1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: গিত্তীৎ সুৰত গাবলগীয়া কোৰহৰ বংশৰ ৰচিত গীত। } [QS]হে বাহিনীসকলৰ যিহোৱা, তোমাৰ নিবাস গৃহ কেনে মনোৰম! [QE]
2. [QS]যিহোৱাৰ চোতাল কেইখনত সোমাবলৈ মোৰ প্রাণে আকুল হাবিয়াহ কৰিছে; অত্যন্ত উত্তেজিত হৈছে। [QE][QS]জীৱন্ত ঈশ্বৰৰ কাৰণে মোৰ দেহ আৰু মনে আনন্দ ধ্বনি কৰিছে। [QE]
3. [QS]হে বাহিনীসকলৰ যিহোৱা, মোৰ ৰজা আৰু মোৰ ঈশ্বৰ, তোমাৰ বেদীবোৰৰ ওচৰতে, [QE][QS]ঘৰ-চিৰিকা চৰায়ে নিজৰ অর্থে ঘৰ বিচাৰি পাইছে, [QE][QS]তেলটুপিয়েও তাইৰ পোৱালি ৰাখিবলৈ নিজৰ অর্থে বাঁহ বান্ধিছে। [QE]
4. [QS]ধন্য সেইসকল, যিসকলে তোমাৰ গৃহত বাস কৰিছে; [QE][QS]তেওঁলোকে নিতৌ তোমাৰ প্ৰশংসা কৰিছে। (চেলা) [QE]
5. [QS]ধন্য সেইসকল, যি সকলে তোমাতে শক্তি পাইছে, [QE][QS]যিসকলৰ অন্তৰত চিয়োনলৈ যোৱা ৰাজপথ আছে। [QE]
6. [QS]শুকান বাকা উপত্যকাৰ মাজেদি যাওঁতে তেওঁলোকে সেই ঠাইক জুৰিৰ ঠাই কৰি তোলে; [QE][QS]প্রথম বৰষুণে পুখুৰীবোৰ পানীৰে উপচাই দিয়ে। [QE]
7. [QS]যোৱাৰ পথত তেওঁলোকে শক্তিৰ উপৰি শক্তি পায়; [QE][QS]তেওঁলোক প্ৰত্যেকে চিয়োনত দেৱতাবোৰৰ ঈশ্বৰৰ সন্মুখত গৈ উপস্থিত হয়। [QE]
8. [QS]হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা; [QE][QS]হে যাকোবৰ ঈশ্বৰ, মোৰ কথা শুনা। (চেলা) [QE]
9. [QS]হে ঈশ্বৰ, আমাৰ ঢাললৈ তুমি দৃষ্টিপাত কৰা; [QE][QS]তোমাৰ এই অভিষিক্ত ৰজাৰ মুখলৈ চোৱা। [QE]
10. [QS]কিয়নো আন ঠাইত হাজাৰ দিন কটোৱাতকৈ তোমাৰ চোতালকেইখনত এদিন থকাই অধিক উত্তম; [QE][QS]দুষ্টতাৰ তম্বুত বাস কৰাতকৈ, বৰং মই ঈশ্বৰৰ গৃহৰ দুৱৰী হৈ থকাই অধিক উত্তম। [QE]
11. [QS]কিয়নো ঈশ্বৰ যিহোৱা সূৰ্য আৰু ঢাল স্বৰূপ; [QE][QS]তেওঁ অনুগ্ৰহ আৰু গৌৰৱ দান কৰে; [QE][QS]যিসকলে সৎ পথত চলে, তেওঁলোকক কোনো উত্তম বস্তু দিবলৈ তেওঁ অস্বীকাৰ নকৰে। [QE]
12. [QS]হে বাহিনীসকলৰ যিহোৱা, তোমাৰ ওপৰত নির্ভৰ কৰা লোক ধন্য। [QE]