1. {#1আমোচৰ চতুর্থ দর্শন } [PS]প্ৰভু যিহোৱাই, মোক পুনৰ এটা দর্শন দেখুৱালে: তেওঁ মোক এপাচি পকা ফল[* দিমৰু ফল ] দেখুৱালে।
2. তেওঁ ক’লে, “আমোচ তুমি কি দেখা পাইছা?” মই কলোঁ, “এপাচি পকা ফল[† দিমৰু ফল ]।” তেতিয়া যিহোৱাই মোক ক’লে, [PE][QS]“মোৰ প্ৰজা ইস্ৰায়েলৰ শেষ সময় উপস্থিত হৈছে: [QE][QS]মই তেওঁলোকক কেতিয়াও পুনৰ ক্ষমা নকৰিম। [QE]
3. [QS]প্ৰভু যিহোৱাই কৈছে, “সেইদিনা ৰাজকীয়-মন্দিৰৰ গানবোৰ বিলাপৰ ধ্বনি হ’ব; [QE][QS]মৰা-শৱ অনেক হ’ব; সেইবোৰ নীৰৱে পেলোৱা হ’ব। “মনে মনে থাকা!” [QE]
4. [QS]তোমালোক যিসকলে দৰিদ্ৰক ভৰিৰে গছকা আৰু দুখীয়াক নাশ কৰিছা, তোমালোকে এই কথা শুনা। [QE]
5. [PS]তোমালোকে কোৱা যে, [QE][QS]“ন-জোনৰ উৎসৱ কেতিয়া শেষ হ’ব? [QE][QS]“আমি পুনৰ শস্য বিক্রী কৰিবৰ বাবে, [QE][QS]বিশ্ৰাম-দিন কেতিয়া শেষ হ’ব? [QE][QS]আমি বজাৰত ঘেহুঁ বিক্রী কৰিবৰ বাবে, [QE][QS]আমি ঐফা[‡ ঐফা জোখা পাত্র ] সৰু কৰিম, চেকেল [§ চেকেল দাম ] বঢ়াম, [QE][QS]আৰু অন্যায়ৰ তুলাচনী ব্যৱহাৰ কৰি প্ৰবঞ্চনা কৰিম। [QE]
6. [QS]ৰূপৰ বিনিময়ত দৰিদ্রক আৰু এযোৰ জোতাৰ বিনিময়ত অভাৱীক কিনি ল’ম। [QE][QS]সাৰি পেলাই দিয়া ঘেহুঁ বিক্রী কৰিম।” [QE]
7. [PS]যাকোবৰ গৌৰৱৰ নামেৰে যিহোৱাই শপত খাই কৈছে, “মই নিশ্চয়ে তেওঁলোকে যি কাৰ্যবোৰ কৰিছে, তাৰ এটিকো কেতিয়াও নাপাহৰিম।” [QE]
8. [QS]ইয়াৰ বাবে জানো দেশ নকঁপিব? [QE][QS]তাৰ মাজত বাস কৰা সকলোৱে জানো বিলাপ নকৰিব? [QE][QS]গোটেই দেশখন নীল নদীৰ বন্যাৰ দৰে ওফন্দি উঠিব, অশান্ত হ’ব আৰু পুনৰ নামি যাব, [QE][QS]ঠিক মিচৰৰ নদীখনৰ নিচিনাই হ’ব। [QE]
9. [QS]প্ৰভু যিহোৱাই এই কথা কৈছে: [QE][QS]“সেই দিনা মই দুপৰীয়াতে সূৰ্যক অস্ত যাবলৈ দিম, [QE][QS]দুপৰীয়াই পৃথিৱীক অন্ধকাৰ কৰিম। [QE]
10. [QS]মই তোমালোকৰ উৎসৱবোৰ শোকলৈ আৰু [QE][QS]তোমালোকৰ সকলো গান বিলাপলৈ পৰিণত কৰিম; [QE][QS]তোমালোক সকলোৰে কঁকালত শোকবস্ত্রৰ চট পিন্ধাম, [QE][QS]প্ৰত্যেকৰ মূৰ টকলা হ’ব; [QE][QS]একেটি পুত্ৰৰ বিয়োগৰ শোকৰ দৰে মই সেই সময়ক শোকলৈ পৰিণত কৰিম, [QE][QS]আৰু শেষলৈকে এই তিক্ততাৰ দিন চলি থাকিব। [QE]
11. [QS]প্ৰভু যিহোৱাই এই কথা কৈছে: [QE][QS]“চোৱা, এনে দিন আহিছে, যেতিয়া মই দেশৰ মাজলৈ দুর্ভিক্ষ পঠাম; [QE][QS]লোকে তেতিয়া অন্নৰ বাবে ক্ষুধিত অথবা [QE][QS]পানীৰ বাবে তৃষ্ণাতুৰ নহ’ব। [QE][QS]কিন্তু যিহোৱাৰ বাক্য শুনাৰ বাবে আকাল হ’ব। [QE]
12. [QS]লোকসকলে যিহোৱাৰ বাক্য বিচাৰি মৰু সাগৰৰ পৰা ভূমধ্য সাগৰলৈকে [QE][QS]আৰু উত্তৰৰ পৰা পূবলৈকে ভ্ৰমণ কৰি ইফালে সিফালে ঘূৰি ফুৰিব। [QE][QS]কিন্তু তাক নাপাব। [QE]
13. [QS]সেই সময়ত সুন্দৰী যুৱতী আৰু সুন্দৰ যুৱকসকল পিয়াহত মূর্চ্ছা যাব। [QE]
14. [QS]যিসকলে চমৰিয়াৰ পাপৰ[* চমৰিয়াৰ পাপ অর্থাৎ চমৰিয়াৰ মূর্তি ] শপত খাই কয়, [QE][QS]‘হে দান, তোমাৰ জীৱন্ত দেৱতাৰ শপত’ [QE][QS]নাইবা কয়, ‘বেৰ-চেবাৰ দেৱতা [† মূর্তিপূজাৰ ]ৰ শপত’ [QE][QS]তেওঁলোক পতিত হ’ব; পুনৰায় কেতিয়াও নুঠিব। [QE]