1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ সন্তান সকলৰ ৰচিত গীত। } [QS]হে সমুদায় জাতি, তোমালোকে এইকথা শুনা; [QE][QS]হে জগত-নিবাসী, কাণ পাতা। [QE]
2. [QS]উচ্চ-নীচ, ধনী-দুখীয়া সকলোৱে শুনা। [QE]
3. [QS]মোৰ মুখে জ্ঞানৰ কথা কব; [QE][QS]মোৰ অন্তৰৰ গভীৰ চিন্তা সুবুদ্ধিদায়ক। [QE]
4. [QS]মই শিক্ষাযুক্ত দৃষ্টান্তবোৰলৈ মনোযোগ দিম; [QE][QS]বীণাৰে সৈতে গীত গাই তাৰ গভীৰ বিষয়ে ব্যাখ্যা কৰিম। [QE]
5. [QS]মোৰ তাড়নাকাৰীবোৰৰ অপৰাধে যেতিয়া মোক বেৰি ধৰে, [QE][QS]সেই সঙ্কটৰ কালত মই কিয় ভয় কৰি থাকিম? [QE]
6. [QS]সেই সকল হৈছে দুষ্ট লোক, যিসকলে ধন-সম্পত্তিত ভাৰসা কৰে আৰু প্রচুৰ ধনৰ বাবে অহংকাৰ কৰে। [QE]
7. [QS]কোনেও কাকো কোনো প্রকাৰে নিজক[* নিজ ভাইক ] মৃত্যুৰ পৰা মুক্ত কৰিব নোৱাৰে। [QE][QS]নাইবা কোনেও মুক্তিৰ কাৰণে ঈশ্বৰক অধিক একো দিব নোৱাৰে, [QE][QS]যাতে মানুহ চিৰকাল জীয়াই থাকিব পাৰে। [QE]
8. [QS]কাৰণ মানুহৰ জীৱনৰ প্রায়শ্চিত্তৰ মূল্য অধিক; [QE][QS]মানুহে কেতিয়াও তাৰ পর্যাপ্ত মূল্য দিব নোৱাৰে, [QE]
9. [QS]যাতে তেওঁ সদায় জীয়াই থাকিব পাৰিব আৰু কেতিয়াও মৈদামৰ গাতলৈ নাযাব। [QE]
10. [QS]আমি দেখা পাওঁ যে জ্ঞানী লোকৰো মৃত্যু হয়; [QE][QS]নির্বোধ আৰু বিবেকহীন লোকৰ দৰেই [QE][QS]তেওঁলোক বিনষ্ট হয়। [QE][QS]তেওঁলোকে নিজৰ ধন-সম্পদ আনৰ কাৰণে এৰি থৈ যায়। [QE]
11. [QS]তেওঁলোকৰ মৈদাম[† মনোভাৱ ], তেওঁলোকৰ ঘৰ-বাৰী চিৰস্থায়ী, [QE][QS]তেওঁলোকৰ আবাসবোৰ পুৰুষানুক্ৰমে থাকিব, [QE][QS]সেয়ে নিজৰ নামেৰেই তেওঁলোকে মাটিৰ নাম দিয়ে। [QE]
12. [QS]কিন্তু মানুহ ঐশ্বর্যশালী হ’লেও, চিৰস্থায়ী নহয়; [QE][QS]তেওঁলোক পশুবোৰৰ দৰেই বিনষ্ট হৈ যাব। [QE]
13. [QS]যিসকলে নিজৰ প্রাচুর্যতাত ভাৰসা কৰে, [QE][QS]আৰু তেওঁলোকৰ পাছত যিসকল লোকে তেওঁলোকৰ কথাত হয়ভৰ দি চলে, [QE][QS]সেই হঠকাৰীসকলৰ দশাও তেনেকুৱা হ’ব। (চেলা) [QE]
14. [QS]তেওঁলোক চিয়োলৰ কাৰণে নিযুক্ত হোৱা মেৰ-ছাগৰ জাক স্বৰূপ; [QE][QS]মৃত্যুয়েই তেওঁলোকৰ ৰখীয়া হ’ব; [QE][QS]তেওঁলোক চিয়োললৈ নামি যাব[‡ বা, ঈশ্বৰ-ভক্তসকলে ৰাতিপুৱাই তেওঁলোকৰ ওপৰত কর্তৃত্ব কৰিব; ]। [QE][QS]তেওঁলোকৰ ৰূপ চিয়োলত নষ্ট হ’ব; [QE][QS]তেওঁলোকৰ বাসস্থান বুলি একো নাথাকিব। [QE]
15. [QS]কিন্তু চিয়োলৰ হাতৰ পৰা ঈশ্বৰে মুক্তিৰ মূল্য দি মোৰ প্ৰাণ মুক্ত কৰিব; [QE][QS]মোক তেওঁৰ নিজৰ ওচৰত গ্ৰহণ কৰি ল’ব। (চেলা)। [QE]
16. [QS]যেতিয়া কোনো মানুহ ধনী হয়, ভয় নাখাবা; [QE][QS]তেওঁৰ পৰিয়ালৰ গৌৰৱ[§ ধন-সম্পদ ] যেতিয়া বৃদ্ধি পায়, তুমি ভয় নকৰিবা। [QE]
17. [QS]কিয়নো তেওঁলোকে মৰণৰ কালত একোকে লৈ নাযাব; [QE][QS]তেওঁলোকৰ ধন-সম্পদ তেওঁলোকৰ লগত নামি নাযাব। [QE]
18. [QS]যদিও জীৱন কালত তেওঁলোকে নিজক সুখী বুলি ভাৱে, [QE][QS]কিয়নো তোমালোকৰ নিজৰ ভাল অৱস্থা হ’লে, মানুহে তোমালোকক সুখী বুলি প্ৰশংসা কৰে; [QE]
19. [QS]তথাপিও নিজৰ পূর্বপুৰুষসকলৰ ওচৰলৈ তেওঁলোক যাবই লাগিব, [QE][QS]যিসকলে পুনৰ কেতিয়াও পোহৰ দেখিবলৈ নাপাব। [QE]
20. [QS]কিন্তু মানুহ ঐশ্বর্যশালী হ’লেও চিৰস্থায়ী নহয়; [QE][QS]তেওঁলোক পশুবোৰৰ দৰেই বিনষ্ট হৈ যাব। [QE]