1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে অলতচহেৎ সুৰত গাবলগীয়া মিকটাম নামে দায়ুদৰ ৰচিত গীত। } [QS]তোমালোকে বাস্তৱিকতে ধৰ্মৰ কথা কবলগীয়া সময়ত নীৰৱ হৈ থকা নাই নে? [QE][QS]হে শাসকসকল[* তোমালোক দেৱতাবোৰৰ দৰে বোবা ], তোমালোকে জানো ন্যায় ভাৱে ন্যায় বিচাৰ কৰা? [QE]
2. [QS]বৰং তোমালোকৰ মনত অন্যায় আৰু দুষ্টতাৰ কার্য আছে; [QE][QS]তোমালোকে পৃথিবীত নিজ হাতৰ উপদ্ৰৱেৰে অপৰাধ কৰিছা। [QE]
3. [QS]দুষ্টবোৰ গৰ্ভত থকাৰে পৰা বিপথগামী; [QE][QS]তেওঁলোকে জন্ম হোৱা মাত্ৰে মিছা কথা কৈ বিপথগামী হয়। [QE]
4. [QS]সাপৰ বিষৰ নিচিনা তেওঁলোকৰ বিষ; [QE][QS]তেওঁলোক কলা কালসৰ্পৰ নিচিনাকৈ নিজ কাণ বন্ধ কৰি ৰাখিছে, [QE]
5. [QS]সেই সাপে যাদুকৰৰ মন্ত্ৰৰ স্বৰ নুশুনে, [QE][QS]কোনো অসুবিধা নহয় যিমানেই দক্ষতাপূর্ণ হলেও তেওঁলোক সেই সৰ্পৰ নিচিনা। [QE]
6. [QS]হে ঈশ্বৰ, তেওঁলোকৰ মুখৰ ভিতৰতেই দাঁত ভাঙিপেলোৱা; [QE][QS]হে যিহোৱা, ডেকা সিংহবোৰৰ প্রধান দাঁত ভাঙি বাহিৰ কৰা। [QE]
7. [QS]বেগাই বৈ যোৱা পানীৰ দৰে তেওঁলোক অদৃশ্য হওঁক; [QE][QS]যেতিয়া তেওঁলোকে ধনুৰ কাঁড় পোনাই, তেতিয়া সেই কাঁড়বোৰ আগ ছিগা যেন হওক। [QE]
8. [QS]শামুকৰ গতিৰ নিচিনাকৈ তেওঁলোক অদৃশ্য হওক, [QE][QS]সুৰ্য্য দেখিবলৈ নোপোৱা, মহিলাৰ অসময়ত ওপজা সন্তানৰ নিচিনা হওক। [QE]
9. [QS]তোমালোকৰ পাত্রবোৰত কাঁইট খৰিৰ জুইৰ তাপ নাপাওঁতেই, [QE][QS]তেওঁ সেইবোৰক ঘূর্ণি বতাহেৰে উড়াই নিব। [QE]
10. [QS]ঈশ্বৰে যেতিয়া তেওঁলোকৰ ওপৰত প্রতিশোধ লোৱা ধাৰ্মিক লোকে দেখিব, [QE][QS]তেতিয়া তাকে দেখি তেওঁলোকে আনন্দ কৰিব। [QE][QS]তেওঁ নিজৰ ভৰি দুষ্টৰ তেজেৰে ধুব। [QE]
11. [QS]তাকে দেখি লোকসকলে ক’ব, “সচাঁকৈয়ে ধাৰ্মিক জনে পুৰস্কাৰ পাব; [QE][QS]বাস্তৱিক পৃথিবীত বিচাৰ কৰিবলৈ ঈশ্বৰ আছে।” [QE]