1. {#1ইলীফজৰ দ্বিতীয় বক্তৃতা }
2. [PS]তেতিয়া তৈমনীয়া ইলীফজে পুনৰ উত্তৰ দি ক’লে, [PE][QS]জ্ঞানৱানে জানো অনৰ্থক জ্ঞানেৰে উত্তৰ দিয়ে, [QE][QS]বা পূবৰ বায়ুৰে জানো উদৰ পূৰ কৰে? [QE]
3. [QS]সি জানো নিস্ফল কথাৰে যুক্তি দেখুৱায়, [QE][QS]বা অনুপকাৰী বাক্যৰে বাদানুবাদ কৰে? তুমি হ’লে এই সকলোকে কৰিছা, [QE]
4. [QS]এনে কি, তুমি ঈশ্বৰ ভয়কো ত্যাগ কৰিছা, [QE][QS]আৰু ঈশ্বৰৰ সাক্ষাতে ভক্তিও কম কৰিছা। [QE]
5. [QS]কিয়নো তোমাৰ মুখেই তোমাৰ অপৰাধ প্ৰকাশ কৰিছে, [QE][QS]আৰু তুমি ধূৰ্তবোৰৰ জিভা মনোনীত কৰিছা। [QE]
6. [QS]তোমাৰ মুখেই তোমাক দোষী কৰিছে, মই কৰা নাই; [QE][QS]তোমাৰ ওঁঠেই তোমাৰ অহিতে সাক্ষ্য দিছে। [QE]
7. [QS]মনুষ্য জাতিৰ মাজত তুমি প্ৰথমে জন্ম পোৱা নে? [QE][QS]আৰু পৰ্ব্বতবোৰৰ পূৰ্বেই জানো তোমাৰ জন্ম হৈছিল? [QE]
8. [QS]তুমি ঈশ্বৰৰ সভাত মন্ত্ৰণা শুনিছিলা নে? [QE][QS]আৰু তোমাৰ নিজৰ কাৰণে জ্ঞান ৰাখি থৈছা নে? [QE]
9. [QS]তুমি নো আমি নজনা কথা কি জানা? [QE][QS]তুমিনো আমি নুবুজা কথা কি বুজিছা? [QE]
10. [QS]আমাৰ মাজত বেছি বয়সীয়া আৰু পকা চুলিয়াও আছে; [QE][QS]তেওঁলোক তোমাৰ পিতৃতকৈয়ো অতি বৃদ্ধ। [QE]
11. [QS]ঈশ্বৰৰ শান্তনা-বাক্যবোৰ তোমাৰ জ্ঞানত অতি ক্ষুদ্ৰ নে? [QE][QS]আৰু তোমাৰ লগত কৰা মৃদু আলাপ ক্ষুদ্ৰ জ্ঞান কৰিছা নে? [QE]
12. [QS]তুমি যে ঈশ্বৰৰ বিৰুদ্ধে জ্বলি উঠিছা, [QE][QS]আৰু এনে কথা মুখৰ পৰা উলিয়াইছা, [QE]
13. [QS]তোমাৰ মনক নো কিহে এনেকৈ বিপথলৈ নিয়ে? [QE][QS]আৰু তোমাৰ চকু নো কিয় ইমানকৈ তিৰবিৰাইছে? [QE]
14. [QS]মৰ্ত্ত্য নো কি যে, তেওঁ শুচি হ’ব পাৰে? [QE][QS]তিৰোতাৰ পৰা জন্মা মনুষ্যই বা কি, তেওঁ যে ধাৰ্মিক হ’ব পাৰে? [QE]
15. [QS]চোৱা, তেওঁ নিজৰ পবিত্ৰবিলাকতো বিশ্বাস নকৰে, [QE][QS]এনে কি, আকাশ-মণ্ডল তেওঁৰ দৃষ্টিত নিৰ্ম্মল নহয়। [QE]
16. [QS]তেনেহলে কেনেকৈ ঘৃণনীয় আৰু দুর্নীতিগ্ৰস্ত, [QE][QS]জলৰ দৰে অপৰাধ পান কৰোঁতাই কিমান কম পৰিমানে শুচি হ’ব পাৰে। [QE]
17. [QS]মই তোমাক দেখিছোঁ, মোৰ কথা শুনা; [QE][QS]মই যি দেখিলোঁ, সেয়া প্ৰকাশ কৰিলোঁ; [QE]
18. [QS]যিসকলৰ হাতত দেশ শোধাই দিয়া হৈছিল, [QE][QS]আৰু যিসকলৰ মাজত কোনো বিদেশী ঘূৰি ফুৰা নাছিল, [QE]
19. [QS]জ্ঞানী সকলে তেওঁলোকৰ এনেকুৱা পিতৃসকলৰ পৰা শুনি, [QE][QS]গুপুতে নাৰাখি এই কথা কয়, [QE]
20. [QS]দুষ্টই নিজৰ জীৱনৰ সকলো দিনত ক্লেশ পায়, [QE][QS]অত্যাচাৰী জনে নিজৰ নিৰূপিত বছৰ কেইটা অসুখেৰে কটায়। [QE]
21. [QS]ভয়ৰ শব্দ তাৰ কাণত থাকে; [QE][QS]সম্পদৰ কালতো বিনাশকে তাক আক্ৰমণ কৰে। [QE]
22. [QS]সি কেতিয়াও নাভাবে, সি যে আন্ধাৰৰ পৰা উলটি আহিব, [QE][QS]তৰোৱালে তালৈ বাট চাই আছে। [QE]
23. [QS]সি আহাৰৰ নিমিত্তে ভ্ৰমন কৰি কয়, ‘ক’ত আছে?’ [QE][QS]সি জানে যে, আন্ধৰৰ দিন তাৰ ওচৰত উপস্থিত আছে। [QE]
24. [QS]ক্লেশ আৰু মনৰ তাপে তাক ভয় দেখুৱায়; [QE][QS]যুদ্ধৰ কাৰণে সাজু হোৱা ৰজাৰ দৰে, সেই দুটাই তাক পৰাজয় কৰে। [QE]
25. [QS]কাৰণ সি ঈশ্বৰৰ বিৰুদ্ধে হাত মেলিলে, [QE][QS]আৰু সৰ্ব্বশক্তিমান জনাৰ বিৰুদ্ধে গৰ্ব্ব–আচৰণ কৰিলে। [QE]
26. [QS]এইদৰে পাপীলোক ঈশ্বৰৰ বিৰুদ্ধে অনমনীয় হয়, [QE][QS]সি ঢালৰ ডাঠ ভাগ দেখুৱাই তেওঁৰ বিৰুদ্ধে লৰ মাৰে। [QE]
27. [QS]এইটো সত্য যে, সি চৰ্বিৰে নিজৰ মুখ নোদোকা কৰিলে, [QE][QS]আৰু নিজৰ তপিনা তৰপে তৰপে চৰ্বিযুক্ত কৰিলে; [QE]
28. [QS]আৰু সি জনশূণ্য নগৰত বাস কৰিলে; [QE][QS]য’ত কোনো মানুহে বাস নকৰে, [QE][QS]শিলৰ দ’ম হবলগীয়া এনে ঘৰত বসতি কৰিলে। [QE]
29. [QS]সি ধনী নহব, আৰু তাৰ সম্পত্তি নাথাকিব; [QE][QS]সিহঁতৰ শস্য ফলৰ ভৰত মাটিলৈ দোঁ নাখাব। [QE]
30. [QS]সি আন্ধাৰৰ পৰা সাৰিব নোৱাৰিব; [QE][QS]অগ্নি-শিখা ই তাৰ ডালবোৰ শুকুৱাব, [QE][QS]আৰু সি তেওঁৰ মুখৰ ফুঁতে উড়ি যাব। [QE]
31. [QS]সি ভ্ৰান্ত হৈ অসাৰতাত বিশ্বাস নকৰক; [QE][QS]কিয়নো অসাৰতাই তাৰ বেচ হ’ব। [QE]
32. [QS]তাৰ দিন নৌ হওঁতেই সেয়ে তালৈ সিদ্ধ হ’ব, [QE][QS]আৰু তাৰ খেজুৰৰ পাত কেঁচাই নাথাকিব। [QE]
33. [QS]সি দ্ৰাক্ষালতাৰ নিচিনাকৈ নিজৰ আপইতা গুটি সৰাব, [QE][QS]আৰু জিতগছৰ দৰে নিজৰ ফুল সৰাই পেলাব। [QE]
34. [QS]কিয়নো অধৰ্মিবোৰৰ সমাজ বন্ধ্যা হ’ব, [QE][QS]আৰু ভেঁটি খুৱাবোৰৰ তম্বু অগ্নিয়ে গ্রাস কৰিব। [QE]
35. [QS]সিহঁতে অনিষ্টক গৰ্ভধাৰণ কৰি ক্লেশ প্ৰসৱ কৰে; [QE][QS]সিহঁতৰ পেটে প্ৰতাৰণা উৎপন্ন কৰে।” [QE]