1. {#1বিভিন্ন জাতিলৈ আহিব লগা দণ্ড } [QS]হে নিলাজ জাতি, তোমালোক একত্রিত হোৱা, একেলগ হৈ গোট খোৱা। [QE]
2. [QS]কিয়নো দণ্ডাজ্ঞাৰ আদেশ জাৰি হোৱাৰ আগেয়ে, [QE][QS]সেই দিন তুঁহৰ দৰে উৰি অহাৰ আগেয়ে; [QE][QS]যিহোৱাৰ জ্বলন্ত ক্রোধ আপোনালোকৰ ওপৰলৈ অহাৰ আগেয়ে, [QE][QS]যিহোৱাৰ ক্রোধৰ দিন আপোনালোকৰ ওপৰলৈ অহাৰ আগেয়ে, [QE][QS]আপোনালোক একত্রিত হওঁক! [QE]
3. [QS]হে পৃথিৱীৰ সমুদায় নম্র লোক, আপোনালোক যিসকলে যিহোৱাৰ শাসন-প্রণালী মানি চলিছে, আপোনালোকে যিহোৱাক বিচাৰক! [QE][QS]আপোনালোকে ধাৰ্মিকতা অনুশীলন কৰক! নম্ৰতাৰ অনুশীলন কৰক! [QE][QS]কিজানি যিহোৱাৰ ক্ৰোধৰ দিনত আপোনালোকে ৰক্ষা পাব। [QE]
4. [QS]গাজা জনশূণ্য হ’ব আৰু অস্কিলোন ধ্বংসস্থান হ’ব; [QE][QS]অচ্দোদৰ লোক সমূহক দুপৰ বেলা খেদাই দিয়া হ’ব, [QE][QS]আৰু ইক্ৰোণক উঘালি পেলোৱা হ’ব। [QE]
5. [QS]হে সমুদ্ৰতীৰত বাস কৰা কৰেথীয়া লোকসকল, [QE][QS]আপোনালোকৰ সন্তাপ হ’ব। [QE][QS]হে পলেষ্টীয়াসকলৰ দেশ কনান! [QE][QS]যিহোৱাই আপোনালোকৰ বিপক্ষে কৈছে, [QE][QS]“কোনো অৱশিষ্ট নথকালৈকে মই তোমাক উচ্ছন্ন কৰিম।” [QE]
6. [QS]সমুদ্ৰ তীৰৰ এলেকা হ’ব চৰণীয়া ভূমি; [QE][QS]মেৰ-ছাগ ৰখীয়াৰ তৃণভূমি আৰু মেৰ-ছাগৰ জাকৰ নিৰাপদ আশ্রয়স্থান হ’ব। [QE]
7. [QS]সেই সমুদ্রতীৰৰ এলেকা, যিহূদা বংশৰ জীয়াই থকা অৱশিষ্ট লোকৰ অধিকাৰত থাকিব। [QE][QS]তেওঁলোকে তাত মেৰ-ছাগৰ জাক চৰাব; [QE][QS]সন্ধিয়া তেওঁলোকে অস্কিলোনৰ ঘৰত শুই থাকিব; [QE][QS]তেওঁলোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক প্রতিপালন কৰিব; [QE][QS]তেওঁ তেওঁলোকৰ ভৱিষ্যত অৱস্থা পুণঃস্থাপন কৰিব। [QE]
8. [QS]“মই মোৱাবে কৰা উপহাস আৰু অম্মোনৰ সন্তানবোৰে কৰা গালি-শপনিবোৰ শুনিলো; [QE][QS]তেওঁলোকে মোৰ লোকসকলক তিৰস্কাৰ কৰিলে [QE][QS]আৰু নিজৰ দেশ বঢ়াবলৈ লোকসকলৰ অহিতে সীমা উলঙ্ঘন কৰিলে।” [QE]
9. [QS]সেয়ে, বাহিনীগণৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰে এইদৰে কৈছে, [QE][QS]“মোৰ জীৱনৰ শপত, মোৱাব নিশ্চয়ে চদোমৰ নিচিনা, আৰু অম্মোনীয়াসকল ঘমোৰাৰ নিচিনা হ’ব; [QE][QS]এক কাঁইটীয়া হাবিৰে ভৰা ঠাই আৰু এক লোণৰ কূপলৈ পৰিণত হ’ব; [QE][QS]চিৰকালৰ পতিত ভূমি হৈ থাকিব; [QE][QS]মোৰ প্ৰজাসকলৰ অৱশিষ্ট লোকে তেওঁলোকক লুট কৰিব আৰু [QE][QS]মোৰ জাতিৰ অৱশিষ্ট লোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিব।” [QE]
10. [QS]মোৱাব আৰু অম্মোনৰ অহঙ্কাৰৰ কাৰণেই তেওঁলোকলৈ এনে ঘটিব; [QE][QS]কাৰণ তেওঁলোকে বাহিনীগণৰ যিহোৱাৰ লোকসকলৰ প্রতি ঠাট্টা-বিদ্রূপ কৰিলে, [QE][QS]আৰু তেওঁলোকৰ অহিতে নিজৰ দেশ বঢ়াই তুলিছে। [QE]
11. [QS]যিহোৱা তেওঁলোকৰ ওচৰত ভীষণৰূপে ভয়ানক হ’ব; [QE][QS]তেওঁ পৃথিৱীৰ সকলো দেৱ-দেবীক শক্তিহীন কৰিব; [QE][QS]তেতিয়া সকলো জাতিৰ লোকে যিহোৱাৰ আৰাধনা কৰিব; [QE][QS]নিজ নিজ দেশৰ পৰা, সমুদ্রৰ উপকূলসমূহৰ পৰা তেওঁৰ ওচৰত প্রণিপাত কৰিব। [QE]
12. [QS]হে কুচীয়াসকল[* কুচীয়াসকল (ইথিওপিয়া) ], তোমালোকো মোৰ তৰোৱালৰ আঘাতত নিহত হ’বা। [QE]
13. [QS]যিহোৱাই উত্তৰ দিশৰ বিৰুদ্ধে হাত মেলি অচূৰক বিনষ্ট কৰিব; [QE][QS]নীনবি নগৰক একেবাৰে জনশূণ্য আৰু মৰুভূমিৰ দৰে শুকান ভূমি কৰিব। [QE]
14. [QS]তাৰ পাছত পশুৰ জাক আৰু বন্য প্রাণীবোৰে তাত বাস কৰিব; [QE][QS]নগৰৰ ধ্বংসস্তূপবোৰত চৰাই আৰু ফেঁচাবোৰে বাহঁ সাজি ৰাতি কটাব। [QE][QS]খিড়িকীত সিহঁতৰ চিৰিক-চিৰিক এক শব্দ শুনা যাব; [QE][QS]কাউৰীবোৰে খালী ঘৰবোৰৰ দুৱাৰমুখত আহি মাতিব; কিয়নো ঘৰৰ এৰচ কাঠৰ চটিবোৰ তেওঁ উন্মুক্ত কৰিলে। [QE]
15. [QS]এয়ে সেই নির্ভয়ে থকা উল্লাসপ্রিয়া নীনবি নগৰ; [QE][QS]তাই নিজৰ মনতে কয়, “ময়েই আছোঁ, মোৰ সমান আন কোনো নাই!” [QE][QS]তাই কেনেকৈ ধ্বংস হৈ গ’ল! বন্য পশুৰ আশ্রয়স্থল হ’ল! [QE][QS]যিসকলে তাইৰ ওচৰেদি যাব, প্ৰতিজনে ইচ ইচ কৰি ঘৃণা কৰিব আৰু তাইক হাতেৰে ভুকু দেখুৱাব। [QE]