1. {#1বিল্দাদৰ প্ৰথম বক্তৃতা }
2. [PS]তেতিয়া চুহীয়া বিল্দাদে উত্তৰ দিলে আৰু ক’লে, [PE][QS]তুমি নো কিমান সময় এনেবোৰ কথা কৈ থাকিবা? [QE][QS]তোমাৰ মুখৰ বাক্য কিমান সময়লৈ প্ৰচণ্ড বায়ুস্বৰূপ হ’ব? [QE]
3. [QS]ঈশ্বৰে জানো বিচাৰ বিকৃত কৰে? [QE][QS]সৰ্ব্বশক্তিমান জনাই জানো ন্যায়ৰ বিকৃত কাৰ্য কৰে? [QE]
4. [QS]তোমাৰ সন্তান সকলে তেওঁৰ বিৰুদ্ধে পাপ কৰিলে। [QE][QS]আমি এইটো জানো যে, তেওঁলোকক নিজৰ অধৰ্মৰ ফল ভোগ কৰিবলৈ তেওঁ এৰি দিলে, [QE]
5. [QS]তথাপি তুমি যদি যত্নেৰে ঈশ্বৰক বিচাৰা, [QE][QS]আৰু সৰ্ব্বশক্তিমান জনাৰ আগত নিবেদন কৰা, [QE]
6. [QS]তুমি যদি নিৰ্ম্মল আৰু সৰল হোৱা, [QE][QS]তেন্তে তেওঁ অৱশ্যে এতিয়াও তোমাৰ কাৰণে কাৰ্য কৰিব, [QE][QS]আৰু তোমাৰ ধৰ্মনিবাস পুনৰায় কুশলযুক্ত কৰিব; [QE]
7. [QS]আৰু যদি তোমাৰ পূৰ্বৰ অৱস্থা সামান্য আছিল, [QE][QS]তথাপি তোমাৰ শেষ অৱস্থা অতিশয় ঐশ্বৰ্য্যশালী হ’ব। [QE]
8. [QS]কিয়নো পূৰ্বকালৰ লোকৰ কথা বিচাৰ কৰি চোৱা, [QE][QS]আৰু তেওঁলোকৰ পিতৃসকলে মিমাংসা কৰি নিশ্চয় কৰা কথাত মনোযোগ দিয়া; [QE]
9. [QS]কিয়নো আমি কালিৰ লোক, একোকে নাজানো; [QE][QS]কাৰণ পৃথিবীত আমাৰ দিন কেইটা ছাঁস্বৰূপ। [QE]
10. [QS]তেওঁলোকেই তোমাক শিক্ষা দি নক’ব নে? [QE][QS]আৰু তেওঁলোকৰ অন্তৰৰ পৰা বাক্য নুলিয়াব নে? [QE]
11. [QS]জলাশয় নোহোৱাকৈ জানো প্যাপিৰাচ[* প্যাপিৰাচ মিচৰদেশীয় নল-খাগৰি জাতীয় উদ্ভিদ ] বাঢ়িব পাৰে? [QE][QS]কুঁহিলা জানো পানী নোহোৱাকৈ বাঢ়ে? [QE]
12. [QS]সি জকমকাই উঠি আহোঁতে, কাটিবৰ সময় নৌ হওঁতেই, [QE][QS]আনবোৰ তৃণতকৈ আগেয়ে শুকাই যায়। [QE]
13. [QS]ঈশ্বৰক পাহৰা সকলোৰে তেনেকুৱা গতি হয়, [QE][QS]আৰু অধৰ্মি জনৰ আশা সেইদৰে নষ্ট হয়। [QE]
14. [QS]তাৰ ভাৰসা উচ্ছন্ন হয়, [QE][QS]আৰু তাৰ আশ্ৰয় মকৰাৰ জালস্বৰূপ হয়। [QE]
15. [QS]সি নিজৰ ঘৰত আউজিব, কিন্তু সেয়ে থিৰে নৰব; [QE][QS]সি খামোচ মাৰি ধৰিব, কিন্তু সেয়ে নাথাকিব। [QE]
16. [QS]যি লতা সূৰ্যৰ আগত ৰসাল হয়, [QE][QS]যাৰ ঠালবোৰ বাৰীত বিয়পি যায়, [QE]
17. [QS]যাৰ শিপাবোৰে শিলৰ দ’মত মেৰাই ধৰে, [QE][QS]যি লতাই শিলৰ ভিতৰলৈকে দেখিবলৈ পায়, [QE]
18. [QS]কিন্তু সেই ব্যক্তিক নিজ ঠাইৰ পৰা উঘালি পেলোৱা হ’লে, [QE][QS]সেই ঠায়ে অস্বীকাৰ কৰিব আৰু ক’ব, ‘মই তোমাক কেতিয়াও দিখা নাই’। [QE]
19. [QS]চোৱা, তেনেলোকৰ ব্যৱহাৰৰ এয়ে আমোদ; [QE][QS]পাছত সেই ঠাইৰ পৰাই আন গছবোৰ উৎপন্ন হ’ব। [QE]
20. [QS]চোৱা, ঈশ্বৰে সিদ্ধলোকক দলিয়াই নেপেলাব, [QE][QS]আৰু দুৰাচাৰীহঁতৰ হাতত নধৰিব। [QE]
21. [QS]তেওঁ যি কালত তোমাৰ মুখ হাঁহিৰে, [QE][QS]আৰু তোমাৰ ওঁঠ আনন্দ-ধ্বনিৰে পুৰ কৰিব, [QE]
22. [QS]সেই কালত তোমাক ঘিণ কৰোঁতাবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধোৱা হ’ব; [QE][QS]আৰু দুষ্টবোৰৰ তম্বু নাথাকিব।” [QE]