1. {#1ইস্রায়েলৰ পাপ আৰু বন্দীত্ব } [QS]ইস্ৰায়েল এক লহপহীয়া দ্ৰাক্ষালতা; তাত প্রচুৰ ফল ধৰে। [QE][QS]তাৰ ফল যিমানে বৃদ্ধি পালে, [QE][QS]সিমান অধিক বেছি সংখ্যাৰ যজ্ঞবেদী তেওঁ নির্মাণ কৰিলে। [QE][QS]তেওঁৰ দেশৰ যিমানে উন্নতি হ’ল, [QE][QS]তেওঁ নিজৰ পবিত্র স্তম্ভবোৰ সুন্দৰভাৱে সাজিলে। [QE]
2. [QS]তাৰ লোকসকলৰ অন্তৰ প্রৱঞ্চনাপূর্ণ; [QE][QS]সেয়ে এতিয়া তেওঁলোকে নিজৰ দোষৰ বোজা বব লাগিব। [QE][QS]যিহোৱাই তেওঁলোকৰ যজ্ঞবেদীবোৰ ভাঙি পেলাব, [QE][QS]তেওঁলোকৰ স্তম্ভবোৰ নষ্ট কৰি দিব। [QE]
3. [QS]তেতিয়া তেওঁলোকে অৱশ্যেই ক’ব, “আমি যিহোৱাক ভয় নকৰাৰ কাৰণে আমাৰ কোনো ৰজা নাই; [QE][QS]কিন্তু ৰজা থাকিলেও, তেওঁ আমাৰ কাৰণে কি কৰিব পাৰিলেহেঁতেন?” [QE]
4. [QS]তেওঁলোকে অনেক অনৰ্থক কথা কয়, [QE][QS]নিয়ম স্থাপন কৰাৰ সময়ত মিছা শপত খায়; [QE][QS]সেয়ে পথাৰৰ মাটিত বিহ গছ গজাৰ নিচিনাকৈ বিচাৰ গজি উঠিছে। [QE]
5. [QS]চমৰিয়াত বসবাস কৰা লোকসকলে বৈৎ-আবনৰ দামুৰি-মূর্তিৰ কাৰণে ভয়তে কঁপিছে; [QE][QS]সেয়ে তাৰ লোকসকলে শোক কৰিব, [QE][QS]সেইদৰে, সেই মূর্তিপূজাত আনন্দিত হোৱা পুৰোহিতসকলেও বিলাপ কৰিব; [QE][QS]কাৰণ সেই মূর্তিৰ গৌৰৱ এতিয়া তেওঁলোকৰ ওচৰৰ পৰা দূৰ কৰা হৈছে। [QE]
6. [QS]সেইটো অচূৰীয়ালৈ লৈ যোৱা হ’ব, [QE][QS]আৰু মহাৰাজৰ উপহাৰস্বৰূপে তাক দিয়া হ’ব। [QE][QS]ইফ্ৰয়িমে লাজ পাব, [QE][QS]ইস্ৰায়েলে কাঠৰ মূর্তিক[* পৰামর্শ ] অনুসৰণ কৰাৰ কাৰণে লজ্জিত হ’ব। [QE]
7. [QS]পানীয়ে যেনেকৈ কাঠৰ সৰু টুকুৰা উটুৱাই লৈ যায়, চমৰিয়াৰ ৰজাৰ বিনাশ তেনেদৰে হ’ব। [QE]
8. [QS]বৈৎ-আবনৰ পূজাৰ ওখ ঠাইৰ মঠবোৰ অর্থাৎ ইস্ৰায়েলৰ পাপময় ঠাইবোৰ ধ্বংস হ’ব। [QE][QS]কাঁইটীয়া বন আৰু গছবোৰ গজি উঠি সেইবোৰৰ যজ্ঞবেদীবোৰ ঢাকি পেলাব; [QE][QS]তেতিয়া তেওঁলোকে পৰ্ব্বতবোৰক ক’ব, “আমাক ঢাকি পেলোৱা!” [QE][QS]সৰু সৰু পাহাৰবোৰক ক’ব, “আমাৰ ওপৰত পৰা!” [QE]
9. [QS]যিহোৱাই কৈছে, “হে ইস্ৰায়েল, গিবিয়াত থকা দিনৰে পৰা তুমি পাপ কৰি আহিছা; [QE][QS]পাপৰ মাজতেই তোমালোক থাকি গ’লা; [QE][QS]গিবিয়াত যুদ্ধই জানো অধর্মচাৰীবোৰক লগ নাপাব? [QE]
10. [QS]যেতিয়াই মোৰ ইচ্ছা হয়, তেতিয়াই মই উচ্ছৃঙ্খল লোকসকলক শাস্তি দিবলৈ আহিম; [QE][QS]তেওঁলোকৰ দুটা পাপৰ কাৰণে তেওঁলোকক শাস্তি দিবলৈ তেওঁলোকৰ অহিতে বিভিন্ন জাতিবোৰক একত্রিত কৰা হব। [QE]
11. [QS]ইফ্ৰয়িম এক শিক্ষা পোৱা চেঁউৰী গৰু, যি শস্য মৰণা মাৰিবলৈ ভাল পায়। [QE][QS]মই তাইৰ সুন্দৰ ডিঙিত যুঁৱলি দিম, [QE][QS]মই ইফ্ৰয়িমৰ ওপৰত এক যুঁৱলি দিম; [QE][QS]যিহূদাই নাঙল টানিব, [QE][QS]যাকোবে নিজৰ কাৰণে মৈ টানিব।” [QE]
12. [QS]তোমালোকে নিজৰ কাৰণে ধাৰ্মিকতাৰ কঠীয়া সিচাঁ, [QE][QS]প্রেমৰ শস্য দোৱা, [QE][QS]পতিত ভূমি চহোৱা; [QE][QS]যিহোৱাক বিচাৰিবৰ সময় হৈছে। [QE][QS]যেতিয়া তোমালোকে তেনে কৰিবা, তেতিয়া যিহোৱাই আহি তোমালোকৰ ওপৰত ধাৰ্মিকতাৰূপ বৃষ্টি বৰষাব। [QE]
13. [QS]কিন্তু তোমালোকে দুষ্টতাৰ ভূমি চহালা, [QE][QS]অন্যায়ৰ শস্য চপালা, [QE][QS]ছলনাৰ ফল ভোগ কৰিলা; [QE][QS]তোমালোকে নিজৰ শক্তি আৰু অনেক সৈন্যবোৰৰ ওপৰত ভাৰসা কৰিছা। [QE]
14. [QS]সেই কাৰণে তোমাৰ লোকসকলৰ মাজত যুদ্ধৰ কোলাহল উঠিব, [QE][QS]তোমালোকৰ সকলো দুর্গবোৰ বিনষ্ট হ’ব। [QE][QS]যেনেকৈ চলমনে যুদ্ধৰ দিনা বৈৎ-অৰ্বেলক ধ্বংস কৰিছিল। [QE][QS]সেই সময়ত ল’ৰা-ছোৱালীবোৰৰ সৈতে মাকসকলক আছাৰি ছিৰা-ছিৰ কৰা হৈছিল। [QE]
15. [QS]হে বৈৎএল, তোমালোকলৈকো তেনেদৰে ঘটিব। কাৰণ তোমাৰ দুষ্টতা অতি বেছি। [QE][QS]ৰাতিপুৱা হ’লে ইস্ৰায়েলৰ ৰজাক সম্পূর্ণকৈ ধ্বংস কৰা হ’ব। [QE]