1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: মূৎ-লব্বেন সুৰত গোৱা দায়ুদৰ ৰচিত গীত। } [QS]হে যিহোৱা, মই মোৰ সমস্ত হৃদয়েৰে তোমাৰ ধন্যবাদ কৰিম, [QE][QS]আৰু তোমাৰ সকলো আচৰিত কার্যবোৰ বর্ণনা কৰিম। [QE]
2. [QS]মই তোমাক লৈ আনন্দিত হৈ উল্লাস কৰিম; [QE][QS]হে সৰ্ব্বোপৰি জনা, মই তোমাৰ নামত প্ৰশংসাৰ গান কৰিম! [QE]
3. [QS]মোৰ শত্রুবোৰ যেতিয়া উলটি গ’ল, [QE][QS]তেতিয়া তেওঁলোক তোমাৰ সন্মুখত উজুটি খাই বিনষ্ট হ’ল। [QE]
4. [QS]তোমাৰ সিংহাসনত বহি, তুমি ন্যায় বিচাৰ কৰিছা। [QE][QS]কিয়নো তুমিয়েই মোৰ বিচাৰ কৰি মোৰ পক্ষে ৰায় দিছা। [QE]
5. [QS]তুমি আন জাতিবোৰক ধমকি দিছা, [QE][QS]দুষ্টবোৰক বিনষ্ট কৰিছা; [QE][QS]তেওঁলোকৰ নাম তুমি চিৰকাললৈকে মচি পেলালা। [QE]
6. [QS]শত্রুবোৰ চিৰদিনৰ কাৰণে ধ্বংসৰ ভগ্নাৱশেষৰ দৰে হ’ল; [QE][QS]তাৰ নগৰবোৰ তুমি উভালি পেলালা, [QE][QS]সেইবোৰৰ নাম তুমি মচি পেলালা। [QE]
7. [QS]কিন্তু যিহোৱাই চিৰকাল ৰাজত্ব কৰে; [QE][QS]তেওঁ সোধ-বিচাৰৰ কাৰণে নিজৰ সিংহাসন স্থাপন কৰিছে। [QE]
8. [QS]তেওঁ ধার্মিকতাৰে জগতৰ বিচাৰ কৰে, [QE][QS]তেওঁ সৎভাৱে জাতিবোৰৰ শাসন কৰে। [QE]
9. [QS]উপদ্ৰৱ পোৱাসকলৰ কাৰণে যিহোৱা উচ্চ দুৰ্গস্বৰূপ হ’ব; [QE][QS]তেওঁলোকৰ সংকটৰ সময়ত তেওঁ দুর্গ হয়। [QE]
10. [QS]যিসকলে তোমাক জানে, [QE][QS]তেওঁলোকে যেন তোমাত ভাৰসা ৰাখে, [QE][QS]কিয়নো হে যিহোৱা, যিসকলে তোমাক বিচাৰে, [QE][QS]তেওঁলোকক তুমি পৰিত্যাগ নকৰা। [QE]
11. [QS]যিহোৱা চিয়োনত আছে। [QE][QS]তোমালোকে যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা; [QE][QS]জাতিবোৰৰ মাজত তেওঁ কৰা কাৰ্যবোৰ ঘোষণা কৰা। [QE]
12. [QS]কিয়নো যিজনে ৰক্তপাতৰ প্রতিশোধ লয়, [QE][QS]ঈশ্বৰে তেওঁক পাহৰি নাযায়; [QE][QS]পীড়িতসকলৰ ক্রন্দন তেওঁ কেতিয়াও নাপাহৰে। [QE]
13. [QS]হে যিহোৱা, মোক কৃপা কৰা; [QE][QS]চোৱা, ঘিণাওঁতা সকলৰ দ্বাৰা মই কেনে উপদ্রৱ পাইছো। [QE][QS]মৃত্যুৰ দুৱাৰৰ পৰা মোক ৰক্ষা কৰা। [QE]
14. [QS]মই তোমাৰ প্রশংসা প্রচাৰ কৰিম; [QE][QS]চিয়োন জীয়াৰীৰ দুৱাৰত [QE][QS]তোমাৰ দ্বাৰা পোৱা উদ্ধাৰত মই আনন্দ কৰিম! [QE]
15. [QS]আন জাতিবোৰ নিজে খন্দা গাতত ডুবিল; [QE][QS]তেওঁলোকে লুকুৱাই পাতি থোৱা জালত তেওঁলোকৰেই ভৰি লাগিল। [QE]
16. [QS]ন্যায় বিচাৰ কৰি যিহোৱাই নিজৰ পৰিচয় দিলে; [QE][QS]তেওঁ দুষ্টবোৰক তেওঁলোকৰ হাতে কৰা কামৰ ফান্দত পেলায়। (হিগায়োন, চেলা)। [QE]
17. [QS]যি জাতিয়ে ঈশ্বৰক পাহৰি যায়, [QE][QS]তেনে দুষ্টবোৰৰ মৃত্যু হ’ব আৰু চিয়োললৈ (মৈদামলৈ) ঘূৰি যাব; [QE]
18. [QS]অভাৱীসকলক চিৰদিন পাহৰি যোৱা নহ’ব, [QE][QS]অসহায়সকলৰ আশা কেতিয়াও অসম্পূর্ণ হৈ নাথাকিব। [QE]
19. [QS]হে যিহোৱা, তুমি উঠা; [QE][QS]মানুহক তোমাৰ ওপৰত জয়ী হ’বলৈ নিদিবা; [QE][QS]তোমাৰ সন্মুখত আন জাতিবোৰৰ বিচাৰ হওঁক। [QE]
20. [QS]হে যিহোৱা, তেওঁলোকৰ মন আতঙ্কিত হওঁক; [QE][QS]আন জাতিবোৰে জানক যে, তেওঁলোক কেৱলমাত্র মানুহ। (চেলা)। [QE]