1. {মচকীল নামে আচফৰ ৰচিত গীত। } [QS]হে ঈশ্বৰ, তুমি কিয় আমাক এইদৰে পৰিত্যাগ কৰিলা? [QE][QS]তোমাৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ জাকৰ বিৰুদ্ধে তোমাৰ ক্ৰোধাগ্নি কিয় জ্বলিছে? [QE]
2. [QS]তুমি পূৰ্বতে মুক্ত কৰা লোকসকলৰ উদ্দেশ্যে [QE][QS]তোমাৰ অধিকাৰৰ ফৈদ হ’বলৈ ক্রয় কৰা; [QE][QS]আৰু তুমি নিবাস কৰা চিয়োন পৰ্ব্বতক সোঁৱৰণ কৰা। [QE]
3. [QS]তুমি চিৰকালৰ এই ধ্বংস-স্তূপৰ ঠাইলৈ আগবাঢ়ি আহি চোৱা; [QE][QS]পবিত্র স্থানত শত্রুৱে সকলোবোৰ ভাঙি-চিঙি চূৰ-মাৰ কৰিলে। [QE]
4. [QS]তোমাৰ বিৰোধকাৰীয়ে তোমাৰ পবিত্র স্থানৰ মাজত গৰ্জ্জন কৰিছে; [QE][QS]তেওঁলোকে তাত যুদ্ধৰ পতাকা সংস্থাপন কৰিছে। [QE]
5. [QS]ভাব হয় যেন তেওঁলোকে জাৰণিৰ গছবোৰৰ অহিতে কুঠাৰ চলাইছিল। [QE]
6. [QS]তেওঁলোকে নক্সা কটা[* নক্সা কটা খোদিত কৰা ] আটাই কাঠবোৰ থেতাঁলি ভাঙিছে; [QE][QS]কুঠাৰ আৰু হাতুৰীৰে একেবাৰে ভাঙি পেলাইছে। [QE]
7. [QS]তেওঁলোকে তোমাৰ পবিত্র স্থানত জুই লগাই দিছে; [QE][QS]তোমাৰ নামৰ নিবাসক মাটিত মিলাই অপবিত্ৰ কৰিলে। [QE]
8. [QS]তেওঁলোকে নিজৰ মনতে কলে, “আমি সকলোকে একেবাৰে ধ্বংস কৰোঁ।” [QE][QS]তেওঁলোকে মাটিৰ ওপৰত থকা ঈশ্বৰৰ সকলো সভা গৃহ পুৰি ভস্ম কৰিলে। [QE]
9. [QS]আমি কোনো আলৌকিক চিহ্ন ঈশ্বৰৰ পৰা দেখা পোৱা নাই, [QE][QS]তাত কোনো ভাববাদীও নাই; [QE][QS]কিমান কাললৈকে আৰু এইদৰে হৈ থাকিব, তাক জানোতাও আমাৰ ইয়াত কোনো নাই। [QE]
10. [QS]হে ঈশ্বৰ, শত্রুৱেনো আৰু কিমান কাললৈ তোমাক নিন্দা কৰি থাকিব? [QE][QS]বিৰোধীতা কৰা সকলে চিৰকাললৈকে তোমাৰ নাম তিৰস্কাৰ কৰি থাকিব নে? [QE]
11. [QS]তুমি কিয় তোমাৰ হাতখন, সেই তোমাৰ সোঁ হাতখন কোঁচাই ৰাখিছা? [QE][QS]তুমি পিন্ধি থকা বস্ত্রৰ পৰা সোহাঁত খন উলিওৱা আৰু তেওঁলোকক ধ্বংস কৰা। [QE]
12. [QS]তথাপিও ঈশ্বৰ পূৰ্বকালৰে পৰা মোৰ ৰজা; [QE][QS]তেওঁ পৃথিবীৰ মাজত পৰিত্ৰাণৰ কার্য কৰিছে। [QE]
13. [QS]তুমিয়েই নিজৰ শক্তিৰে সমুদ্ৰক দুভাগ কৰিছিলা; [QE][QS]তুমিয়েই সাগৰৰ পানীত থকা দৈত্যৰ মূৰ থেতাঁলি ভাঙিছিলা। [QE]
14. [QS]তুমিয়েই লিবিয়াথন জন্তুৰ মূৰ কেইটা গুড়ি কৰিছিলা; [QE][QS]তুমিয়েই তাক মৰুভূমিৰ জন্তুবোৰক[† মৰুভূমিৰ নিবাসীসকলৰ ] আহাৰৰ বাবে দিছিলা। [QE]
15. [QS]তুমিয়েই পৰিত্যক্ত অবস্থাত ভুমুক আৰু জুৰি বোৱাইছিলা; [QE][QS]সদায় বৈ থকা নদীকো শুকুৱাই দিছিলা। [QE]
16. [QS]দিন তোমাৰ, আৰু ৰাতিও তোমাৰেই; [QE][QS]তুমিয়েই চন্দ্ৰ আৰু সূৰ্যক নিজ নিজ স্থানত স্থাপন কৰিলা। [QE]
17. [QS]তুমিয়েই পৃথিবীৰ সকলো সীমা স্থাপন কৰিলা; [QE][QS]তুমিয়েই শীত আৰু গ্রীষ্ম কাল স্রজিলা। [QE]
18. [QS]হে যিহোৱা, তুমি পাহৰি নাযাবা শত্ৰুৱে যে তোমাক ঠাট্টা নিন্দা কৰিছে; [QE][QS]মূর্খ লোকবোৰে যে তোমাৰ নাম অনাদৰ কৰিছে। [QE]
19. [QS]তোমাৰ প্রিয় কপৌৰ প্ৰাণ বনৰীয়া জন্তুক শোধাই নিদিবা; [QE][QS]তোমাক অপদস্থ কৰা সকলৰ জীৱনৰ কথা চিৰকাললৈকে নাপাহৰিবা। [QE]
20. [QS]তোমাৰ ব্যৱস্থা নিয়মটিলৈ দৃষ্টি কৰা; [QE][QS]কিয়নো পৃথিৱীৰ অন্ধকাৰময় ঠাইবোৰ অত্যাচাৰীবিলাকৰ বাসস্থানৰে ভৰি পৰিছে। [QE]
21. [QS]উপদ্ৰৱ পোৱাবিলাক লাজ পাই উলটি নাহক; [QE][QS]দুখী-অভাবী লোকসকলে তোমাৰ নামৰ প্ৰশংসা কৰক। [QE]
22. [QS]হে ঈশ্বৰ, উঠা, তোমাৰ আত্ম-সন্মান ৰক্ষা কৰা; [QE][QS]মূর্খ ব্যক্তিয়ে ওৰে দিনটো তোমাক নিন্দা কৰিছে, তাক পাহৰি নাযাবা। [QE]
23. [QS]তোমাৰ শত্রুবোৰৰ মাত নাপাহৰিবা; [QE][QS]তোমাৰ অহিতে নিতৌ উঠা হুলস্থূল তুচ্ছ কৰা। [QE]