1. {#1চলোমনৰ পৰমগীত }
1. {#1কইনাই নিজৰ ভালপোৱা স্বীকাৰ কৰা: }[PS]ৰজা চলোমনৰ অতি সুন্দৰ গীতৰ শৰাই- [PE]{#1কইনাই নিজৰ ভালপোৱা স্বীকাৰ কৰা: } [PS]*প্রিয়াৰ কথা *[PE][QS]তুমি তোমাৰ মুখৰ চুম্বনবোৰেৰে মোক[* তেওঁ তেওঁৰ ওঁঠ ] ভৰাই দিয়া, [QE][QS]কাৰণ তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম। [QE]
3. [QS]তোমাৰ তেলৰ সুগন্ধই আনন্দৰ সৌৰভ আনে; [QE][QS]বাকি দিয়া সুগন্ধৰ দৰেই তোমাৰ নাম; [QE][QS]সেই বাবেই যুৱতীসকলে তোমাক ভাল পায়। [QE]
4. [QS](যুৱতীয়ে নিজৰ মনতে ক’লে) মোক তোমাৰ লগত লৈ ব’লা; আমি সোনকালে পলাই যাম। [QE][QS]ৰজাই মোক তেওঁৰ কক্ষৰ ভিতৰলৈ লৈ আনিলে; [QE][PS]*প্রিয়ৰ প্রতি কইনাৰ কথা: *[PE] [QS]মই সুখী; মই তোমাক লৈ আনন্দ কৰোঁ; [QE][QS]মোক তোমাৰ প্রেমত উল্লাসিত হ’বলৈ দিয়া; তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম। [QE][QS]আন ৰমণীসকলে যে তোমাৰ প্রশংসা কৰে, ই স্বাভাৱিক কথা। [QE][PS]*আন ৰমণীসকলৰ প্রতি: *[PE]
5. [PS]হে যিৰূচালেমৰ [QE][QS]ৰমণীসকল, মই ক’লা বৰণীয়া হ’লেও সুন্দৰী; [QE][QS]মই কেদৰৰ তম্বুৰ নিচিনা ক’লা আৰু চলোমনৰ পর্দাবোৰৰ দৰে সুন্দৰী। [QE]
6.
7. [PS]মই ক’লা বাবেই মোলৈ [QE][QS]চাই নাথাকিবা; কাৰণ সূর্যৰ তাপে মোক ডেই নিলে। [QE][QS]মোৰ ভাই-ককাইসকলে [QE][QS]মোৰ ওপৰত খং কৰি মোক [QE][QS]দ্ৰাক্ষাবাৰীবোৰৰ দেখা-শুনা কৰিবলৈ দিছিল; [QE][QS]সেয়ে মই মোৰ নিজৰ দ্ৰাক্ষাবাৰী[† নিজৰ সৌন্দর্য ]ৰ যত্ন ল’ব পৰা নাই। [QE][PS]*প্রিয়ৰ প্রতি যুৱতীৰ কথা: *[PE][QS]হে মোৰ প্রিয়তম, মোৰ প্রাণে তোমাকে ভালপায়! [QE][QS]মোক কোৱা, তুমি তোমাৰ মেৰ-ছাগৰ জাকক কোন ঠাইত চৰোৱা? [QE][QS]তুমি তোমাৰ মেৰ-ছাগবোৰক দুপৰীয়া ক’ত বিশ্রাম কৰোঁৱা? [QE][QS]তোমাৰ লগৰীয়াৰ মেৰ-ছাগৰ জাকবোৰৰ কাষত, [QE][QS]মই কিয় ওৰণি লোৱা[‡ ঘূৰি ফুৰা ] জনীৰ নিচিনা ঘূৰি ফুৰিম? [QE]{#1চলোমন আৰু তেওঁৰ কন্যা দুয়ো দুয়োতে সুখী }
8. [PS]*প্রিয়ৰ কথা: *[PE][QS]তুমি যদি তাক নাজানা, হে পৰম সুন্দৰী যুৱতী, [QE][QS]মোৰ মেৰ-ছাগৰ জাকৰ খোজৰ [QE][QS]চিনবোৰৰ পাছে পাছে আহাঁ আৰু [QE][QS]তোমাৰ ছাগলী পোৱালিবোৰক মেৰ-ছাগ ৰখীয়াসকলৰ তম্বুৰ ওচৰতে চৰোৱা। [QE]
9. [PS]হে মোৰ প্ৰিয়তমা, [QE][QS]ফৰৌণৰ ৰথৰ এজনী ঘোঁৰাৰে সৈতে, [QE][QS]মই তোমাক তুলনা কৰিছোঁ। [QE]
10. [QS]গালৰ দুপাশৰ গহণাৰে সৈতে, তোমাৰ গাল দুখন সুন্দৰ দেখাইছে, [QE][QS]আৰু মুকুতাৰ কণ্ঠহাৰে তোমাৰ ডিঙি শোভিত কৰিছে। [QE]
11. [PS]মই তোমাৰ কাৰণে ঠায়ে [QE][QS]ঠায়ে ৰূপ খচিত [QE][QS]সোণৰ অলঙ্কাৰ নির্মাণ কৰিম। [QE][PS]*প্রিয়াৰ কথা: *[PE]
12. [PS]ৰজাই যেতিয়া তেওঁৰ বিচনাত[§ বা, মহাভোজত বহিছিল ] শুইছিল, [QE][QS]তেতিয়া মোৰ সুগন্ধৰ সুঘ্রাণ বিয়পি পৰিল। [QE]
13. [QS]মোৰ ওচৰত মোৰ প্রিয় গন্ধৰস থোৱা এটি মোনাৰ দৰে, [QE][QS]যি মোৰ স্তনযুগলৰ মাজত গোটেই ৰাতি থাকে। [QE]
14. [QS]মোৰ প্রিয় মোৰ ওচৰত যেন এথোপা জেতুকা ফুল, [QE][QS]যি অয়িন-গদীৰ দ্ৰাক্ষাবাৰীত উৎপন্ন হয়। [QE]
15. [PS]*প্রিয়ৰ কথা: *[PE][QS]চোৱা, কি সুন্দৰী তুমি! মোৰ প্রিয়া; [QE][QS]তুমি কিমান যে সুন্দৰী! তোমাৰ দুচকু কপৌৰ নিচিনা। [QE]
16. [PS]*প্রিয়াৰ কথা: *[PE][QS]চোৱা, কি সুন্দৰ তুমি! মোৰ প্রিয়; [QE][QS]তুমি কিমান যে সুন্দৰ! [QE][QS]আমাৰ শয্যা সেউজীয়া ঘাহেঁৰে ভৰা। [QE]
17. [QS]এৰচ গছৰ ডাল আমাৰ ঘৰৰ চতি আৰু আমাৰ ঘৰৰ বাটাম দেবদাৰুৰ ডাল। [QE]