1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: যিহোৱাৰ দাস দায়ুদৰ ৰচিত গীত। যিহোৱাই যেতিয়া দায়ুদক ৰজা কৰিলে আৰু চৌলকে আদি কৰি তেওঁৰ সকলো শত্রুৰ হাতৰ পৰা উদ্ধাৰ কৰিলে, তেতিয়া তেওঁ যিহোৱাৰ উদ্দেশ্যে এই গীত গাইছিল। } [QS]হে যিহোৱা, তুমিয়েই মোৰ বল; [QE][QS]মই তোমাক অতি প্ৰীতি কৰোঁ। [QE]
2. [QS]যিহোৱাই মোৰ শিলা, মোৰ আশ্রয়ৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা; [QE][QS]তেওঁ মোৰ ঈশ্বৰ, মোৰ দুৰ্গ, [QE][QS]মই তেওঁতে আশ্ৰয় লৈছোঁ; [QE][QS]তেওঁ মোৰ ঢাল, মোৰ ত্ৰাণৰ শিং, [QE][QS]মোৰ উচ্চ আশ্রয়স্থান। [QE]
3. [QS]যিহোৱা প্রশংসাৰ যোগ্য; মই তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ; [QE][QS]তাতে মোৰ শত্রুবোৰৰ হাতৰ পৰা মই উদ্ধাৰ পাওঁ। [QE]
4. [QS]মৃত্যু-জৰীত মই বান্ধ খাই পৰিছিলোঁ, [QE][QS]পৰকালৰ ধ্বংসৰ স্রোতত মই জর্জৰিত হৈছিলো। [QE]
5. [QS]চিয়োল[* পাতাল বা পৃথিৱীৰ মৃতলোকৰ ঠাই। ]ৰ জৰীয়ে মোক মেৰাই ধৰিছিল, [QE][QS]মোৰ বাবে মৃত্যুৰ ফান্দ পতা হৈছিল। [QE]
6. [QS]সঙ্কটৰ কালত মই যিহোৱাক মাতিলো, [QE][QS]সহায় বিচাৰি মোৰ ঈশ্বৰৰ ওচৰত কাতৰোক্তি জনালোঁঁ; [QE][QS]তেওঁ নিজ মন্দিৰৰ পৰা মোৰ মাত শুনিলে, [QE][QS]মোৰ কাতৰোক্তি তেওঁৰ ওচৰলৈ গ’ল আৰু তেওঁৰ কাণত পৰিল। [QE]
7. [QS]তেতিয়া পৃথিৱী কঁপি উঠিল, জোকাৰ খাবলৈ ধৰিলে; [QE][QS]পর্বতৰ ভিত্তিমূলবোৰ জোকাৰণিত কঁপি উঠিল; [QE][QS]কিয়নো তেওঁৰ ক্ৰোধত সেইবোৰ কঁপি উঠিল। [QE]
8. [QS]তেওঁৰ নাকৰ পৰা ধোঁৱা ওলাই ওপৰলৈ উঠিল, [QE][QS]তেওঁৰ মুখৰ পৰা গ্ৰাসকাৰী জুই ওলাই আহিল; [QE][QS]তেওঁৰ মুখৰ জুইৰ পৰা আঙঠা ওলাই জ্বলি থাকিল। [QE]
9. [QS]তেতিয়া তেওঁ আকাশমণ্ডল মুকলি কৰি তললৈ নামি আহিল; [QE][QS]তেওঁৰ ভৰিৰ তলত আছিল ঘন ক’লা মেঘ। [QE]
10. [QS]তেওঁ কৰূবত উঠি উড়ি আহিল, [QE][QS]বায়ুৰূপ ডেউকাত উঠি শীঘ্ৰে উৰি আহিল। [QE]
11. [QS]তেওঁ অন্ধকাৰেৰে নিজকে চাৰিওফালে ঢাকি ৰাখিলে; [QE][QS]চাৰিওফালে থকা আকাশৰ ঘন ক’লা বৰষুণৰ মেঘবোৰক তেওঁ তম্বুৰূপে স্থাপন কৰিলে। [QE]
12. [QS]তেওঁৰ সন্মুখৰ দীপ্তিময় উপস্থিতিৰ পৰা ক’লা মেঘবোৰ ভেদ কৰি, [QE][QS]শিলাবৃষ্টি আৰু জ্বলি থকা আঙঠা পৰিবলৈ ধৰিলে। [QE]
13. [QS]যিহোৱাই নিজেও আকাশত গৰ্জ্জন কৰিলে; [QE][QS]সৰ্ব্বোপৰি জনাৰ মাত শুনা গ’ল[† কিছুমান অনুলিপিত লিখা আছে “শিলাবৃষ্টি আৰু জ্বলি থকা আঙঠাৰ মাজেদি সৰ্ব্বোপৰি জনাৰ মাত শুনা গ’ল” ]। [QE]
14. [QS]তেওঁ কাঁড় মাৰি শত্রুবোৰক থানবান কৰিলে, [QE][QS]আৰু বজ্ৰ বর্ষণৰ দ্বাৰা তেওঁলোকক ব্যাকুল কৰিলে। [QE]
15. [QS]হে যিহোৱা, তোমাৰ ধমক আৰু তোমাৰ নাকৰ নিশ্বাসৰ প্রভাৱত সাগৰৰ তলি দেখা গ’ল; [QE][QS]পৃথিবীৰ মূলবোৰ অনাবৃত হ’ল। [QE]
16. [QS]তেওঁ ওপৰৰ পৰা হাত আগবঢ়াই মোক ধৰিলে, [QE][QS]মহাজল সমূহৰ পৰা মোক তুলি আনিলে। [QE]
17. [QS]মোৰ শক্তিশালী শত্রুবোৰৰ পৰা তেওঁ মোক উদ্ধাৰ কৰিলে, [QE][QS]যি সকলে মোক ঘৃণা কৰে, তেওঁলোকৰ হাতৰ পৰাও মোক উদ্ধাৰ কৰিলে; [QE][QS]তেওঁলোক মোতকৈ অতিশয় শক্তিশালী আছিল। [QE]
18. [QS]বিপদৰ কালত তেওঁলোকে মোক আক্ৰমণ কৰিছিল, [QE][QS]কিন্তু যিহোৱাই মোক ধৰি ৰাখিলে। [QE]
19. [QS]তেওঁ মোক এক বহল ঠাইলৈ উলিয়াই আনিলে; [QE][QS]তেওঁ মোক উদ্ধাৰ কৰিলে, কাৰণ তেওঁ মোৰ ওপৰত সন্তুষ্ট আছিল। [QE]
20. [QS]যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক পুৰস্কাৰ দিলে, [QE][QS]মোৰ হাতৰ শুদ্ধ কার্য অনুসাৰে মোক ফল দিলে। [QE]
21. [QS]কিয়নো মই যিহোৱাৰ পথতে চলিলোঁ, [QE][QS]কুকৰ্ম কৰি মই মোৰ ঈশ্বৰক নেৰিলো। [QE]
22. [QS]তেওঁৰ সকলো ব্যৱস্থা মোৰ সন্মুখত আছে, [QE][QS]মই তেওঁৰ বিধিবোৰ মোৰ পৰা দুৰ কৰা নাই। [QE]
23. [QS]তেওঁৰ দৃষ্টিত মই সিদ্ধ আছিলোঁ, [QE][QS]পাপ-অপৰাধৰ পৰা মই নিজকে আঁতৰাই ৰাখিলোঁ। [QE]
24. [QS]এই কাৰণে যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে, [QE][QS]তেওঁৰ দৃষ্টিত মোৰ হাতৰ শুচি কার্য অনুসাৰে মোক পুৰস্কাৰ দিলে। [QE]
25. [QS]হে যিহোৱা তুমি বিশ্বস্তজনৰ সৈতে বিশ্বস্ত ব্যৱহাৰ কৰা; [QE][QS]নির্দোষীজনৰ সৈতে নির্দোষ ব্যৱহাৰ কৰা। [QE]
26. [QS]তুমি শুচি লোকৰ সৈতে শুচি ব্যৱহাৰ কৰা, [QE][QS]কুটিল লোকলৈ নিষ্ঠুৰ ব্যৱহাৰ কৰা। [QE]
27. [QS]কাৰণ তুমি দুখীসকলক ৰক্ষা কৰা, [QE][QS]কিন্তু গৰ্ব্বী চকুক তললৈ নমাই আনা। [QE]
28. [QS]কিয়নো মোৰ জীৱন-প্ৰদীপ তুমিয়েই জ্বলাই ৰাখা; [QE][QS]হে মোৰ ঈশ্বৰ যিহোৱা, মোৰ অন্ধকাৰক পোহৰ কৰি দিয়া। [QE]
29. [QS]তোমাৰ সহায়তে মই সৈন্যদলৰ ওপৰত জপিয়াই পৰিব পাৰোঁ, [QE][QS]মোৰ ঈশ্বৰৰ সহায়ত মই জাঁপ মাৰি নগৰৰ গড় পাৰ হ’ব পাৰোঁ[‡ মই কম্পমান গড় পাৰ হ’ব পাৰোঁ, ]। [QE]
30. [QS]ঈশ্বৰৰ পথ হলে সিদ্ধ; [QE][QS]যিহোৱাৰ বাক্য নিভাজ বুলি প্রমাণিত; [QE][QS]তেওঁ তেওঁত আশ্ৰয় লোৱা লোকসকলৰ ঢাল। [QE]
31. [QS]যিহোৱাৰ বাহিৰে কোন ঈশ্বৰ আছে? [QE][QS]আমাৰ ঈশ্বৰৰ বাহিৰে কোন আশ্রয় শিলা আছে? [QE]
32. [QS]ঈশ্বৰে শক্তিৰে সৈতে মোৰ কঁকালত টঙালি বান্ধে; [QE][QS]তেওঁ মোৰ পথ নিঃষ্কন্টক কৰে। [QE]
33. [QS]মোৰ ভৰি হৰিণীৰ ঠেঙৰ সদৃশ বেগী কৰে; [QE][QS]ওখ ওখ ঠাইত তেওঁ মোক নিৰাপদে ৰাখে। [QE]
34. [QS]তেওঁ মোৰ হাতক ৰণ কৰিবলৈ শিকায়; [QE][QS]তাতে মোৰ বাহুৱে পিতলৰ ধনুকো ভিৰাব পাৰে। [QE]
35. [QS]তুমি তোমাৰ পৰিত্ৰাণৰ ঢাল মোক দিলা; [QE][QS]তোমাৰ সোঁহাতে মোক ধৰি ৰাখিছে; [QE][QS]তোমাৰ সাহাৰ্যৰ কোমলতাই মোক মহান কৰিছে। [QE]
36. [QS]তুমি মোৰ ভৰিৰ তলৰ ঠাই বহল কৰিলা; [QE][QS]তাতে মোৰ ভৰি পিছলি নগল। [QE]
37. [QS]মোৰ শত্রুবোৰৰ পাছত খেদি গৈ মই তেওঁলোকক ধৰিলোঁ; [QE][QS]তেওঁলোক বিনষ্ট নোহোৱা পর্যন্ত মই উলটি নাহিলোঁ। [QE]
38. [QS]মই তেওঁলোকক এনেকৈ আঘাত কৰিলোঁ, [QE][QS]যাতে তেওঁলোক পুনৰ উঠিব নোৱাৰে। [QE][QS]তেওঁলোক মোৰ ভৰিৰ তলত পতিত হ’ল। [QE]
39. [QS]তুমিয়েই মোৰ কঁকালত যুদ্ধ কৰিবলৈ বলৰূপ কটি-বন্ধন দিলা; [QE][QS]তুমি মোৰ বিৰুদ্ধে উঠাবোৰক মোৰ তলতীয়া কৰিলা। [QE]
40. [QS]তুমি মোৰ শত্রুবোৰক মোৰ পৰা পিঠি দি পলাবলৈ দিলা; [QE][QS]যিসকলে মোক ঘিণ কৰিছিল, মই তেওঁলোকক সংহাৰ কৰিলোঁ। [QE]
41. [QS]তেওঁলোকে সহায়ৰ বাবে কাতৰোক্তি কৰিলে, [QE][QS]কিন্তু তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাছিল; [QE][QS]তেওঁলোকে যিহোৱাৰ আগত চিঞৰিলে, কিন্তু তেওঁ উত্তৰ নিদিলে। [QE]
42. [QS]মই তেওঁলোকক গুড়ি কৰি মাৰিলোঁ, [QE][QS]বতাহত উড়ি যোৱা ধুলিৰ নিচিনা কৰিলোঁ। [QE][QS]বাটৰ বোকামাটিৰ দৰে তেওঁলোকক পেলাই দিলোঁ। [QE]
43. [QS]লোকসকলৰ বিদ্রোহৰ পৰা তুমি মোক ৰক্ষা কৰিলা; [QE][QS]তুমি মোক আন জাতিবোৰৰ অধিপতি পাতিলা। [QE][QS]মই যিসকলক চিনি নাপাওঁ, তেওঁলোকো মোৰ অধীন হ’ল। [QE]
44. [QS]মোৰ কথা শুনা মাত্ৰকে তেওঁলোকে মোৰ বশ্যতা স্বীকাৰ কৰিলে; [QE][QS]বিৰোধী মনোভাৱ লৈ বিদেশীসকলো মোৰ বশীভুত হল। [QE]
45. [QS]বিদেশীসকল নিৰাশ হ’ল; [QE][QS]তেওঁলোকে কঁপি কঁপি দুৰ্গৰ পৰা ওলাই আহিল। [QE]
46. [QS]যিহোৱা জীৱিত! [QE][QS]মোৰ আশ্রয়-শিলাৰ প্রশংসা হওঁক, [QE][QS]মোৰ পৰিত্ৰাণৰ ঈশ্বৰ গৌৰৱান্বিত হওঁক। [QE]
47. [QS]তেৱেঁই আন জাতিবোৰক মোৰ অধীন কৰি বশীভুত কৰিলে, [QE][QS]তেওঁ মোৰ পক্ষ হৈ তেওঁলোকে পাবলগীয়া প্ৰতিকাৰ সাধিলে। [QE]
48. [QS]মই মোৰ শত্রুবোৰৰ হাতৰ পৰা ৰক্ষা পালোঁ! [QE][QS]অৱশ্যেই, মোৰ বিৰুদ্ধে উঠাবোৰৰ ওপৰত তুমি মোক তুলি ধৰিলা! [QE][QS]উপদ্ৰৱকাৰী লোকৰ পৰাও তুমি মোক উদ্ধাৰ কৰিলা। [QE]
49. [QS]হে যিহোৱা, সেয়ে আন জাতিবোৰৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম, [QE][QS]তোমাৰ নামৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম। [QE]
50. [QS]যিহোৱাই নিজে স্থাপন কৰা ৰজাক মহাজয় দান কৰে; [QE][QS]নিজৰ অভিষিক্তজনৰ প্রতি, [QE][QS]দায়ুদ আৰু তেওঁৰ বংশধৰসকললৈ, [QE][QS]তেওঁ চিৰকাললৈকে তেওঁৰ অসীম প্রেম দেখুৱায়। [QE]