1. {#1ইস্রায়েলৰ বিৰুদ্ধে যিহোৱাৰ ন্যায় বিচাৰ } [QS]ইফ্ৰয়িমে কথা ক’লে, লোকসকল কঁপে; ইস্ৰায়েলৰ ফৈদ সমূহৰ মাজত তেওঁ মহান হৈছিল। [QE][QS]কিন্তু বাল দেৱতাৰ সেৱা উপসনা কৰাৰ দোষত দোষী হৈ তেওঁ মৰিল। [QE]
2. [QS]এতিয়া তেওঁলোকে অধিককৈ পাপ কৰি আছে; [QE][QS]তেওঁলোকে তেওঁলোকৰ ৰূপেৰে নিজৰ কাৰণে সাঁচত ঢলা মূর্তি, অর্থাৎ নিজৰ কলা-কৌশলেৰে প্ৰতিমা সাজিলে; [QE][QS]এই সকলোবোৰ শিল্পকাৰৰ কাৰ্য; [QE][QS]এই মূর্তিবোৰৰ সম্বন্ধে তেওঁলোকে কয়, “যি সকলে উৎসর্গ কৰে, তেওঁলোকে দামুৰিৰ মূর্তিবোৰক চুমা খাওঁক”। [QE]
3. [QS]সেই বাবে তেওঁলোক প্ৰভাতৰ কুঁৱলীৰ নিচিনা হ’ব, [QE][QS]সোনকালে অদৃশ্য হৈ যোৱা নিয়ৰৰ নিচিনা, [QE][QS]মৰণা মৰা মজিয়াৰ পৰা বা’মৰলী বতাহে উৰুৱাই নিয়া তুঁহৰ নিচিনা, [QE][QS]খিড়িকিয়েদি বাহিৰলৈ ওলোৱা ধুঁৱাৰ নিচিনা হ’ব। [QE]
4. [QS]তথাপি মিচৰ দেশৰ পৰা বাহিৰ কৰি অনা দিনৰে পৰা ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা; [QE][QS]মোৰ বাহিৰে তোমালোকৰ আন কোনো ঈশ্বৰ নাই; [QE][QS]মোৰ বাহিৰে তোমালোকৰ আন কোনো উদ্ধাৰকৰ্ত্তা নাই। [QE]
5. [QS]মৰুভূমিত, শুকান দেশত ময়েই তোমালোকক দেখা-শুনা কৰিছিলোঁ। [QE]
6. [QS]যেতিয়া তোমালোকে চৰণী পালা, তেতিয়া তোমালোক তৃ্প্ত হলা, [QE][QS]তোমালোক তৃ্প্ত হোৱাত, তোমালোকৰ মনত গৰ্ব হল, [QE][QS]এই নিমিত্তে তমালোকে মোক পাহৰিলা। [QE]
7. [QS]সেই কাৰণে মই তেওঁলোকৰ ওপৰত সিংহৰ দৰেই হ’ম; [QE][QS]নাহৰফুটুকী বাঘৰ নিচিনাকৈ বাটত খাপ দি থাকিম। [QE]
8. [QS]পোৱালি কাঢ়ি চুৰ কৰি নিয়া ভালুকীৰ দৰে মই তেওঁলোকৰ ওপৰত আক্রমণ কৰি তেওঁলোকৰ হিয়া চিৰা-ছিৰ কৰিম; [QE][QS]সিংহিনীৰ নিচিনাকৈ মই তেওঁলোকক সেই ঠাইতে গ্ৰাস কৰিম; [QE][QS]বনৰীয়া জন্তুৰ দৰে তেওঁলোকক ছিন্ন ভিন্ন কৰিম। [QE]
9. [QS]হে ইস্ৰায়েল, তুমি মোৰ বিপক্ষে অর্থাৎ তোমালোকৰ সহায়কাৰী[* তোমাৰ সহায়কাৰী মোৰ লগত আছে। ]ৰ বিপক্ষে থকাৰ কাৰণে মই তোমাক বিনাশ কৰিম, [QE]
10. [QS]এতিয়া তোমাৰ ৰজা ক’ত আছে, যি জনে সকলো নগৰতে তোমাক ৰক্ষা কৰিব পাৰিব? [QE][QS]এতিয়া তোমাৰ শাসনকর্তাসকল ক’ত আছে, যি সকলৰ বিষয়ে তুমি মোক কৈছিলা, [QE][QS]“মোক এজন ৰজা আৰু শাসনকর্তাসকলক দিয়া?” [QE]
11. [QS]সেয়ে মই খং উঠি তোমাক এজন ৰজা দিছিলোঁ [QE][QS]আৰু মোৰ ক্রোধে তেওঁক আঁতৰাই নিলে। [QE]
12. [QS]ইফ্ৰয়িমৰ অপৰাধ বান্ধি থোৱা হ’ল; [QE][QS]তেওঁৰ পাপবোৰ সাঁচি থোৱা হ’ল। [QE]
13. [QS]নাৰীৰ প্ৰসৱবেদনাৰ দৰে তেওঁৰ ওপৰলৈ কষ্ট আহিব। [QE][QS]কিন্তু তেওঁতো এজন অজ্ঞান পুত্ৰ; [QE][QS]জন্মৰ সঠিক সময়ত তেওঁ গর্ভৰ প্ৰসৱ-দুৱাৰৰ মুখলৈ নাহা। [QE]
14. [QS]চিয়োলৰ[† চিয়োলৰ মৈদাম ] শক্তিৰ পৰা মই তেওঁক উদ্ধাৰ কৰিম নে? [QE][QS]মৃত্যুৰ পৰা মই তেওঁক মুক্ত কৰিম নে? [QE][QS]হে মৃত্যু, তোমাৰ মহামাৰীবোৰ ক’ত? [QE][QS]হে চিয়োল, তোমাৰ সংহাৰ ক’ত? [QE][QS]মোৰ চকুৰ পৰা মমতা লুকাই আছে। [QE]
15. [QS]ইফ্ৰয়িমে তেওঁৰ ভাইসকলৰ মাজত সফলতা লাভ কৰিলেও, [QE][QS]যিহোৱাৰ পৰা এক প্রৱল পূবৰ বতাহ আহিব, [QE][QS]মৰুভূমিৰ পৰা বৈ আহিব; [QE][QS]ইফ্রয়িমৰ জুৰিবোৰ শুকাই যাব আৰু কুৱাঁত পানী নোহোৱা হ’ব; [QE][QS]শত্ৰুৱে তেওঁৰ ভঁৰালৰ সকলো মূল্যৱান বস্তু লুট কৰি নিব। [QE]
16. [QS]চমৰিয়া দোষী হ’ব; [QE][QS]কাৰণ তেওঁ ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে; [QE][QS]তেওঁলোক তৰোৱালৰ দ্বাৰাই মৰিব, [QE][QS]তেওঁলোকৰ শিশুসকলক আচাৰি ছিন্ন-ভিন্ন কৰা হ’ব, [QE][QS]তেওঁলোকৰ গৰ্ভৱতী নাৰীসকলৰ উদৰ ফালি পেলোৱা হ’ব। [QE]