1. [PS]প্ৰিয়া মোৰ, কিমান যে সুন্দৰী তুমি! [PE][QS]তুমি সুন্দৰী। [QE][QS]ওৰণিৰ ভিতৰত তোমাৰ দুচকু কপৌৰ নিচিনা; [QE][QS]তোমাৰ চুলিকোছা গিলিয়দ পাহাৰৰ পৰা নামি অহা ছাগলীৰ জাকৰ নিচিনা। [QE]
2. [QS]এইমাত্র নোম কাটি গা ধুই অহা মাইকী মেৰ-ছাগৰ জাকৰ নিচিনা তোমাৰ দাঁতবোৰ। [QE][QS]সিহঁতৰ প্রত্যেকৰে যমজ পোৱালি আছে, [QE][QS]আৰু সিহঁতৰ কোনেও নিজৰ পোৱালিক হেৰুৱা নাই। [QE]
3. [QS]তোমাৰ ওঁঠ দুটা এডাল ৰক্তিম সূতাৰ দৰে ৰঙা; [QE][QS]কি যে মৰমলগা তোমাৰ মুখ। [QE][QS]ওৰণিৰ তলত তোমাৰ গাল দুখন [QE][QS]দুফাল কৰা আধা ডালিমৰ নিচিনা। [QE]
4. [QS]তোমাৰ ডিঙি, শিলেৰে শাৰিপাতি বনোৱা দায়ুদৰ ওখ স্তম্ভটিৰ দৰে, [QE][QS]য’ত ওলমি আছে এহেজাৰ ঢাল; [QE][QS]সেই সকলোবোৰেই সৈন্যসকলৰ। [QE]
5. [QS]তোমাৰ স্তন দুটা লিলি ফুলৰ বনত চৰি ফুৰা [QE][QS]কৃষ্ণসাৰৰ যমজ পোৱালীৰ নিচিনা। [QE]
6. [PS]ভোৰ নোহোৱালৈকে আৰু অন্ধকাৰৰ ছাঁয়া আঁতৰি নোযোৱালৈকে, [QE][QS]হয়, মই গন্ধৰসৰ আৰু ধূপৰ পাহাৰতে গৈ থাকিম। [QE]
7. [PS]মোৰ প্ৰিয়া, তুমি সৰ্ব্বাঙ্গ-সুন্দৰী; [QE][QS]তোমাত কোনো খুঁত নাই। [QE]
8. [QS]হে মোৰ কইনাজনী, লিবানোনৰ পৰা মোৰ লগত আহাঁ। [QE][QS]লিবানোনৰ পৰা মোৰ লগতেই আহাঁ; [QE][QS]অমানাৰ চূড়াৰ পৰা, চনীৰ আৰু হৰ্মোণ পাহাৰৰ ওপৰৰ পৰা, [QE][QS]সিংহবোৰৰ গাতৰ পৰা, আৰু নাহৰফুটুকী বাঘবোৰৰ পাহাৰী বাসস্থানৰ পৰা [QE][QS]তুমি নামি আহাঁ[* নত হোৱা। ]। [QE]
9. [QS]মোৰ প্রিয়া, মোৰ কইনাজনী, তুমি মোৰ মনকে চুৰ কৰিলা; [QE][QS]তোমাৰ চকুৰ এক চাৱনীৰে, [QE][QS]তোমাৰ ডিঙিৰ হাৰৰ এটা মণিৰে [QE][QS]তুমি মোৰ মন বন্দী কৰিলা। [QE]
10. [QS]হে মোৰ প্রিয়া, মোৰ কইনাজনী, [QE][QS]তোমাৰ ভালপোৱা কিমান যে মনমোহা! [QE][QS]দ্ৰাক্ষাৰসতকৈয়ো তোমাৰ ভালপোৱা আৰু [QE][QS]সকলো সুগন্ধি দ্রব্যতকৈয়ো তোমাৰ ঘ্রাণৰ সৌৰভ কেনে উত্তম। [QE]
11. [QS]হে মোৰ কইনাজনী, তোমাৰ ওঁঠযুৰিৰ পৰা টোপ-টোপ কৰি মধু পৰে; [QE][QS]তোমাৰ জিভাৰ তলত মধু আৰু দুগ্ধ আছে; [QE][QS]তোমাৰ বস্ত্ৰৰ গন্ধ লিবানোনৰ বনৰ গন্ধৰ নিচিনা। [QE]
12. [QS]মোৰ প্রিয়া, মোৰ কইনাজনী বন্ধ কৰি থোৱা এক উদ্যান; [QE][QS]এক বন্ধ কৰি থোৱা সুৰক্ষিত উদ্যান, মোহৰ মাৰি ৰখা এটি জুৰি। [QE]
13. [QS]এক ডালিম গছেৰে ভৰা উদ্যান; ডালবোৰ উত্তম উত্তম ফলেৰে ভৰা; [QE][QS]তাত জেতুকা আৰু সুগন্ধি লতা আছে। [QE]
14. [QS]জটামাংসী, জাফৰন, সুগন্ধি বচ, ডালচেনি, [QE][QS]আৰু সকলো ধৰণৰ মছলাৰ গছ আছে। [QE][QS]তাত গন্ধৰস, অগৰু আদিকে ধৰি সকলো বিধৰ সুগন্ধি গছ আছে। [QE]
15. [QS]তুমি যেন উদ্যানৰ জুৰি, [QE][QS]যেন নির্মল পানীৰ এটি কুৱাঁ, [QE][QS]যেন লিবানোনৰ পৰা বৈ নামি অহা জলস্রোত। [QE][PS]*প্রিয়াৰ কথা: *[PE]
16. [PS]হে উত্তৰৰ বতাহ, সাৰ পোৱা; হে দক্ষিণৰ বতাহ, তুমি আহাঁ; [QE][QS]মোৰ উদ্যানৰ ওপৰেদি প্রৱাহিত হোৱা, যাতে তাৰ সুগন্ধি দ্ৰব্যৰ সুঘ্ৰাণ বিয়পি পৰে। [QE][QS]মোৰ প্রিয়তম যেন তেওঁৰ উদ্যানলৈ আহে আৰু তাৰ উত্তম ফলবোৰ ভোজন খায়। [QE]