অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ূদৰ ৰচিত গীত, সঙ্গীত। } [QS]হে ঈশ্বৰ, চিয়োনত প্ৰশংসাই তোমালৈ অপেক্ষা কৰি আছে; [QE][QS]তোমালৈ সঙ্কল্প সিদ্ধ কৰা হব। [QE]
2. [QS]হে প্ৰাৰ্থনা শুনোতা জনা, [QE][QS]তোমাৰ ওচৰলৈ সকলো মানুহ আহিব। [QE]
3. [QS]আমাৰ অপৰাধবোৰ আমাৰ বিৰুদ্ধে; [QE][QS]তথাপি আমাৰ অধৰ্মবোৰ তুমিয়েই ক্ষমা কৰিবা। [QE]
4. [QS]ধন্য সেই লোক, যি লোকক তুমি বাচি লৈ নিজৰ কাষলৈ আনা; [QE][QS]তেওঁ তোমাৰ চোতাল কেইখনত বাস কৰিব, [QE][QS]আমি তোমাৰ গৃহত, তোমাৰ মন্দিৰৰ পবিত্ৰ-স্থানত সন্তুষ্ট হ’ম। [QE]
5. [QS]তোমাৰ ধাৰ্মিকতাৰে উত্তৰ দি আশ্চর্যজনক কার্য কৰিবা; [QE][QS]ঈশ্বৰ আমাৰ উদ্ধাৰকর্তা; [QE][QS]পৃথিবীৰ অন্তলৈকে তুমি আমাৰ বিশ্বাসভূমি; [QE][QS]সমুদ্ৰ আৰু সেইবোৰৰ পৰা দূৰৈত থকা সকলৰো। [QE]
6. [QS]এই জনেই তুমি যি জনে পৰাক্ৰমেৰে পৰ্ব্বতবোৰ সৃষ্টি কৰি দৃঢ় কৰে; [QE][QS]শক্তি স্বৰূপ টঙালিৰে বিশেষ ভাৱে নিজকে বান্ধে। [QE]
7. [QS]সমুদ্ৰ আৰু তাৰ ঢৌৰ গৰ্জন শান্ত কৰে, [QE][QS]আৰু তাৰ ঢৌৰ গর্জন, [QE][QS]লোক সকলৰ কোলাহল শান্ত কৰে; [QE]
8. [QS]পৃথিবীৰ চূড়ান্ত সীমাত থকা লোকসকলে তোমাৰ অদ্ভুত লক্ষণবোৰ দেখি ভয় কৰে; [QE][QS]সূর্য উঠা দিশৰ পৰা অস্ত যোৱালৈকে আনন্দিত কৰে। [QE]
9. [QS]তুমি পৃথিবীৰ বুজ-বিচাৰ ল’লা, আৰু তাত জল বৰষালা; [QE][QS]তুমি তাক বহু ফলৱান কৰিলা; [QE][QS]ঈশ্বৰৰ নদী জলেৰে পৰিপূৰ্ণ; [QE][QS]তুমি এইদৰে ভূমি যুগুত কৰি লোকসকলৰ বাবে শস্য যোগাইছা। [QE]
10. [QS]তুমি তাৰ সীৰলুবোৰত প্ৰচুৰ পৰিমাণে পানী দিলা; [QE][QS]তুমি তাৰ সীৰলুবোৰৰ মাজত মাটিবোৰ বহালা; [QE][QS]তুমি জাক জাক বৰষুণেৰে ভূমি কোমল কৰিলা; [QE][QS]তুমি ভূমিৰ মাজত গজা অঙ্কুৰবোৰক আশীৰ্ব্বাদ কৰিলা। [QE]
11. [QS]তুমি তোমাৰ মঙ্গলৰ মুকুটেৰে বছৰটো ভূষিত কৰিলা; [QE][QS]আৰু তোমাৰ ৰথ যোৱা পথবোৰত পুষ্টিকৰ দ্ৰব্য পোৱা যায়। [QE]
12. [QS]অৰণ্যৰ চৰণীয়া পথাৰতহে তাক পোৱা যায়; [QE][QS]আৰু পাহাৰবোৰে তাত আনন্দৰ ভূষণ পৰিধান কৰে। [QE]
13. [QS]চৰণীয়া পথাৰবোৰ জাক জাক মেৰ-ছাগৰ বস্ত্ৰেৰে বিভূষিত হৈছে; [QE][QS]উপত্যকাবোৰ শস্যৰে ঢকা হৈছে; [QE][QS]সেইবোৰে জয়-ধ্বনি কৰে আৰু গীত গান কৰে। [QE]
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 65 / 150
1 {প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ূদৰ ৰচিত গীত, সঙ্গীত। } হে ঈশ্বৰ, চিয়োনত প্ৰশংসাই তোমালৈ অপেক্ষা কৰি আছে; তোমালৈ সঙ্কল্প সিদ্ধ কৰা হব। 2 হে প্ৰাৰ্থনা শুনোতা জনা, তোমাৰ ওচৰলৈ সকলো মানুহ আহিব। 3 আমাৰ অপৰাধবোৰ আমাৰ বিৰুদ্ধে; তথাপি আমাৰ অধৰ্মবোৰ তুমিয়েই ক্ষমা কৰিবা। 4 ধন্য সেই লোক, যি লোকক তুমি বাচি লৈ নিজৰ কাষলৈ আনা; তেওঁ তোমাৰ চোতাল কেইখনত বাস কৰিব, আমি তোমাৰ গৃহত, তোমাৰ মন্দিৰৰ পবিত্ৰ-স্থানত সন্তুষ্ট হ’ম। 5 তোমাৰ ধাৰ্মিকতাৰে উত্তৰ দি আশ্চর্যজনক কার্য কৰিবা; ঈশ্বৰ আমাৰ উদ্ধাৰকর্তা; পৃথিবীৰ অন্তলৈকে তুমি আমাৰ বিশ্বাসভূমি; সমুদ্ৰ আৰু সেইবোৰৰ পৰা দূৰৈত থকা সকলৰো। 6 এই জনেই তুমি যি জনে পৰাক্ৰমেৰে পৰ্ব্বতবোৰ সৃষ্টি কৰি দৃঢ় কৰে; শক্তি স্বৰূপ টঙালিৰে বিশেষ ভাৱে নিজকে বান্ধে। 7 সমুদ্ৰ আৰু তাৰ ঢৌৰ গৰ্জন শান্ত কৰে, আৰু তাৰ ঢৌৰ গর্জন, লোক সকলৰ কোলাহল শান্ত কৰে; 8 পৃথিবীৰ চূড়ান্ত সীমাত থকা লোকসকলে তোমাৰ অদ্ভুত লক্ষণবোৰ দেখি ভয় কৰে; সূর্য উঠা দিশৰ পৰা অস্ত যোৱালৈকে আনন্দিত কৰে। 9 তুমি পৃথিবীৰ বুজ-বিচাৰ ল’লা, আৰু তাত জল বৰষালা; তুমি তাক বহু ফলৱান কৰিলা; ঈশ্বৰৰ নদী জলেৰে পৰিপূৰ্ণ; তুমি এইদৰে ভূমি যুগুত কৰি লোকসকলৰ বাবে শস্য যোগাইছা। 10 তুমি তাৰ সীৰলুবোৰত প্ৰচুৰ পৰিমাণে পানী দিলা; তুমি তাৰ সীৰলুবোৰৰ মাজত মাটিবোৰ বহালা; তুমি জাক জাক বৰষুণেৰে ভূমি কোমল কৰিলা; তুমি ভূমিৰ মাজত গজা অঙ্কুৰবোৰক আশীৰ্ব্বাদ কৰিলা। 11 তুমি তোমাৰ মঙ্গলৰ মুকুটেৰে বছৰটো ভূষিত কৰিলা; আৰু তোমাৰ ৰথ যোৱা পথবোৰত পুষ্টিকৰ দ্ৰব্য পোৱা যায়। 12 অৰণ্যৰ চৰণীয়া পথাৰতহে তাক পোৱা যায়; আৰু পাহাৰবোৰে তাত আনন্দৰ ভূষণ পৰিধান কৰে। 13 চৰণীয়া পথাৰবোৰ জাক জাক মেৰ-ছাগৰ বস্ত্ৰেৰে বিভূষিত হৈছে; উপত্যকাবোৰ শস্যৰে ঢকা হৈছে; সেইবোৰে জয়-ধ্বনি কৰে আৰু গীত গান কৰে।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 65 / 150
×

Alert

×

Assamese Letters Keypad References