1. {#1ইয়োবৰ উত্তৰ }
2. [PS]তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি ক’লে, [PE][QS]মই এইৰূপ অনেক কথা শুনিলো; [QE][QS]তোমালোক সকলোৱেই দুখদায়ক শান্ত্বনাকাৰী। [QE]
3. [QS]বায়ুতুল্য কথাৰ জানো কেতিয়াবা শেষ হয়? [QE][QS]বা উত্তৰ দিবলৈ তোমাক জানো উদগাইছে? [QE]
4. [QS]ময়ো তোমালোকৰ দৰে উত্তৰ দিব পাৰোঁ; [QE][QS]মোৰ প্ৰাণৰ সলনি যদি তোমালোকৰ প্ৰাণ হলেহেঁতেন, [QE][QS]তেনেহলে মইও তোমালোকৰ অহিতে কথা সাজিব পাৰিলোহেঁতেন, [QE][QS]আৰু তোমালোকক বিদ্রূপ কৰি মূৰ জোকাৰিব পাৰিলোহেঁতেন। [QE]
5. [QS]অস্ মই মুখেৰেহে তোমালোকক সবল কৰিলোহেঁতেন, [QE][QS]আৰু মোৰ ওঠৰ শান্ত্বনাত তোমালোকৰ দুখৰ উপশমহে হলহেঁতেন। [QE]
6. [QS]মই কথা কলেও মোৰ ক্লেশৰ উপশম নহয়, [QE][QS]আৰু নিমাতে থাকিলে কি মোৰ দুখ গুচিব? [QE]
7. [QS]কিন্তু তেওঁ এতিয়া মোক ক্লান্ত কৰিলে; [QE][QS]তুমি মোৰ গোটেই পৰিয়াল উচ্ছন্ন কৰিলা। [QE]
8. [QS]তুমি মোৰ শৰীৰ শীৰ্ণ কৰিলা, সেয়ে মোৰ বিৰুদ্ধে সাক্ষী হৈছে; [QE][QS]মোৰ শৰীৰৰ দীনতাই মোৰ বিৰুদ্ধে উঠিছে, [QE][QS]আৰু এয়ে মোৰ অহিতে উঠি মোৰ সাক্ষাতে প্ৰমাণ দিছে। [QE]
9. [QS]তেওঁ ক্ৰোধত মোক বিদাৰিলে, আৰু তাড়নাও কৰিলে; [QE][QS]তেওঁ মোলৈ দাঁত কৰচিলে; [QE][QS]মোক চকুৰপানীয়ে পৃথক কৰে, মোৰ শত্রুৱে মোলৈ দৃঢ়ভাবে চাই থাকে; [QE]
10. [QS]লোকে মোৰ বিৰুদ্ধে মুখ মেলে; [QE][QS]সিহঁতে ধিক্কাৰ দি মোৰ গালত চৰ মাৰে; [QE][QS]সিহঁতে মোৰ অহিতে গোট খায়। [QE]
11. [QS]ঈশ্বৰে মোক অধৰ্মিৰ হাতত সমৰ্পণ কৰিলে, [QE][QS]আৰু দুষ্টবোৰৰ হাতত পেলাই দিলে। [QE]
12. [QS]মই শান্তিৰে আছিলোঁ আৰু তেওঁ মোক ভাঙি পৃথক কৰিলে, [QE][QS]এনে কি, মোৰ ডিঙিত ধৰি মোক থেকেচিলে; [QE][QS]আৰু মোক নিজৰ কাঁড় মৰাৰ নিচান পাতিলে। [QE]
13. [QS]তেওঁৰ ধনুৰ্দ্ধৰবোৰে মোক আগুৰি ধৰে; [QE][QS]ঈশ্বৰে মোৰ বৃক্ক বিদাৰিলে আৰু মোক অতিৰিক্ত নকৰিলে, [QE][QS]তেওঁ মোৰ পিত্ত মাটিত ঢালি দিলে। [QE]
14. [QS]তেওঁ মোৰ প্ৰাচীৰৰ যোগেদি বাৰে বাৰে ভাঙে; [QE][QS]তেওঁ বীৰৰ নিচিনাকৈ মোৰ বিৰুদ্ধে লৰি আহে। [QE]
15. [QS]মই ছালৰ ওপৰত চট কাপোৰ সিয়াই ললোঁ, [QE][QS]আৰু ধুলিৰে মোৰ শিং লেটিপেটি কৰিলোঁ। [QE]
16. [QS]যদিও মোৰ হাতত অত্যাচাৰ নাই, [QE][QS]আৰু মোৰ প্ৰাৰ্থনাও পবিত্ৰ, [QE]
17. [QS]তথাপি কান্দোতে কান্দোতে মোৰ মুখ বিকৃত হ’ল, [QE][QS]আৰু মৃত্যুচ্ছায়া মোৰ চকুৰ পিৰঠিৰ ওপৰত আছে। [QE]
18. [QS]হে পৃথিৱী, তুমি মোৰ তেজ নাঢাকিবা, [QE][QS]আৰু মোৰ কাতৰোক্তিয়ে জিৰাবলৈ ঠাই নাপাওক। [QE]
19. [QS]চোৱা, এতিয়াও মোৰ সাক্ষী স্বৰ্গত আছে, [QE][QS]আৰু মোৰ পক্ষে প্ৰমাণ দিওঁতা জনা উচ্চস্থানত আছে। [QE]
20. [QS]মোৰ চকুৱে যেতিয়া ঈশ্বৰৰ কাৰণে অশ্রু বিসৰ্জন কৰে, [QE][QS]তেতিয়া মোৰ বন্ধুবোৰেই মোক নিন্দা কৰে; [QE]
21. [QS]যেনেদৰে এজন মানুহে নিজ চুবুৰীয়াৰ সৈতে কৰে, [QE][QS]তেনেদৰে মই কওঁ সাক্ষ্যৰ বাবে এই মানুহে ঈশ্বৰৰ সৈতে তৰ্ক কৰে! [QE]
22. [QS]কিয়নো মাত্র কেইবছৰৰ ভিতৰতে মই সেই ঠাইলৈ যাম, [QE][QS]যি ঠাইৰ পৰা মই পুনৰ উভতি আহিব নোৱাৰিম। [QE]