৰাপত্তা ব্যৱস্থাত বলপূৰ্বক প্ৰবেশ কৰে, [QE][QS]আৰু সিহঁতে পৰিলেও যাত্ৰাপথৰ পৰা বাহিৰ নহয়। [QE]
9. [QS]সিহঁতে নগৰত ভ্ৰমি ফুৰে, [QE][QS]গড়ৰ ওপৰত লৰ মাৰে, [QE][QS]উঠি ঘৰৰ ভিতৰত সোমায়, [QE][QS]আৰু চোৰৰ দৰে খিড়িকিয়েদি সোমায়। [QE]
10. [QS]সিহঁতৰ আগত পৃথিৱী কঁপে, [QE][QS]আকাশ-মণ্ডল জোকাৰ খায়, [QE][QS]চন্দ্ৰ আৰু সূৰ্য অন্ধকাৰময় হয়, [QE][QS]আৰু তৰাবোৰে নিজৰ পোহৰ নিদিয়ে। [QE]
11. [QS]যিহোৱাই নিজ সৈন্যসামন্তৰ আগত নিজ কন্ঠধ্বনি শুনাইছে, [QE][QS]কিয়নো তেওঁৰ বাহিনী অতিশয় অধিক; [QE][QS]কাৰণ তেওঁৰ আজ্ঞা পালন কৰোঁতাসকল বলৱান। [QE][QS]কিয়নো যিহোৱাৰ দিন মহৎ আৰু অতি ভয়ানক। [QE][QS]কোনে তাক সহন কৰিব পাৰে? [QE]
12. [QS]যিহোৱাই কৈছে, “তথাপি এতিয়াও”, [QE][QS]“তোমালোকৰ সমস্ত মনেৰে সৈতে মোলৈ ঘূৰা। লঘোন, ক্ৰন্দন আৰু শোক কৰা।” [QE]
13. [QS]আৰু তোমালোকে তোমালোকৰ বস্ত্ৰ নিছিৰি, হৃদয় ছিৰা, [QE][QS]তোমালোকৰ ঈশ্বৰ যিহোৱালৈ ঘুৰা। [QE][QS]কিয়নো তেওঁ কৃপাময় আৰু দয়ালু, [QE][QS]ক্ৰোধত ধীৰ আৰু দয়াত মহান, [QE][QS]আৰু অমঙ্গলৰ পৰা নিজকে ঘূৰাওঁতা। [QE]
14. [QS]কোনে জানে? তেওঁ ঘূৰি মন পালটাব পাৰে, [QE][QS]আৰু নিজৰ পাছত আশীৰ্ব্বাদ দি যাব পাৰে, [QE][QS]তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশে দিবলৈ ভক্ষ্য নৈবেদ্য থৈ যাব পাৰে। [QE]
15. [QS]তোমালোকে চিয়োনত শিঙা বজোৱা, [QE][QS]পবিত্ৰ উপবাস নিৰূপণ কৰা, [QE][QS]পবিত্র সমাজ গোট খাবলৈ ঘোষণা কৰা। [QE]
16. [QS]লোকসকলক গোটোৱা, [QE][QS]সমাজখন পবিত্ৰ কৰা, [QE][QS]পৰিচাৰকসকলক গোটোৱা, [QE][QS]শিশুসকলক গোটোৱা [QE][QS]আৰু পিয়াহ খোৱাসকলক গোটোৱা। [QE][QS]দৰা নিজৰ কোঁঠালিৰ পৰা, [QE][QS]আৰু কন্যা নিজৰ বিয়াৰ তম্বুৰ পৰা ওলাই আহক। [QE]
17. [QS]যিহোৱাৰ পুৰোহিত, পৰিচাৰকসকল, [QE][QS]যজ্ঞ-বেদী আৰু বাৰাণ্ডাৰ মাজৰ ঠাইত ক্ৰন্দন কৰক। তেওঁলোকক ক’বলৈ দিয়া, “হে যিহোৱা, তোমাৰ লোকসকলক দয়া কৰা, [QE][QS]আৰু তোমাৰ আধিপত্যক ধিক্কাৰৰ বিষয় হ’বলৈ নিদিবা, [QE][QS]যাতে তেওঁলোকৰ ওপৰত জাতি সমূহে শাসন কৰিব। [QE][QS]কিয় তেওঁলোকে জাতি সমূহৰ মাজত ক’ব, [QE][QS]কত তেওঁলোকৰ ঈশ্বৰ?” [QE]
18. {ঈশ্বৰৰ দয়া, তেওঁৰ দাস সকলৰ মঙ্গল, আৰু তেওঁৰ শত্ৰুবোৰৰ বিনাশ। } [PS]তেতিয়া যিহোৱা নিজ দেশৰ বাবে উদ্যোগী [QE][QS]আৰু নিজ লোকসকললৈ দয়ালু হ’ল। [QE]
19. [QS]যিহোৱাই উত্তৰ দি তেওঁৰ লোকসকলক ক’লে: [QE][QS]“চোৱা, মই তোমালোকলৈ শস্য, দ্ৰাক্ষাৰস, আৰু তেল পঠিয়াম। তোমালোক তাৰেই তৃপ্ত হবা, [QE][QS]মই পুনৰ জাতি সমূহৰ মাজত তোমালোকক ধিক্কাৰৰ বিষয় নকৰিম। [QE]
20. [QS]মই তোমালোকৰ পৰা উত্তৰদেশীয় সৈন্য-সামন্তক দূৰ কৰিম, [QE][QS]আৰু মই তাক শুকান আৰু ধ্বংস কৰা দেশলৈ খেদি দিম। [QE][QS]তাৰ আগ-ভাগ পূৱ সাগৰত, [QE][QS]আৰু তাৰ পাছ-ভাগ পশ্চিম সাগৰত পেলাই দিম; [QE][QS]তাতে তাৰ গেলা গন্ধ ওলাব, [QE][QS]দুৰ্গন্ধ উঠিব। [QE][QS]কাৰণ সি মহৎ কাৰ্য কৰিলে।” [QE]
21. [QS]হে দেশ ভয় নকৰিবা, উল্লাসিত হৈ আনন্দ কৰা, [QE][QS]কিয়নো যিহোৱাই মহৎ কাৰ্য কৰিলে। [QE]
22. [QS]হে পথাৰৰ পশুবিলাক, ভয় নকৰিবা, [QE][QS]কিয়নো মৰুভূমিত থকা চৰণীয়া ঠাইত ঘাঁহ গজিছে, [QE][QS]গছে গুটি ধৰিছে, [QE][QS]ডিমৰু গছ আৰু দ্ৰাক্ষালতাই নিজ নিজ ফল উৎপন্ন কৰিছে। [QE]
23. [QS]হে চিয়োনৰ সন্তানসকল, তোমালোক আনন্দিত হোৱা, [QE][QS]আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাত উল্লাস কৰা; [QE][QS]কিয়নো তেওঁ তোমালোকক উচিত পৰিমাণে[* তেওঁ ধাৰ্মিকতাৰ বৰষুণ ] আগতীয়া বৰষুণ দিছে, [QE][QS]আৰু আগৰ দৰে জাকে জাকে আগতীয়া আৰু শেষতীয়া বৰষুণ বৰষাইছে। [QE]
24. [QS]মৰণা মৰা খলাবোৰ শস্যৰে পূৰ হ’ব, [QE][QS]দ্ৰাক্ষাৰস আৰু তেলেৰে কুণ্ডবোৰ উপচি পৰিব। [QE]
25. [QS]“আৰু তোমালোকৰ মাজলৈ মই পঠোৱা সৈন্যসামন্তই, কাকতী ফৰিং, [QE][QS]চেলেকা ফৰিং, বিনাশকাৰী ফৰিং, আৰু কুটি খোৱা ফৰিঙে সেই কেইবছৰ খোৱাখিনি মই পুনৰায় তোমালোকক দিম। [QE]
26. [QS]তাতে তোমালোকে প্ৰচুৰ পৰিমাণে খাই তৃপ্ত হবা, [QE][QS]যিহোৱাৰ নাম প্ৰশংসা কৰিবা, [QE][QS]আৰু তোমালোকলৈ আচৰিতৰূপে কাৰ্য কৰা তোমালোকৰ ঈশ্বৰ, [QE][QS]মোৰ সন্তান সকলে কেতিয়াও পুনৰ লাজ নাপাব। [QE]
27. [QS]তেতিয়া মই যে ইস্ৰায়েলৰ মাজত আছোঁ, [QE][QS]মই যে তোমালোকৰ ঈশ্বৰ যিহোৱা, [QE][QS]আৰু আন কোনো যে নাই, তাক তোমালোকে জানিবা; [QE][QS]মোৰ সন্তান সকলে কেতিয়াও পুনৰ লাজ নাপাব। [QE]
28. [QS]তাৰ পাছতে [QE][QS]মই গোটেই মনুষ্যজাতিৰ ওপৰত মোৰ আত্মা বাকি দিম, [QE][QS]তাতে তোমালোকৰ পো-জীসকলে ভাববাণী প্ৰচাৰ কৰিব। [QE][QS]তোমালোকৰ বৃদ্ধসকলে সপোন দেখিব, [QE][QS]আৰু তোমালোকৰ যুৱক-যুবতীসকলে দৰ্শন[† পাঁচনিৰ কৰ্ম 2:16-17 ] পাব। [QE]
29. [QS]আৰু দাস-দাসীসকলৰ ওপৰতো [QE][QS]সেই কালত মোৰ আত্মা বাকি দিম। [QE]
30. [QS]মই তেজ, অগ্নি, ধূঁৱাস্তম্ভৰে [QE][QS]আকাশ-মণ্ডল আৰু পৃথিৱীত অদ্ভুত লক্ষণ দেখুৱাম। [QE]
31. [QS]যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ আগেয়ে [QE][QS]সূৰ্য অন্ধকাৰত পৰিণত হ’ব, [QE][QS]আৰু চন্দ্ৰ তেজলৈ পৰিৱৰ্তন হ’ব। [QE]
32. [QS]যিকোনোৱে যিহোৱাৰ নাম ল’ব, তেওঁ উদ্ধাৰ পাব। [QE][QS]কিয়নো যিহোৱাই এইদৰে কৈছে, [QE][QS]‘পৰিত্ৰাণ আৰু ৰক্ষা পোৱাসকলৰ মাজৰ পৰা [QE][QS]পৰিত্ৰাণ পোৱা আৰু ৰক্ষা পোৱাসকলৰ মাজৰ পৰা [QE][QS]যিহোৱাই যিসকলক আহ্বান কৰিলে। [QE]