1. [PS]মোৰ জীৱনত মোৰ প্ৰাণৰ আমনি লাগিছে; [PE][QS]মই মুক্তকণ্ঠে মোৰ দুখৰ কথা কম; [QE][QS]মই হৃদয়ৰ বেজাৰত কথা কম। [QE]
2. [QS]মই ঈশ্বৰক কম, ‘তুমি মোক দোষী নকৰিবা; [QE][QS]মোৰ লগত তোমাৰ কি গোচৰ আছে, সেয়া মোক বুজায় দিয়া। [QE]
3. [QS]তুমি উপদ্ৰৱ কৰিবলৈ,তোমাৰ হাতৰ কাৰ্য তুচ্ছ কৰিবলৈ, [QE][QS]আৰু দুষ্টবোৰৰ মন্ত্ৰণাত প্ৰসন্ন হবলৈ তুমি জানো ভাল দেখিছা? [QE]
4. [QS]তোমাৰ চকু জানো চৰ্ম্ম-চকু? [QE][QS]আৰু তোমাৰ দৃষ্টি জানো মানুহৰ দৃষ্টিৰ নিচিনা? [QE]
5. [QS]তোমাৰ আয়ুস জানো মানুহৰ আয়ুসৰ তুল্য? [QE][QS]বা তোমাৰ বছৰবোৰ জানো মানুহৰ দিন কেইটাৰ দৰে? [QE]
6. [QS]তুমি যে মোৰ অপৰাধ অনুসদ্ধান কৰিছা, [QE][QS]আৰু মোৰ পাপৰ বুজ-বিচাৰ লৈছা, [QE]
7. [QS]মই যে দুষ্ট নহওঁ, [QE][QS]আৰু তোমাৰ হাতৰ পৰা যে উদ্ধাৰ কৰোঁতা মোৰ কোনো নাই, ইয়াক তুমি জানানে? [QE]
8. [QS]তোমাৰ হাতে মোক গঠন আৰু নিৰ্ম্মাণ কৰিলে, [QE][QS]মোৰ সৰ্ব্বাঙ্গ সংলগ্ন কৰিলে; তথাপি তুমি মোক বিনষ্ট কৰিছা। [QE]
9. [QS]সোঁৱৰণ কৰা, মাটিৰ পাত্ৰৰ দৰে মোক গঢ়িলা; [QE][QS]পাছত আকৌ মোক ধুলিলৈ নিবা নে? [QE]
10. [QS]তুমি গাখীৰৰ দৰে মোক ঢলা নাই নে? [QE][QS]আৰু তুমি মোক পনীৰৰ দৰে ঘন দৈ গাখীৰ কৰা নাই নে? [QE]
11. [QS]তুমি মোক মাংস আৰু ছালেৰে ঢাকিলা; [QE][QS]হাড় আৰু সিৰেৰে মোক বলা। [QE]
12. [QS]তুমি অনুগ্ৰহ কৰি মোক জীৱন দান কৰিলা; [QE][QS]তোমাৰ তত্ত্বধাৰণত মোৰ আত্মা প্ৰতিপালিত হৈছে। [QE]
13. [QS]তথাপি মই জানিছোঁ, তোমাৰ এই ভাব আছিল- [QE][QS]তুমি এই সকলোকে নিজৰ মনত গোপনে ৰাখিছিলা যে, [QE]
14. [QS]মই পাপ কৰিলে তুমি মোক চিনি ৰাখিবা, [QE][QS]আৰু মোৰ অপৰাধ ক্ষমা নকৰিবা; [QE]
15. [QS]মই দুষ্ট হলে, মোক সন্তাপ হ’ব, [QE][QS]ধাৰ্মিক হলেও মই অপৰাধেৰে পৰিপূৰ্ণ হৈ, নিজৰ ক্লেশ দেখি মূৰ তুলিব নোৱাৰিম; [QE]
16. [QS]মূৰ তুলিলে, তুমি সিংহৰ নিচিনাকৈ মোক মৃগয়া কৰিবা, [QE][QS]আৰু মোৰ অহিতে বাৰে বাৰে বিস্ময়জনক পৰাক্ৰম দেখুৱাবা; [QE]
17. [QS]তুমি মোৰ অহিতে নতুন নতুন সাক্ষী আনিবা, মোৰ অহিতে তোমাৰ ক্রোধ বঢ়াবা, [QE][QS]আৰু মোৰ লগত নতুন নতুন সৈন্য লৈ যুদ্ধ কৰিব। [QE]
18. [QS]তেন্তে কিয় তুমি মোক গৰ্ভৰ পৰা বাহিৰ কৰিলা? [QE][QS]নকৰা হলে মই মৰিলেহেঁতেন আৰু কোনো চকুৱে মোক নেদেখিলেহেঁতেন। [QE]
19. [QS]মই নোহোৱাৰ নিচিনা হলোঁহেঁতেন, [QE][QS]আৰু গৰ্ভৰ পৰাই মোক মৈদামলৈ নিলেহেঁতেন। [QE]
20. [QS]মোৰ দিন কেইটা তাকৰ নহয়নে? তেন্তে ক্ষান্ত হোৱা। [QE][QS]মই অকলশৰীয়া, অলপমান শান্তনা পাবলৈ মোক এৰি দিয়া; [QE]
21. [QS]য’ৰ পৰা মই উলটি নাহিম, [QE][QS]সেয়া অন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ দেশ, [QE]
22. [QS]সেইদেশ মাজনিশাৰ নিচিনা ঘোৰ অন্ধকাৰ, [QE][QS]সেই দেশ মৃত্যুচ্ছায়াৰ দেশ, তাত একো সুশৃংখল ৰূপত নাই; [QE][QS]তাত পোহৰেই অন্ধকাৰৰ নিচিনা’।” [QE]