1. {ইস্ৰায়েল আৰু যিহূদালৈ আহিবলগীয়া দণ্ড। } [PS]হে পুৰোহিতসকল, এই কথা শুনা! [PE][QS]হে ইস্ৰায়েলীয়া-বংশ, মনোযোগ দিয়া! [QE][QS]হে ৰাজবংশৰ লোকসকল, শুনা! [QE][QS]কিয়নো তোমালোক সকলোৰে বিৰুদ্ধে বিচাৰ কৰা হৈছে। [QE][QS]কাৰণ তোমালোক মিস্পাত পতা ফান্দস্বৰূপ, [QE][QS]আৰু তাবোৰত মেলি দিয়া এক জালস্বৰূপ হৈছা। [QE]
2. [QS]বিদ্ৰোহীসকলে অনেক লোকক বধ কৰি গভীৰলৈকে খন্দা ৰক্তৰ গাতলৈকে গ’ল, [QE][QS]মই তেওঁলোকৰ সকলোকে শাস্তি দিম। [QE]
3. [QS]মই ইফ্ৰয়িমক জানো; [QE][QS]ইস্ৰায়েল মোৰ পৰা লুকাই থকা নাই; [QE][QS]হে ইফ্ৰয়িম, তুমি এতিয়া পতিতাৰ কৰ্ম কৰিছা; [QE][QS]ইস্ৰায়েল অশুচি হ’ল। [QE]
4. [QS]তেওঁলোকৰ কাৰ্যবোৰে তেওঁলোকক ঈশ্বৰলৈ উলটি যাব নিদিয়ে, [QE][QS]কিয়নো তেওঁলোকৰ অন্তৰত ব্যভিচাৰী আত্মা আছে, [QE][QS]আৰু তেওঁলোকে যিহোৱাক নাজানে। [QE]
5. [QS]ইস্ৰায়েলৰ অহঙ্কাৰেই তেওঁলোকৰ বিৰুদ্ধে সাক্ষ্য দিয়ে; [QE][QS]ইফ্ৰয়িমে নিজৰ অপৰাধতে উজুটি খাইছে; [QE][QS]তেওঁলোকৰ লগতে যিহূদায়েও উজুটি খাইছে। [QE]
6. [QS]নিজৰ মেৰ-ছাগ আৰু গৰুৰ জাকবোৰক লৈ তেওঁলোকে যিহোৱাক বিচাৰি যাব, [QE][QS]কিন্তু তেওঁলোকে তেওঁক নাপাব; [QE][QS]কাৰণ তেওঁলোকৰ ওচৰৰ পৰা যিহোৱাই নিজক আঁতৰাই নিলে। [QE]
7. [QS]তেওঁলোকে যিহোৱাৰ সৈতে বিশ্বাসঘাতকতা কৰিলে, [QE][QS]তেওঁলোকে জাৰজ সন্তানবোৰক জন্ম দিলে। [QE][QS]এতিয়া তেওঁলোকৰ পথাৰবোৰৰ লগতে ন-জোনৰ উৎসৱে তেওঁলোকক গ্ৰাস কৰিব। [QE]
8. [PS]তোমালোকে গিবিয়াত শিঙা বজোৱা, [QE][QS]ৰামাত তুৰী বজোৱা। [QE][QS]বৈৎ-আবনত যুদ্ধৰ উচ্চধ্বনি কৰি কোৱা, [QE][QS]হে বিন্যামীন, “তোমাৰ পাছ ফালৰ শত্রুলৈ চোৱা!’ [QE]
9. [QS]শাস্তি দিয়াৰ দিনা ইফ্ৰয়িম জনশূন্য হৈ পৰিব। [QE][QS]যি ঘটনাবোৰ নিশ্চয়ে ঘটিব, সেই বিষয়ে মই ইস্ৰায়েলৰ ফৈদবোৰৰ মাজত সতর্ক কৰি ঘোষণা কৰিলোঁ। [QE]
10. [QS]যি সকলে চাৰিসীমাৰ শিল আঁতৰায়, যিহূদাৰ নেতাসকল তেওঁলোকৰ নিচিনাই হ’ল। [QE][QS]মই তেওঁলোকৰ ওপৰত পানীৰ ধলৰ নিচিনাকৈ মোৰ ক্রোধ ঢালি দিম। [QE]
11. [QS]ইফ্ৰয়িমক নির্যাতিত কৰা হ’ল; [QE][QS]বিচাৰত তেওঁক চূর্ণ কৰা হ’ল; [QE][QS]কাৰণ ইফ্রয়িমে অসাৰ মূর্তিবোৰৰ পাছত চলিবলৈ মনস্থ কৰিলে। [QE]
12. [QS]সেয়ে মই ইফ্ৰয়িমলৈ নষ্টকাৰক পোকৰ নিচিনা হ’লো, [QE][QS]আৰু যিহূদা-বংশলৈ ধ্বংস কৰা ক্ষয়কাৰকৰ দৰে হ’লো। [QE]
13. [QS]ইফ্ৰয়িমে নিজৰ অসুস্থতা দেখা পালে, [QE][QS]আৰু যিহূদাই নিজৰ আঘাত দেখা পালে; [QE][QS]সেয়ে ইফ্ৰয়িমে অচুৰীয়াৰ ওচৰলৈ সহায়ৰ বাবে গ’ল; [QE][QS]মহাৰাজৰ ওচৰলৈ লোক পঠাই বার্তা প্রেৰণ কৰিলে; [QE][QS]কিন্তু মহাৰাজে তোমাক আৰোগ্য কৰিব নোৱাৰিব; [QE][QS]তেওঁ তোমাৰ আঘাত নিৰাময় কৰিব নোৱাৰিব। [QE]
14. [QS]মই ইফ্ৰয়িমলৈ সিংহৰ নিচিনা হ’ম, [QE][QS]যিহূদা-বংশলৈ এটা যুবা সিংহৰ নিচিনা হ’ম; [QE][QS]মই নিজেই তেওঁলোকক ছিন্ন-ভিন্ন কৰিম আৰু আঁতৰ হৈ যাম; [QE][QS]মই তেওঁলোকক দূৰলৈ লৈ যাম, [QE][QS]তেওঁলোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব। [QE]
15. [QS]মই মোৰ নিজৰ ঠাইলৈ ঘূৰি যাম। তেওঁলোকে নিজৰ দোষ স্বীকাৰ নকৰা পর্যন্ত আৰু মোক বিচাৰি নহালৈকে মই সেই ঠাইত থাকিম। [QE][QS]তেওঁলোকৰ সঙ্কটৰ সময়ত তেওঁলোকে মোক বিচাৰিবলৈ আপ্রাণ চেষ্টা কৰিব।” [QE]